ভক্তি চালক
মায়ানগৰী মুম্বাইৰ এক সংকীর্ণ আৰু জনবহুল অঞ্চল হৈছে মুম্ব্ৰা। এই অঞ্চলটোৰ যুৱতী ছাবা খানে সমাজ সংস্কাৰৰ বাবে এক সাহসী আৰু ব্যতিক্ৰমী পথ বাছি লৈছে। এগৰাকী সমাজকৰ্মী আৰু পাৰ্চাম (Parcham) নামৰ এক এনজিঅ'ৰ সহ-প্ৰতিষ্ঠাপক হিচাপে তেওঁ যুৱতীসকলক সৱল কৰিবলৈ ফুটবলক এটা অভিনৱ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে।
যি ঠাইত খেলৰ সৈতে জড়িত ছোৱালীবোৰক বেয়া বুলি গণ্য কৰা হৈছিল, সেই ঠাইতে ছাবাহে আত্মবিশ্বাস, শক্তি আৰু সমতা গঢ়ি তোলাৰ সুযোগ দেখিছিল। কিন্তু তেওঁৰ এই যাত্ৰা প্ৰত্যাহ্বানেৰে ভৰি আছিল। এই সকলো বাধা নেওচি মুম্বাইৰ ছাবাহ খানৰ এন জি অ' পাৰ্চাম-এ ফুটবলৰ জৰিয়তে ছোৱালীসকলক শক্তিশালী কৰি তোলে, কুসংস্কাৰক প্ৰত্যাহ্বান জনায় আৰু আত্মবিশ্বাস গঢ়ি তোলে।
প্ৰায় ৫০ বছৰ বয়সত তেওঁ লিংগ সমতা আৰু ধৰ্মীয় সম্প্ৰীতিৰ প্ৰচাৰ কৰিছে আৰু শিক্ষা আৰু অৰ্থনৈতিক বিকাশক সমৰ্থন কৰিবলৈ সাৱিত্ৰী-ফাতিমা ফাউণ্ডেচন মুকলি কৰে। ছাবাহৰ পৰিৱৰ্তনশীল কামে মুম্ব্ৰা অঞ্চলৰ যুৱক-যুৱতীসকলক নিজকে আৱিষ্কাৰৰ এক জীৱন্ত পথ আগবঢ়ায়।
মহিলা ফুটবলাৰসকলৰ সৈতে ছাবাহ খান
মানুহে প্ৰশ্ন কৰিছিল যে, ছোৱালীবোৰে কিয় ফুটবল খেলিব লাগে। প্ৰশিক্ষণৰ বাবে নিৰাপদ স্থানৰ সন্ধান কৰাটো আন এক ডাঙৰ সমস্যা আছিল। "মুম্ব্ৰাৰ মহিলাসকলৰ আস্থা মই ইতিমধ্যে লাভ কৰিছিলো", ছাবাহে কয়। সেই বিশ্বাসেই তেওঁৰ শক্তি আৰু পৰিৱৰ্তনৰ আৰম্ভণি বিন্দু হৈ পৰিছিল। পাৰ্চাম নামৰ এনজিঅ'টোৰ জৰিয়তে তেওঁ ফুটবলক কেৱল এক খেলতকৈ অধিক কৰি তুলিলে।
সংকল্প আৰু আন্তৰিকতাৰে ছাবাহ খানে ঘৰে ঘৰে গৈ পৰিয়ালসমূহৰ সৈতে কথা পাতি ধৈৰ্যসহকাৰে বুজাইছিল যে, কেনেকৈ ফুটবলে তেওঁলোকৰ কন্যাসকলৰ বাবে নতুন সুযোগ আনিব পাৰে। তেওঁৰ প্ৰচেষ্টাই লাহে লাহে ফল লাভ কৰিবলৈ ধৰিলে। অৱশেষত ছোৱালীসকলৰ এটা ফুটবল দল গঠন কৰা হয়। কিন্তু তাৰ পাছতে তেওঁৰ সন্মুখলৈ আন এক প্ৰত্যাহ্বান আহিছিল - তেওঁলোকে মুক্ত আৰু নিৰাপদে অনুশীলন কৰিব পৰা এখন খেলপথাৰ বিচাৰি পোৱা নাছিল। এতিয়া প্ৰায় পঞ্চাশ বছৰ বয়সত ছাবাহৰ কাম ফুটবল খেলপথাৰৰ বাহিৰলৈও বিস্তৃত হৈ আছে।
