পাঠ্যক্ৰমত বিহু আৰু স্বদেশ অধ্যয়ন বাহাল ৰখাৰ সিদ্ধান্ত শিক্ষা সংসদৰ

Story by  atv | Posted by  Munni Begum • 3 Years ago
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
গুৱাহাটী
 
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমৰ পৰা ‘স্বদেশ অধ্যয়ন' আৰু 'বিহু' বিষয় কৰ্তনৰ সিদ্ধান্তৰ বিৰোধিতা অব্যাহত আছে। সদৌ অসম ছাত্র সন্থাৰ (আছু) লগতে ছাত্র মুক্তি সংগ্রাম সমিতিয়েও ইয়াৰ বিৰোধিতা কৰাৰ লগতে ইয়াক অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ পৰিপন্থী আখ্যা দিয়াৰ লগতে হঠকাৰী আৰু জাতি বিৰোধী সিদ্ধন্ত বুলি অভিহিত কৰিছে।  
 
এই সিদ্ধান্ত বাতিলৰ দাবী লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা প্রকাশ চন্দ্ৰ ৰাসৰ ছাত্ৰ সন্থাৰ এটা প্রতিনিধি দলে সংসদৰ অধ্যক্ষ আৰু সচিবৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাত ছাত্ৰ সন্থাই যুক্তিৰে কৰ্তনৰ সিদ্ধান্ত বাতিলৰ বাবে দাবী জনায়। আছুৰ দাবীত বিহু আৰু স্বদেশ অধ্যয়ন বাহাল ৰখাৰ সিদ্ধান্ত কাউন্সিলৰ। বিশ্বৰ প্ৰায়োগিক দিশৰ সমস্যাসমূহ দূৰ কৰি পৰিকল্পিত ৰূপত আগবঢ়াই নিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে সংসদ অধ্যক্ষ ৰুক্ম গোহাঞিবৰুৱাই।
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুবাই কয়, "স্বদেশ অধ্যয়ন আৰু বিহু উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰাটো গ্ৰহণীয় নহয়। ছাত্ৰ সন্থাই ইয়াৰ ঘোৰ বিৰোধিতা কৰিছে। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱা বাবেই বিষয় দুটা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ যি বক্তব্য শিক্ষা মন্ত্রীয়ে আগবঢ়াইছে, ইয়াৰো যুক্তিযুক্ততা নাই।"
সন্থাই কয়, "উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত ৫৪ টা ঐচ্ছিক বিষয়ৰ ভিতৰত এনে বহু বিষয় আছে, য'ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য। হিন্দুস্তানী ভকেলত ৮ জন, কথকত ১ জন, তবলাত ২ গৰাকী ছাত্ৰ-ছাত্ৰী আছে। তাৰ বিপৰীতে স্বদেশ অধ্যয়নত ১২,৫৮৩ গৰাকী আৰু বিহু বিষয়ত ৯৯৬ দুগৰাকী ছাত্ৰ-ছাত্ৰী থকাৰ পিচতো বিষয় দুটা কৰ্তন কৰাৰ যুক্তি ক'ত? এনে সিদ্ধান্ত জাতিৰ পৰিপন্থী। সংসদৰ পূৰ্বৰ অধ্যক্ষ নেতৃত্বত এই বিষয় দুটা সংলগ্ন কৰাৰ চিন্তা যদিও প্রশংসনীয় আছিল, তথাপি সঠিক পৰিকল্পনাৰ অভাৱত বহু আসোঁৱাহ ৰৈ গৈছে। কিন্তু বর্তমান নতুন অধ্যক্ষৰ নেতৃত্বত পূৰ্বৰ আসোঁৱাহসমূহ দূৰ কৰি বিষয় দুটা পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যোৱাৰ দায়িত্ব গ্রহণ কৰিব লাগিছিল। তাকে নকৰি বিষয় দুটা কৰ্তন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়া কোনো কাৰণতে মানি ল'ব পৰা নাই।"
 
ইফালে ছাত্র মুক্তি সংগ্রাম সমিতিৰ মতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ২০২১-২২ শিক্ষাবৰ্ষত উচ্চতৰ মাধ্যমিক প্রথম আৰু দ্বিতীয় বৰ্ষৰ বাধ্যতামূলক বিহু পাঠ্যক্রম অন্তর্ভুক্ত কৰি এবছৰ নৌহওঁতেই তাক পুনৰ আঁতৰাই দিয়া কাৰ্যই ছাত্ৰ-ছাত্ৰীক বিভ্রান্তিত পেলাইছে। 
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ভাষ্য অনুসৰি পাঠ্যক্ৰমত বিহু বিষয়ৰ অন্তর্ভুক্তি সংকীর্ণতাৰ পৰিচয়। সেয়েহে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিপৰীতে ‘স্বদেশ অধ্যয়ন' বিষয়টোক অধিক গুৰুত্ব দি ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি আকৃষ্ট কৰিবলৈ নির্দেশ দিছে। উক্ত ঘটনাৰ প্ৰতিবাদ কৰি ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সভাপতি মানস কোঁৱৰ, দেবব্রত শ‍ইকীয়া, কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা, পাপু দত্ত, ৰাহুল চৌধুৰী আৰু সাধাৰণ সম্পাদক প্রাঞ্জল কলিতা, ৰাহুল চেত্ৰীয়ে মন্তব্য কৰি কয় যে অসম উচ্চ মাধ্যমিক শিক্ষা সংসদৰ এই অবিবেচক সিদ্ধান্ত বিজেপি, আৰ এছ এছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ অসম আৰু অসমীয়া ভাষা-সংস্কৃতিবিদ্বেষী চিন্তাৰ ফচল। 
সংগঠনটোৱে কয় যে বিজেপি চৰকাৰে অতি সু-পৰিকল্পিতভাৱে অসমীয়াৰ লগতে সকলো আঞ্চলিক ভাষা-সংস্কৃতিৰ বিষয় পাঠ্যক্ৰমৰ পৰা আঁতৰাই ‘এক দেশ এক ভাষা, এক সংস্কৃতি'ৰ মাজলৈ ভাৰতবৰ্ষক লৈ গৈ ভাৰতবৰ্ষৰ যি বৈচিত্র্য, তাক ধ্বংস কৰিব বিচাৰিছে। বিজেপি চৰকাৰখনে এ পি এছ চিৰ পৰা অসমীয়া বিষয়ৰ প্রশ্নকাকত বাতিল, নৱম আৰু দশম শ্রেণীত তিনিটাকৈ বিষয় ইংৰাজীত পাঠদান আৰু সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ স্কুল স্থাপন কৰি অসম আৰু অসমীয়া ভাষাক সম্পূর্ণরূপে নিঃশেষ কৰিব বিচাৰিছে। 
 
সংগঠনটোৰ নেতৃত্বই কয় যে পাঠ্যক্ৰমত আঞ্চলিক বিষয়ৰ সংযোজন কেতিয়াও সংকীর্ণতাৰ পৰিচয় হ’ব নোৱাৰে। ভাৰতবৰ্ষৰ সংবিধানে ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰিছে, য'ত এক ৰাষ্ট্ৰ এক ভাষা এক সংস্কৃতিৰ কথা ক'তো উল্লেখ নাই। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম চৰকাৰক অতিশীঘ্ৰে বিহু বিষয়টো আঁতৰোৱাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়।