আৱাজ দ্য ভইচ ব্যুৰ'
আৱাজ দ্য ভইচৰ “দ্য চেঞ্জমেকাৰ্ছ” ছিৰিজত এইবাৰ আপোনালোকে বিহাৰৰ দহজন অখ্যাত সমাজ সংস্কাৰকৰ প্ৰেৰণাদায়ক কাহিনী পঢ়িবলৈ পাব, যাৰ চৰ্চা হয়তো আপুনি কেতিয়াও শুনা নাই। এইবোৰ কেৱল এটা সাধাৰণ কাহিনী নহয়, এয়া হৈছে তৃণমূল পৰ্যায়ৰ ৰূপান্তৰৰ বাস্তৱ উদাহৰণ।
এই কাহিনীবোৰৰ নায়কসকল বৈচিত্ৰময়—কিছুমান সামাজিক কাম-কাজৰ সৈতে জড়িত, কিছুমানে শিক্ষা ব্যৱস্থাক নতুন ৰূপ দিছে আৰু আন কিছুমানে জীৱনৰ বিভিন্ন স্তৰত নিজৰ দক্ষতাৰে চিনাকি দিবলৈ সক্ষম হৈছে।
ইয়াৰ ভিতৰত এনে মহিলাও আছে যিয়ে নিজৰ কামৰ জৰিয়তে কেৱল সমাজখনক পথ প্ৰদৰ্শন কৰাই নহয়, নিজেও আদৰ্শ হৈ পৰিছে। সাহস, নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু সীমিত সা-সুবিধাৰে তেওঁলোকে সমাজলৈ বিভিন্ন স্তৰত পৰিৱৰ্তন আনিছে। এই তালিকাত আছে শিক্ষক, উদ্যোগী, সমাজকৰ্মী, পৰিৱৰ্তনৰ প্ৰচাৰক আদি। তেওঁলোকৰ কাহিনীয়ে আমাৰ বুকু গৌৰৱত উফন্দাই তোলে আৰু সোঁৱৰাই দিয়ে যে আপুনি সমাজ সেৱাৰ উদ্দেশ্য উপলব্ধি কৰিব পাৰে।
খুৰশ্বিদ আহমদ
খুৰশ্বিদ আহমদ
বিহাৰৰ সাংস্কৃতিক আত্মাক পুনৰুজ্জীৱিত কৰি পাটনাক সাহিত্য আৰু কলাৰ এক সজীৱ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাত খুৰশ্বিদ আহমেদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কাৱালী, কবিতা, সাহিত্য, চুফী সংগীতৰ দৰে পৰম্পৰাগত ৰূপসমূহক পুনৰ ৰাজহুৱা জীৱনলৈ আনি সতেজ শক্তি আৰু সমসাময়িক প্ৰাসংগিকতাৰ সৃষ্টি কৰিছে।
জাবিৰ আনছাৰী
সঠিক সময়ত সঠিক নিৰ্দেশনাই এটা জীৱনক গভীৰভাৱে গঢ় দিব পাৰে। সাধাৰণ পৰিয়ালৰ পৰা অহা জাবিৰ আনছাৰীয়ে নিজৰ অটল নিষ্ঠাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে। জামুই জিলাৰ নক্সাল প্ৰভাৱিত ঝাঝা ব্লকৰ টুম্বা পাহাড় গাঁৱৰ পৰা অহা জাবিৰ আনছাৰীয়ে মাৰ্চিয়েল আৰ্টছত একাধিক সোণৰ পদক লাভ কৰিছে আৰু যুদ্ধ কলাত নিজৰ নাম উজলাই ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে।
শ্বেমছ আলম
শ্বেমছ আলম
শ্বেমছ আলমৰ মেৰুদণ্ডত টিউমাৰ ধৰা পৰাৰ পিছত চিকিৎসকে তেওঁক আশ্বস্ত কৰিলে যে তেওঁ কেইটামান সপ্তাহৰ পিছত পুনৰ দৌৰিব পাৰিব। কিন্তু সেই দিনটো কেতিয়াও নাহিল। পক্ষাঘাতৰ ফলত তেওঁৰ শৰীৰৰ তলৰ অৰ্ধেক অংশ অজ্ঞান হৈ পৰিল। এয়া আছিল তেওঁৰ বাবে এটা জীৱন সলনি কৰা মুহূৰ্ত।