তেওঁৰ লক্ষ্যৰ ভিতৰত আছে লিংগ সমতা, শিক্ষা আৰু সম্প্ৰদায়ৰ মাজত সম্প্ৰীতি গঢ়ি তোলা। তেওঁৰ এই কাহিনীয়ে সমগ্ৰ মুম্বাইৰ যুৱক-যুৱতীসকলক, বিশেষকৈ যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সমাজে দিয়া সীমাবদ্ধতাক অতিক্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে।
পাৰ্চামৰ ফুটবল দলৰ ছোৱালী খেলুৱৈসকল
উল্লেখ্য যে, মদনপুৰাত এটা প্ৰগতিশীল মুছলমান পৰিয়ালত ছাবাহৰ জন্ম হৈছিল আৰু মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল মুম্ব্ৰাত তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ মাতৃ এগৰাকী শিক্ষক আৰু পিতৃ ৰেল বিভাগত কৰ্মৰত আছিল। পিতৃ-মাতৃ দুয়োগৰাকীয়ে শিক্ষাৰ প্ৰতি দৃঢ় বিশ্বাসী আছিল, আৰু নিশ্চিত কৰিছিল যে, ছাবাহ আৰু তেওঁৰ তিনিজন ভাই-ভনীয়ে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ শিক্ষা লাভ কৰিব।
শিক্ষাৰ ওপৰত পৰিয়ালৰ এই মনোযোগে ছাবাহৰ ভৱিষ্যতক গঢ় দিছিল। তেওঁ স্নাতক ডিগ্ৰী অৰ্জন কৰিবলৈ অৰ্থনীতিত অধ্যয়ন কৰে আৰু পিছত টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ পৰা ছ'চিয়েল ৱৰ্কত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। এই পদক্ষেপে তেওঁক সামাজিক পৰিৱৰ্তন আৰু সৱলীকৰণৰ বাবে উৎসৰ্গিত এক জীৱনৰ বাবে প্ৰস্তুত কৰে।
মহিলাসকলক সবলীকৰণৰ তেওঁৰ যাত্ৰা প্ৰকৃততে মুম্ব্ৰাত আৰম্ভ হৈছিল, য'ত তেওঁ স্থানীয় সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ২০১২ চনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট আহিছিল, যেতিয়া তেওঁ মেজিক বাছ নামৰ এন জি অ'ৰ সৈতে সহযোগিতা কৰি ছোৱালীৰ বাবে ফুটবল প্ৰশিক্ষণ আগবঢ়াইছিল। যুৱতীসকলৰ মাজত উত্তেজনা দেখি তেওঁ পৰৱৰ্তী ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে আৰু ২০১৩ চনত পাৰ্চামক আনুষ্ঠানিকভাৱে এনজিঅ' হিচাপে পঞ্জীয়ন কৰে।
দলৰ এজন সদস্যক সহায় কৰি থকা অৱস্থাত ছাবাহ খান
"মেজিক বাছৰ এজন বন্ধুৱে আমাক ফুটবল প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ পৰামৰ্শ দিছিল। যেতিয়া মই ছোৱালীৰ সৈতে কথা পাতিলো, তেতিয়া তেওঁলোকেও ইয়াৰ অংশ হ'বলৈ উৎফুল্লিত হ'ল। অধিক খেলুৱৈ আনিবলৈ আমি ওচৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত পত্ৰিকা বিতৰণ কৰিছিলো। কিন্তু নিয়মীয়াকৈ অনুশীলন কৰিবৰ বাবে এখন খেলপথাৰ বিচাৰি পোৱাটো আমাৰ বাবে সহজ নাছিল। সেয়ে ছোৱালীবোৰে প্ৰায়ে ল'ৰাৰ সৈতে খেলিব লগা হৈছিল, যি তেওঁলোকৰ প্ৰশিক্ষণ আৰু সন্তুষ্টি সীমিত কৰিছিল। সেয়ে মই এটা স্বাক্ষৰ অভিযান আৰম্ভ কৰি কেৱল ছোৱালীৰ বাবে পৃথক মাটি বিচাৰিবলৈ আৰম্ভ কৰো।"