৩৪ বছৰে বিনা পাৰিশ্ৰমিকত শিক্ষাদান কৰা বৰপেটাৰ এগৰাকী মহানুভৱ শিক্ষক

Story by  atv | Posted by  [email protected] • 2 Months ago
দোকান দি জীৱন নিৰ্বাহ কৰিছে ছোহৰাব আলী আহমেদে, দ্বিতীয় ছবিত তেওঁ শিক্ষকতা কৰা মাদ্ৰাছাখন
দোকান দি জীৱন নিৰ্বাহ কৰিছে ছোহৰাব আলী আহমেদে, দ্বিতীয় ছবিত তেওঁ শিক্ষকতা কৰা মাদ্ৰাছাখন
 
চাইজুৰ ৰহমান / বৰপেটা

আজি শিক্ষক দিৱস। দেশৰ মহান শিক্ষাবিদ, প্ৰাক্তন ৰাষ্ট্ৰপতি ড: সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। মহান শিক্ষাবিদগৰাকীক তেওঁৰ জন্মদিনত গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আদৰ্শ জীয়াই ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা, ভক্তি আৰু সন্মান প্ৰদৰ্শনেৰে বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে শিক্ষক দিৱসৰ। এই পবিত্ৰ দিনটোতে আমি আলোচনা কৰিব বিচাৰিছো এনে এগৰাকী শিক্ষকৰ কঠিন জীৱন গাঁথা, যিগৰাকী শিক্ষকে জীৱনৰ ৩৪টা বৰ্ষ অতি নিষ্ঠা আৰু সততাৰে বিনা পাৰিশ্ৰমিকত শিক্ষাৰ পোহৰ বিলাই এতিয়া এখন সৰু দোকান দি কোনোমতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। 
 
বৰপেটা জিলাৰ ঐতিহাসিক ব্যাসকুছিৰ ক্ষুদ্ৰ ফালাদি গাঁও নিবাসী এইগৰাকী মহান  শিক্ষক হ'ল ছোহৰাব আলী আহমেদ। শিক্ষাৰ প্ৰসাৰৰ বাবে একনিষ্ঠভাৱে আত্মনিয়োগ কৰি বিগত ২০২০ বৰ্ষত অৱসৰ গ্ৰহণ কৰা শিক্ষক ছোহৰাব আলী আহমেদ চৰকাৰী অনুকম্পা, স্বীকৃতিৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত। 
 
১৯৮৬ চনত বি এ উত্তীৰ্ণ ছোহৰাব আলী আহমেদে বগৰীট্টাৰীস্থিত কে বি চি মিলন এম ই মাদ্ৰাছাত প্ৰধান শিক্ষক হিচাপে ১৯৮৭ চনত যোগদান কৰিয়েই সেই সময়ত বাট-পথৰ কোনো সুবিধা নথকা তথা শিক্ষাৰ তেনে কোনো ব্যৱস্থা নথকা বগৰীট্টাৰী, কমলাবাৰী আদি অতি ভিতৰুৱা গাঁও সমূহত ঘৰে ঘৰে ঘুৰি শিক্ষাৰ প্ৰয়োজনীয়তা, গুৰুত্ব সম্পৰ্কে অভিভাৱকক বুজাই শিক্ষাৰ প্ৰসাৰত নামি পৰিছিল। শিক্ষাদানেৰে ভিতৰুৱা গাঁওত মানৱ সম্পদ গঢ়াত নিজৰ জীৱনৰ মূল্যবান ৩৪ টি বছৰ, আনকি গাঁঠিৰ ধনো খৰছ কৰা শিক্ষক ছোহৰাব আলী আহমেদে অৱসৰ গ্ৰহণ কৰা সময়লৈ তেওঁৰ শিক্ষক পদৰ লগতে ১৯৮৫ চনত স্থাপিত তথা তেওঁ কৰ্ম সম্পাদন কৰা বিদ্যালয়খন আজি পৰ্যন্ত প্ৰাদেশীকৰণ নহ'ল। 
 
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে শিক্ষক ছোহৰাব আলী আহমেদে বগৰীট্টাৰীস্থিত কে বি চি মিলন এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰাৰ সময়ত বিদ্যালয় খনৰ নিজা ভূমি নথকাৰ লগতে অতি জৰাজীৰ্ণ বিদ্যালয় গৃহ আছিল। কিন্তু শিক্ষাদানৰ বাবেই যেন নিজকে উৎসৰ্গিত কৰা ছোহৰাব আলী আহমেদে নিজৰ আধাশুধীয়া প্ৰচেষ্টাৰে সেই সময়ত বিদ্যালয় খনত কৰ্মৰত অন্যান্য শিক্ষকৰ লগতে ৰাইজৰ সহযোগত তেওঁ নিজৰ গাঁঠিৰ ধনেৰে বিদ্যালয় খনৰ বাবে ভূমি ক্ৰয় কৰাই নহয় বিদ্যালয় গৃহ‌ও নিৰ্মাণ কৰিছিল। 
 