কিন্তু হতাশ হোৱাৰ পৰিৱৰ্তে শ্বেমছ আলমে দৃঢ়তাৰে জীৱন যুদ্ধত আগবাঢ়িবলৈ সিদ্ধান্ত লয়। সাঁতোৰৰ প্ৰতি থকা প্ৰেমৰ জৰিয়তে তেওঁ এজন পেৰা-ছুইমাৰ হিচাপে আত্মপ্ৰকাশ কৰে আৰু আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত চমকপ্ৰদ প্ৰদৰ্শনেৰে কেইবাটাও অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে।
টায়াবা আফ্ৰোজ
টায়াবা আফ্ৰোজ
এগৰাকী সুদক্ষ পাইলট টায়াবা আফ্ৰোজৰ ছ’চিয়েল মিডিয়া বায়’ত গৌৰৱেৰে লিখা আছে-“বৰ্ণ টু ফ্লাই,” আৰু “ড্ৰিম, এচিভ, ফ্লাই”ৰ দৰে প্ৰেৰণাদায়ী বাক্যাংশ। কিন্তু এই প্ৰেৰণাদায়ক শব্দবোৰৰ আঁৰত এটা শক্তিশালী কাহিনী নিহিত হৈ আছে। সেয়া হৈছেঃ পূৰ্বপুৰুষৰ মাটি বিক্ৰী কৰা, সামাজিক সমালোচনা সহ্য কৰা, শাৰীৰিক আৰু আৱেগিক বাধা অতিক্ৰম কৰা। ছাৰণ জিলাৰ জালালপুৰ গাঁৱৰ টায়াবা আফ্ৰোজ কেৱল ৰাজ্যখনৰ প্ৰথমগৰাকী মুছলমান মহিলা বাণিজ্যিক পাইলট নহয়—তেওঁ সংগ্ৰাম, অধ্যৱসায় আৰু ডাঙৰ সপোনৰ এক জীৱন্ত প্ৰতীক।
ডাঃ এম আইজাজ আলী
ডাঃ এম আইজাজ আলী
ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ডাঃ এম আইজাজ আলীয়ে প্ৰায় ত্ৰিশ বছৰ ধৰি পিছপৰা লোকক আগুৱাই নিয়াৰ পোষকতা কৰি আহিছে। তেওঁৰ বিশ্বাস যে সামাজিক সমতা আৰু দুখীয়াৰ অধিকাৰ সুৰক্ষিত নকৰাকৈ প্ৰকৃত উন্নয়ন অসম্পূৰ্ণ। ১৯৫৮ চনত জন্মগ্ৰহণ কৰি অনাথ আশ্ৰমত ডাঙৰ-দীঘল হোৱা আলীয়ে শৈক্ষিক আবেগৰ জৰিয়তে দৰিদ্ৰতা অতিক্ৰম কৰি প্ৰতিষ্ঠিত পাটনা চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সুবিধা লাভ কৰে।
জমীল আখতাৰ
জমীল আখতাৰ
এন টি পি চিৰ ডেপুটি জেনেৰেল মেনেজাৰ হিচাপে জমীল আখতাৰে বিহাৰৰ অভাৱগ্ৰস্ত শিশুসকলক শিক্ষা প্ৰদানৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁৰ প্ৰতিশ্ৰুতি ইমানেই দৃঢ় যে তেওঁ অবিবাহিত হৈ থাকিবলৈ সিদ্ধান্ত লয়। তেওঁ বিশ্বাস কৰে যে বিবাহে তেওঁৰ মিছনত বাধাৰ সৃষ্টি কৰিব পাৰে।
আৱাজ দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জমীল আখতাৰে কয়, ‘যদি মই বিয়া পাতো তেন্তে ৫৫০ টা সন্তানৰ শিক্ষা আৰু তেওঁলোকৰ যতন লোৱাটো কঠিন হৈ পৰিব। এন টি পি চিৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে কাম কৰা জমীল আখতাৰে এটা ডাঙৰ উদ্দেশ্যৰ বাবে কাম কৰে, সেয়া হৈছে-শিক্ষাৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মক সৱল কৰা।
মহম্মদ ইব্ৰাহিম