-ছাবাহে কয়।
ইয়াৰ প্ৰতিক্ৰিয়া অত্যন্ত শক্তিশালী আছিল আৰু মুম্ব্ৰাৰ প্ৰায় ১,০০০ মহিলাই এই আবেদনত স্বাক্ষৰ কৰিছিল। "আমি বিধায়ক জিতেন্দ্ৰ আৱাডৰ ওচৰত আবেদন দাখিল কৰিছিলো। তেওঁ সহায় কৰিলে, আৰু আমাক উপায়ুক্ত আচিম গুপ্তাৰ সৈতে এক বৈঠকত মিলিত হোৱাত সহায় কৰিলে। সেই সাক্ষাৎকাৰটোৱে এক পৰিৱৰ্তন আনিছিল। আমাৰ প্ৰয়োজনীয়তা বুজি পাই আয়ুক্তগৰাকীয়ে কেৱল ছোৱালীৰ বাবে এখন খেলপথাৰ আৱণ্টন কৰে, যিটো পাৰ্চামৰ বাবে এক ডাঙৰ বিজয় আৰু অঞ্চলটোৰ মহিলাসকলৰ ক্ৰীড়াৰ বাবে এক ডাঙৰ পদক্ষেপ।"-ছাবাহে জানিবলৈ দিয়ে।
অভিভাৱকসকলৰ উদ্বেগ লাঘৱ কৰিবলৈ ছাবাহে ফুটবল প্ৰশিক্ষণৰ সৈতে ইংৰাজী শ্ৰেণীৰ প্ৰৱৰ্তন কৰে। এই চিন্তাশীল পদক্ষেপে পৰিয়ালসমূহক আশ্বস্ত কৰিলে আৰু বহুতে শীঘ্ৰে তেওঁলোকৰ কন্যাসকলক ক্ৰীড়াত জড়িত হ'বলৈ সক্ৰিয়ভাৱে সমৰ্থন কৰিবলৈ ধৰিলে। ভাৰতৰ দৰে পুৰুষ প্ৰধান সমাজত, বিশেষকৈ ৰক্ষণশীল সমাজত মহিলাসকলে খেলা-ধূলাত প্ৰায়ে প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হয়। ছাবাহে এই প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল।
পাৰ্চামৰ স্বেচ্ছাসেৱকৰ সৈতে ছাবাহ খান
তেওঁ এই সংগ্ৰামসমূহ নিজৰ গ্ৰন্থ 'ফুটবলাৰ্চ অৱ পাৰ্চাম' (Footballers of Parcham)ত লিপিবদ্ধ কৰিছে। এই গ্ৰন্থত ১২ গৰাকী হিন্দু আৰু মুছলমান ছোৱালীৰ প্ৰকৃত কাহিনী কোৱা হৈছে, যিয়ে ফুটবল খেলিবলৈ সামাজিক নিয়ম ভংগ কৰিছে। তেওঁলোকৰ এই যাত্ৰা সাহস আৰু দৃঢ়তাৰ এক শক্তিশালী উদাহৰণ।
পিতৃ-মাতৃসকলৰ মাজত এটা সাধাৰণ চিন্তাৰ বিষয় আছিল ক্ৰীড়াৰ সাজ-পোচাক। বহুতো পৰিয়ালে ছোৱালীবোৰে চৰ্টছ পৰিধান কৰাত অস্বস্তি অনুভৱ কৰিছিল বুলি ছাবাহে কয়। "কিন্তু আমি কেতিয়াও কোনো নিৰ্দিষ্ট কাপোৰ পিন্ধিবলৈ বাধ্য কৰা নাছিলোঁ। তেওঁলোকে হিজাব পিন্ধে বা পৰম্পৰাগত পোছাক পিন্ধে, গুৰুত্বপূৰ্ণ কথাটো আছিল তেওঁলোকৰ মাজত থকা আগ্ৰহ।"-ছাবাহে কয়।