শিক্ষাদানক নিজৰ জীৱনৰ ব্ৰত হিচাপে গণ্য কৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদে চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত হ'লেও বিগত ৩৪ বছৰ তেওঁ  শিক্ষাদান কৰি শ শ, হাজাৰ হাজাৰ মানৱ সম্পদ গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ বাবে অতি আনন্দিত বুলি আৱাজ দ্য ভইচ অসমৰ আগত অতি আৱেগিকভাৱে প্ৰকাশ কৰে। তেওঁ কয়, "বিগত ৩৪ বছৰত মই শিক্ষাদান কৰা বহু মেধাৱী ছাত্ৰ-ছাত্ৰী সমাজত আজি প্ৰতিষ্ঠিত। বহুতেই চৰকাৰী চাকৰিও কৰে। যদিও ম‌ই চৰকাৰী দা-দৰমহা নাপালো, তথাপি কিন্তু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে মোক দেখা পালে যিমানখিনি আদৰ-সন্মান কৰে, সেয়াই মোৰ বাবে যথেষ্ঠ।"
 
আজিৰ সময়ৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত প্ৰায় তিনিটা যুগ শিক্ষাদানৰ সৈতে জড়িত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে আজিৰ সময়ত শিক্ষানুষ্ঠান সমূহৰ পৰিৱেশ পূৰ্বৰ পৰিৱেশৰ মাজত বৃহৎ পাৰ্থক্য দেখিবলৈ পোৱা যায়। পূৰ্বৰ তুলনাত বৰ্তমান শিক্ষাত ব্যৱহাৰ হোৱা সা-সৰঞ্জামৰ সুবিধা অত্যাধুনিক হৈছে, ছাত্ৰ-ছাত্ৰী শিক্ষিত হৈছে ঠিকেই কিন্তু পূৰ্বৰ তুলনাত বৰ্তমান ছাত্ৰ-ছাত্ৰীয়ে আচাৰ-ব্যৱহাৰ, আচৰণ আদি বহুলাংশে পূৰ্বৰ দৰে গঢ়ি তুলিব পৰা নাই। শিক্ষা ব্যৱস্থা সুদৃঢ়, শক্তিশালী কৰিবলৈ হ'লে ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথিৰে শিক্ষিত কৰাৰ লগতে নৈতিক ব্যৱহাৰ গঢ়ি তোলাৰো ব্যৱস্থা কৰা দৰকাৰ বুলি তেওঁ মত প্ৰকাশ কৰে। 
 
ইফালে ৩৪ বছৰ বিনা পাৰিশ্ৰামিকত শিক্ষাদানৰ লগত জড়িত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদ সন্দৰ্ভত মতামত ব্যক্ত কৰি বৰপেটা জিলা এল পি এম ই টিউটৰ এচোচিয়েছনৰ সম্পাদক খলিল আলীয়ে কয় যে ছোহৰাব আলী আহমেদ অকল এগৰাকী শিক্ষকেই নহয়, ছোহৰাব আলী আহমেদ শিক্ষাৰ ক্ষেত্ৰখনৰ বাবে স্বয়ং এটি বিপ্লৱ। 
 
অতি দুখীয়া, অশিক্ষিত, অতি ভিতৰুৱা, অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ বিপ্লৱৰ সূচনা কৰি বিগত ৩৪ বছৰত ছোহৰাব আলী আহমেদে বৃহত্তৰ অঞ্চলটোত শিক্ষাৰ বটবৃক্ষ গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেওঁৰ চাকৰি প্ৰাদেশীকৰণ হ'লহেঁতেন কিন্তু চৰকাৰী বৈষম্যমূলক শিক্ষা আইনৰ বলি হৈ ছোহৰাব আলী আহমেদ চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত হ'ব লগা হৈছে। বিনা পাৰিশ্ৰামিকত জীৱনৰ মহামূল্যবান ৩৪ টি বছৰ শিক্ষাদানত জড়িত এইগৰাকী ত্যাগী শিক্ষক ছোহৰাব আলী আহমেদ সমাজৰ বাবে এক আদৰ্শ। আজি শিক্ষক দিৱসৰ দিনা 'আৱাজ দ্য ভইচ'ৰ ফালৰ পৰা আমিও তেখেতলৈ যাঁচিলো অশেষ শ্ৰদ্ধা,‌সন্মান আৰু শুভেচ্ছা।।