মহম্মদ ইব্ৰাহিম
বিহাৰৰ মোটিহাৰীৰ ৰমনাৰ বাসিন্দা মহম্মদ ইব্ৰাহিমৰ অসাধাৰণ যাত্ৰাই কেৱল বিহাৰৰ যুৱক-যুৱতীকে নহয়, সমগ্ৰ ভাৰতবৰ্ষকে অনুপ্ৰাণিত কৰে। মোটিহাৰীৰ পৰা ডুবাইলৈ তেওঁৰ কাহিনী দৃঢ়তা আৰু উদ্দেশ্যৰ এক শক্তিশালী প্ৰমাণ। শেহতীয়াকৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ ভ্ৰমণ আৰু প্ৰব্ৰজন সেৱা বঁটা (Oxford University’s Best Travel & Immigration Services Award)ৰে সন্মানিত তেওঁৰ কাহিনীয়ে ইব্ৰাহিমৰ পেছাদাৰী যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে।
ড০ মুমতাজ নায়াৰ
ড০ মুমতাজ নায়াৰ
বিহাৰৰ কিষানগঞ্জ জিলাৰ এখন সৰু গাঁৱত ড° মুমতাজ নায়াৰৰ ঘৰ। জীৱনৰ আৰম্ভণি বছৰবোৰত তেওঁৰ পৰিয়ালে আনকি মৌলিক প্ৰয়োজনীয়তাখিনি পূৰণৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছিল। কষ্টৰ মাজতো তেওঁৰ পৰিয়ালে মুমতাজৰ শিক্ষাত গুৰুত্ব দিছিল আৰু এই সিদ্ধান্তই পৰৱৰ্তী সময়ত বিশ্বৰ কিছুমান মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজত যথেষ্ট অৰিহণা যোগাইছিল।
ফৈজান আলী
ফৈজান আলী
মাত্ৰ ১৮ বছৰ বয়সতে ফৈজান আলীয়ে বিজনেছ ষ্টাডী বিষয়ত ডিগ্ৰী লাভ কৰি আছিল যেতিয়া জীৱনে তেওঁক এক গভীৰ উদ্দেশ্যৰ পথ দেখুৱাইছিল। অধ্যয়ন বা উচ্চাকাংক্ষাতকৈও বেছি তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ প্ৰকৃত আহ্বান হৈছে মানৱতাৰ সেৱা কৰা। আৱাজ দ্য ভইচক এই সন্দৰ্ভত তেওঁ কয়, “যদি আপুনি সঁচাকৈয়ে কাৰোবাৰ দুখ-যন্ত্ৰণাৰ অংশীদাৰ হ’ব বিচাৰে, তেন্তে বয়স আৰু শিক্ষা গুৰুত্বপূৰ্ণ নহয়—ইয়াৰ বাবে আবেগেই যথেষ্ট।
২৩ বছৰীয়া ফৈজান আলী হৈছে নিস্বাৰ্থ সেৱাৰ এক উজ্জ্বল নিদৰ্শন। এটা সাধাৰণ পৰিয়ালত ডাঙৰ-দীঘল হোৱা ফৈজানে কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁৰ জীৱনটো কৰ্পৰেট জগতৰ পৰা সামাজিক কাম-কাজৰ দিশে গতি কৰিব।
ৰাণী খানম
ৰাণী খানম
ৰাণী খানম হৈছে শাস্ত্ৰীয় নৃত্যৰ প্ৰতি থকা প্ৰেমক পেছালৈ ৰূপান্তৰিত কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুছলমান কথক নৃত্যশিল্পী। মূলতঃ বিহাৰৰ গোপালগঞ্জৰ বাসিন্দা ৰাণীয়ে সংগীত বা নৃত্যৰ অনুমতি নিদিয়া পৰিয়ালটোত গোপনে কথক নৃত্যৰ চৰ্চা কৰিছিল। শিল্পকলাৰ জৰিয়তে তেওঁ নাৰীক সবল কৰি তুলিছে আৰু মূল সামাজিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰিছে।