ফজল পাঠান
আমাৰ সমাজত খুব কম সংখ্যক লোকেহে গোটেই জীৱনটো এটা কামত উৎসৰ্গা কৰিব পাৰে। তেনেকুৱা এগৰাকী ব্যক্তি হৈছে ছাকিব গ'ৰে। তেওঁ লাখ লাখ দৃষ্টিশক্তিহীন লোকক সহায় কৰি তেওঁলোকৰ জীৱন আলোকিত কৰা অভিযানত গোটেই জীৱন উৎসৰ্গা কৰিছে।
মহাৰাষ্ট্ৰৰ বদলাপুৰৰ ছাকিবে ২.৬ নিযুততকৈও অধিক লোকক চকু পৰীক্ষা কৰোৱাত সহায় কৰিছে, ১.৭ নিযুত বিনামূলীয়া চশমা বিতৰণ কৰিছে আৰু ৬৩,০০০ ৰো অধিক বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰ সম্ভৱ কৰি তুলিছে। এই প্ৰচেষ্টাসমূহে সহস্ৰাধিক লোকৰ জীৱন সলনি কৰি দিছে যিসকলে চকু চিকিৎসাৰ সাধাৰণ খৰচকণো বহন কৰিব পৰা নাছিল। তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল এক অতি ব্যক্তিগত আৰু আৱেগিক মুহূৰ্তৰ সৈতে। ছাকিবে এদিন তেওঁৰ মাতৃৰ সৈতে আইতাক জোহৰাক লগ কৰিবলৈ যোৱা কথা মনত পেলায়।
কেটাৰেক্ট চিকিৎসা কৰা ৰোগীৰ বেণ্ডেজ আঁতৰোৱাৰ সময়ত ৰোগীৰ সৈতে ছাকিব গ'ৰে
ছাকিবে মৃদুস্বৰে কয়, "তেওঁ সেইদিনাই মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ মুখত এটা হাঁহি আছিল। জোহৰা ৩৫ বছৰ ধৰি অন্ধ হৈ আছিল। তেওঁ এগৰাকী সন্মানীয় মহিলা আছিল। তেওঁৰ অন্ধতা আৰু তেওঁক সহায় কৰিব নোৱাৰা নিৰুপায় অৱস্থাই মোক ভিতৰৰ পৰা খুৱ দুখ দিছিল। তেতিয়াই মই সিদ্ধান্ত লৈছিলো যে মই দৃষ্টিশক্তিহীন লোকসকলক জীয়াই থকা দিনকেইটা সহায় কৰিব বিচাৰো।"
উল্লেখ্য যে, বহল হৃদয়ৰ ব্যক্তি ছাকিব গ'ৰে সপ্তম শ্ৰেণীলৈকেহে পঢ়া-শুনা কৰিছিল। তেওঁ ট্ৰাক ক্লিনাৰ আৰু পোৰ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। সৰু কালতে তেওঁ দেখিছিল যে দৃষ্টিহীন লোকসকলৰ বাবে জীৱন-যাপন কৰাটো কিমান কষ্টকৰ। যেতিয়া তেওঁৰ আৰ্থিক অৱস্থা উন্নত হ'ল, ছাকিবে তেওঁলোকক সহায় কৰাৰ সিদ্ধান্ত ল'লে।
১৯৯২ চনত তেওঁ নিজৰ প্ৰথম চকু পৰীক্ষা শিবিৰ আয়োজন কৰে। তেওঁ ১০ টকাত চশমা আগবঢ়াইছিল, কিন্তু শীঘ্ৰেই উপলব্ধি কৰিছিল যে বহুতো দৰিদ্ৰ গাঁওবাসীৰ বাবে এই সামান্য পৰিমাণটোও বহুত বেছি। তেওঁ কয়, "এটা কথা স্পষ্ট হৈ পৰিল যে খৰচেই আছিল প্ৰধান বাধা।"
মহাৰাষ্ট্ৰৰ গ্ৰাম্য অঞ্চলত পুৰুষ-মহিলাৰ সৈতে ছাকিব গ'ৰে
সেয়ে কেইদিনমানৰ পাছতে তেওঁ আন এটা শিবিৰ আয়োজন কৰে, এইবাৰ তেওঁ বিনামূলীয়াকৈ চছমা প্ৰদান কৰে। ফলাফলটো আছিল আশ্চৰ্যকৰ: ২৭৫ জন ব্যক্তিয়ে চশমা লাভ কৰিছিল, আৰু তেওঁলোকৰ বহুতেই বহু বছৰৰ পিছত স্পষ্টকৈ দেখিবলৈ সক্ষম হৈছিল।
"সেই শিবিৰটো মোৰ বাবে এক ডাঙৰ পৰিৱৰ্তন হৈ পৰিল। ইয়াৰ পিছতে মই ভিজন ফ্ৰেণ্ড ছাকিব গ'ৰ (Vision Friend Sakib Gore) নামৰ সংগঠনটো গঠন কৰো। আজি এই সংগঠনটোৱে থানে, পালঘৰ আৰু ৰায়গড় জিলাৰ ১৭৫০খন গাঁৱত কাম কৰি দৰিদ্ৰ আৰু অভাৱী লোকসকলৰ বাবে বিনামূলীয়া চকু চিকিৎসা প্ৰদান কৰে। এই যাত্ৰা চকুৰ সাধাৰণ পৰীক্ষা-নিৰীক্ষাৰ পৰা আৰম্ভ হৈছিল, কিন্তু এতিয়া ই বহু ডাঙৰ হৈছে", ছাকিব গ'ৰে কয়।
আজি তেওঁৰ সংগঠনে কেৱল চকু পৰীক্ষা কৰাই নহয়, কেটাৰেক্ট ৰোগীসকলক চিনাক্ত কৰে, তেওঁলোকক চিকিৎসালয়লৈ লৈ যায় আৰু অস্ত্ৰোপচাৰৰ আগত, অস্ত্ৰোপচাৰৰ সময়ত আৰু অস্ত্ৰোপচাৰৰ পিছত তেওঁলোকক সহায় কৰে। ৰোগীসকলৰ পৰিবহণ, খাদ্য, থকা-খোৱাৰ ব্যৱস্থা আৰু ঔষধ-পাতিও বিনামূলীয়াকৈ প্ৰদান কৰা হয়। "আমাৰ বাবে শ্ৰেষ্ঠ মুহূৰ্তটো হৈছে যেতিয়া তেওঁলোকৰ চকুৰ পৰা বেণ্ডেজ আঁতৰ কৰা হয় আৰু তেওঁলোকে পৃথিৱীখন পুনৰ দেখা পায়", ছাকিবে কয়। তেওঁলোকৰ কান্দোন, তেওঁলোকৰ আলিঙ্গন মোৰ বাবে প্ৰকৃত পুৰস্কাৰ।"-ছাকিবে কয়।
জনজাতীয় অঞ্চলৰ এগৰাকী মহিলাক এযোৰ চশমা উপহাৰ দিছে ছাকিব গ'ৰে
উল্লেখ্য যে, ভাৰতবৰ্ষত চকুৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক গুৰুতৰ সংকটৰ সন্মুখীন হৈছে। প্ৰতি বছৰে ২ মিলিয়নতকৈও অধিক নতুন কেটাৰেক্টৰ ঘটনা দেখিবলৈ পোৱা যায়। কিন্তু দুখৰ কথা যে ৬৩ শতাংশ ৰোগীৰ দৃষ্টিশক্তি নষ্ট হয়, কাৰণ চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰে। কেৱল কেটাৰেক্টেই ভাৰতত সকলো দৃষ্টিশক্তিৰ সমস্যাৰ ৮০%ৰ কাৰণ। সমগ্ৰ বিশ্বত ২.৫ বিলিয়ন লোকে দৃষ্টিশক্তিৰ সমস্যাত ভুগিছে আৰু ১.১ বিলিয়ন লোকে সাধাৰণ চশমা ব্যৱহাৰ কৰিব পৰা নাই। ভাৰতত আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল ব্যয়বহুলতাৰ বাবে বহু লোকে চকুৰ যত্ন ল'ব নোৱাৰে।
ছাকিব গ'ৰে কয়, "কেটাৰেক্টৰ চিকিৎসা অতি সহজ। কিন্তু ইয়াক উপেক্ষা কৰিলে, বিশেষকৈ গাঁওসমূহত, ই জীৱন ধ্বংস কৰিব পাৰে।" তেওঁৰ সংগঠনটোৱে গ্ৰামাঞ্চলৰ ঘৰবোৰত গৈ মানুহৰ সৈতে কথা পাতি তেওঁলোকৰ আস্থা অৰ্জন কৰে। প্ৰথম অৱস্থাত বহুতে ছাকিবৰ প্ৰস্তাব নাকচ কৰিছিল কিন্তু তেওঁলোকে হাৰ মনা নাছিল। এতিয়া ছাকিবৰ কঠোৰ পৰিশ্ৰমে সমগ্ৰ ভাৰত আৰু ইয়াৰ বাহিৰতো ভূয়সী প্ৰশংসা লাভ কৰিছে। ২০১৬ চনত মহাৰাষ্ট্ৰৰ তদানীন্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে ছাকিবৰ এটা চকুৰ শিবিৰ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰে আৰু তেওঁৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।
