তেজপুৰ বিশ্ববিদ্যালয়ত চীনা ভাষাৰ পাঠ্যক্ৰম তেজপুৰ বিশ্ববিদ্যালয়ত

Story by  atv | Posted by  [email protected] • 29 d ago
তেজপুৰ বিশ্ববিদ্যালয়ত চীনা ভাষাৰ পাঠ্যক্ৰম তেজপুৰ বিশ্ববিদ্যালয়ত
তেজপুৰ বিশ্ববিদ্যালয়ত চীনা ভাষাৰ পাঠ্যক্ৰম তেজপুৰ বিশ্ববিদ্যালয়ত
 
নতুন দিল্লী
 
দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ে সমগ্র দেশজুৰি চীনা সৈন্যৰ আগ্রাসন প্রতিহত কৰাৰ লগতে চীনৰ চোৰাংচোৱাৰ সকলো কূটকৌশল প্ৰতিৰোধ কৰিবলৈ বিভিন্ন পৰিকল্পনা কৰাৰ মাজতে দেশৰ সৈন্য বাহিনীক চীনা ভাষাৰ শিক্ষা প্রদানৰ ব্যৱস্থা কৰি তেজপুৰৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত ভাৰতীয় সেনাৰ বাবে বিশ্ববিদ্যালয়খনৰ বিদেশী শিক্ষা বিভাগে ইতিমধ্যে ডিপ্ল'মা পাঠ্যক্রম সম্পন্ন কৰিছে। 
 
ইয়াৰ পাছত শেহতীয়াকৈ দেশৰ বৈদেশিক মন্ত্রণালয়ৰ পৃষ্ঠপোষকতাত ভাৰতবৰ্ষৰ সকলো শিক্ষার্থীৰ বাবে চীনা ভাষাৰ পাঠ্যক্ৰম মুকলি কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা অনুমোদিত চীনা ভাষাৰ স্নাতক পাঠ্যক্ৰমৰ লগতে চাৰিবছৰীয়া চীনা ভাষাৰ আণ্ডাৰ গ্ৰেজুৱেট পাঠ্যক্ৰম আগষ্ট মাহৰ পৰা সকলোৰে বাবে আৰম্ভ হ'ব তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়খনে চীনা ভাষাৰ বাবে মাত্র ২০খন আসনহে এইবাৰ সংৰক্ষিত কৰিছে। 
 
বিশ্ববিদ্যালয়ৰ মতে ৩১ মার্চত এই ভাষাৰ নামভৰ্তিৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ৪৫ শতাংশ নম্বৰ লাভ কৰিলেই হ'ল। এই পৰীক্ষা ইংৰাজী আৰু সাধাৰণ জ্ঞানৰ সন্দৰ্ভত হ'ব। ইচ্ছুক ছাত্র-ছাত্ৰীক ৩১ মাৰ্চৰ আগেয়ে যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।