কেৱল ক্ৰীড়াই সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰে বুলি জানি ছাবাহে যুৱক-যুৱতীসকলক সম্পূৰ্ণভাৱে সমৰ্থন কৰিবলৈ জীৱন দক্ষতা (Life Skill) কাৰ্যসূচী প্ৰৱৰ্তন কৰে। ইয়াৰ ভিতৰত আছে কম্পিউটাৰৰ জ্ঞান, ৰাজহুৱা ভাষণ আৰু নাগৰিক শিক্ষা। তেওঁ কয় যে, মুম্ব্ৰাত দৰিদ্ৰতাৰ বাবে ভাল শিক্ষাৰ প্ৰৱেশ সীমাবদ্ধ। সেইবাবেই পাৰ্চামে এনে শিক্ষা দিয়ে যিবোৰ বিদ্যালয়ত প্ৰায়ে বাদ দিয়া হয়। আমি আত্মবিশ্বাসী, সক্ষম যুৱক-যুৱতীসকলক গঠন কৰিব বিচাৰো যি নেতৃত্ব দিবলৈ সাজু।
ছাবাহৰ মুম্ব্ৰা ছোৱালী ফুটবল দল
ছাবাহৰ কাম ইয়াতে শেষ নহয়। তেওঁ সাৱিত্ৰী-ফাতিমা ফাউণ্ডেচনৰ জৰিয়তে মহিলাসকলৰ সৱলীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এটা বিশেষ প্ৰকল্প হ'ল গুফটাগু, এক নিৰাপদ আৰু আদৰণীয় স্থান য'ত মহিলাসকলে আৰাম কৰিব পাৰে, যোগাযোগ কৰিব পাৰে আৰু কিতাপ, খেল আৰু মনোৰঞ্জন উপভোগ কৰিব পাৰে। ছাবাহৰ সকলো কাম এটা লক্ষ্যৰদ্বাৰা পৰিচালিত হয়। তেওঁ মানুহক, বিশেষকৈ ছোৱালী আৰু মহিলাসকলক সন্মান, স্বাধীনতা আৰু উদ্দেশ্যৰ সৈতে জীয়াই থকাৰ বাবে আত্মবিশ্বাস আৰু সা-সুবিধা প্ৰদান কৰে।
"গুফটাগু মোৰ দ্বিতীয় ঘৰ সদৃশ। ইয়াত মহিলাসকলৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে আৰু মহিলাসকলে একেলগে থাকি শক্তি লাভ কৰে। সাবিত্ৰী-ফাতিমা ফাউণ্ডেচনে মহিলাসকলক আৰ্থিকভাৱে স্বতন্ত্ৰ হ'বলৈও সহায় কৰে। বহু মুছলমান মহিলাই, যিসকলক ঘৰৰ বাহিৰত কাম কৰাৰ অনুমতি দিয়া নহয়, তেওঁলোকক মেহেন্দি (হেনা) কলা, চিলাই আৰু বেগ নিৰ্মাণৰ দৰে দক্ষতাৰ প্ৰশিক্ষণ দিয়া হয়," ছাবাহে কয়।
আনকি তেওঁলোকে নিৰ্মান কৰা সামগ্ৰীসমূহ টাটা ইনষ্টিটিউটৰ ষ্টলত বিক্ৰী হৈছে আৰু মাত্ৰ দুদিনতে তেওঁলোকে ₹২২,০০০ উপাৰ্জন কৰিছে। আজি মুম্ব্ৰাৰ ছোৱালীবোৰৰ কিছুমানে হিজাব পিন্ধি,কিছুমানে পৰম্পৰাগত সাজ-পোছাক পিন্ধি ফুটবল খেলপথাৰত আত্মবিশ্বাসেৰে খেলে। যিয়ে প্ৰমাণ কৰিছে যে, উচ্চাকাংক্ষা আৰু সংস্কৃতিৰ সহাৱস্থান সম্ভৱ। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, যুৱক-যুৱতীসকলেও পাৰ্চামৰ আন্দোলনত যোগদান কৰিছে আৰু ছাবাহৰ সৈতে কাম কৰি অধিক সমান, সৰ্বাংগীন সম্প্ৰদায় গঢ়ি তুলিছে।