শেহতীয়াকৈ, বিশ্ব স্বাস্থ্য সংস্থা আৰু অন্ধত্ব প্ৰতিৰোধৰ বাবে আন্তৰ্জাতিক সংস্থাৰ দ্বাৰা আয়োজিত এখন সন্মিলনত বিশেষ অতিথি হিচাপে ছাকিবক নেপাললৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ মাত্ৰ ৩৩ টকাত চছমা তৈয়াৰ কৰাৰ ধাৰণাটোৱে বিশ্বক প্ৰভাৱিত কৰিছিল। তেওঁ এই চছমাৰ নাম দেৱাভাও (Devabhau) ৰাখিছিল, যাৰ অৰ্থ হ'ল 'ভগৱান-ভাতৃ'। এই নামটোৱে সকলোৰে প্ৰতি যত্ন, মৰ্যাদা আৰু প্ৰেমৰ তেওঁৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ১৪০ খন দেশৰ ৭০০ জন প্ৰতিনিধিৰ মাজত ছাকিব গ'ৰে লাভ কৰে চিষ্টেম লিডাৰ এৱাৰ্ড (System Leader Award)। এই সন্মান বিশ্বৰ মাত্ৰ এজন ব্যক্তিকহে প্ৰদান কৰা হয়। এইধৰণৰ বিশ্বব্যাপী স্বীকৃতি লাভ কৰাৰ পিছতো ছাকিব সদায় বিনম্ৰ হৈ থাকে।
কেটাৰেক্ট শিবিৰত ৰোগীৰ সৈতে ছাকিব গ'ৰে
তেওঁ কয়, "মই কোনো বিধায়ক হ'ব নিবিচাৰো বা ডাঙৰ ব্যৱসায়ো চলাব নিবিচাৰো। মই কেৱল যিমান পাৰি সিমান লোকক সহায় কৰিব বিচাৰো।" তেওঁৰ পৰৱৰ্তী লক্ষ্য হ'ল বদৰপুৰত এটা সামাজিক কেন্দ্ৰ নিৰ্মাণ কৰি চকুৰ যত্নৰ বিষয়ে সজাগতা সৃষ্টি কৰা। তেওঁ চৰকাৰৰ অন্ধত্ব প্ৰতিৰোধ কাৰ্যসূচীৰ সৈতেও হাত মিলোৱাৰ পৰিকল্পনা কৰিছে, যাতে ভাৰতৰ যিকোনো ঠাইৰ লোকে ফোন কৰি বিনামূলীয়াকৈ কেটাৰেক্ট অস্ত্ৰোপচাৰ কৰিব পাৰে।
চশমা সুলভ কৰি তোলাটোও তেওঁৰ প্ৰধান অগ্ৰাধিকাৰৰ বিষয়। "৪০ শতাংশ ভাৰতীয়ই চশমা পিন্ধে। কিন্তু বেছিভাগ লোকৰ বাবে সেইবোৰ অত্যধিক দামী। সেয়ে বদৰপুৰৰ ভিজন ফ্ৰেণ্ড চছমাৰ দোকানত আমি মাত্ৰ ৯ টকাৰ পৰা চছমা উপলব্ধ কৰাইছো। মোৰ সপোন হৈছে মানুহৰ চকুৰ চিকিৎসা সস্তা কৰি তোলা। তাৰ বাবে মই ব্যৱসায়িক দিশটো বৃদ্ধি কৰিব লাগিব যাতে আমি বিনামূলীয়াকৈ অধিক চশমা দিব পাৰো।" তেওঁ কয়।
ছাকিবৰ সুলভ মূল্যৰ চশমা ইতিমধ্যে অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, শ্ৰীলংকা, ব্ৰাজিল, কানাডা, দক্ষিণ আফ্ৰিকা, নেপাল আৰু ভূটানলৈ ৰপ্তানি কৰা হৈছে। ছাকিব গ'ৰে কেৱল অন্ধতাৰ বিৰুদ্ধে যুঁজ দি থকা নাই, তেওঁ আশা, সন্মান আৰু সুযোগৰো পুনৰুদ্ধাৰ কৰিছে। তিনি দশক এই কামৰ সৈতে জড়িত হৈ থকাৰ পিছতো তেওঁৰ আবেগ নাইকিয়া হোৱা নাই। তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰে যে এজন ব্যক্তিয়ে, সহানুভূতি আৰু সমৰ্পণৰ সৈতে, লাখ লাখ লোকৰ জীৱন আলোকিত কৰিব পাৰে।