আৱাজ দ্য ভইচ/শ্ৰীনগৰ
শ্ৰীনগৰৰ ৰাহলপুৰা অঞ্চলৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় আজি শিক্ষা আৰু কঠোৰ পৰিশ্ৰমৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। এই সফলতাৰ আঁৰত সৰ্বোচ্চ কৃতিত্ব সেইগৰাকী শিক্ষকলৈ যায়, যিগৰাকীয়ে কেৱল শিশুৰ শিক্ষাৰ উন্নতি কৰাই নহয়, তেওঁ সমগ্ৰ অঞ্চলটোত শিক্ষাৰ গুৰুত্বক পুনৰ উজ্জীৱিত কৰি তুলিছে। তেওঁ হৈছে শ্ৰেষ্ঠ শিক্ষকৰ বঁটা লাভ কৰা ইৰফানা তাবচ্ছুম। তেওঁ এই বিদ্যালয়খনক একেবাৰে শূন্য অৱস্থাৰ পৰা উৎকৃষ্ট স্তৰলৈ উন্নীত কৰিছে।
ইৰফানা তাবচ্ছুম জম্মু আৰু কাশ্মীৰৰ শিক্ষা বিভাগৰ সৈতে জড়িত। ২০০৭ চনত তেওঁ শিক্ষা বিভাগত সাধাৰণ লাইন শিক্ষক হিচাপে সেৱা আৰম্ভ কৰিছিল। এই সময়ছোৱাত তেওঁ বিভিন্ন শৈক্ষিক প্ৰকল্পত সক্ৰিয় ভূমিকা পালন কৰিছিল আৰু শিক্ষাদানৰ নতুন ধৰণ, শিক্ষক প্ৰশিক্ষণ আৰু আধুনিক শিক্ষাদান কৌশলৰ অভিজ্ঞতা লাভ কৰিছিল। এই অভিজ্ঞতাই তেওঁক আগলৈ বৃহৎ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ আত্মবিশ্বাস প্ৰদান কৰিছিল।
এক অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি থকা অৱস্থাত ইৰফানা তাবচ্ছুম
২০১৩ চনত ইৰফানা তাবচ্ছুমক ৰাহালপুৰাৰ এক চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ নিযুক্তি দিয়া হৈছিল, যিখন বিদ্যালয়ৰ অৱস্থা অতি উদ্বেগজনক আছিল। সেই সময়ত বিদ্যালয়ত কোনো ছাত্ৰ-ছাত্ৰী নাছিল, বিদ্যালয় ভৱনটো জৰাজীৰ্ণ অৱস্থাত আছিল আৰু ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল।
কিন্তু ইৰফানাই হতাশ হৈ পৰা নাছিল। তেওঁ সৰ্বপ্ৰথমে বিদ্যালয়ৰ পৰিৱেশ উন্নত কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছিল। পুৰণি আৰু ভাঙি যোৱা আচবাববোৰৰ মেৰামতি কৰিছিল, শ্ৰেণীকোঠাসমূহ সজাই তুলিছিল আৰু শিশু আৰু অভিভাৱকসকলক আকৰ্ষিত কৰিবলৈ ৰাতিপুৱা সভাৰ সময়ত মাইক্ৰ'ফোন ব্যৱহাৰ কৰিছিল। তেওঁ অঞ্চলটোৰ লোকসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকক আশ্বস্ত কৰিছিল যে, বিদ্যালয়খন এতিয়া শিশুসকলৰ পঢ়াৰ বাবে এক সুৰক্ষিত আৰু গুণগত মানৰ স্থান হৈ পৰিছে।
ইৰফানা তাবচ্ছুমে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি বিদ্যালয়খনত এফ এল এন (ফাউণ্ডেচনেল লাৰ্ণিং) আৰু স্কিলফুল লাৰ্ণিং প্ৰয়োগ কৰিছিল। শ্ৰেণীকোঠাত শৈক্ষিক চাৰ্ট স্থাপন কৰা হৈছিল, ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰফাইল ব্যৱস্থা কৰা হৈছিল, মাহেকীয়া পাঠ্যক্ৰমৰ পৰিকল্পনা কৰা হৈছিল, আৰু নিয়মীয়া মূল্যায়নৰ ৰেকৰ্ড কৰা হৈছিল। তেওঁ শিশুসকলক কেৱল কিতাপৰ মাজতে সীমাবদ্ধ কৰি ৰখা নাই, বৰঞ্চ তেওঁলোকক উদ্যানপালন, খেল-ধেমালি আৰু ব্যৱহাৰিক কাৰ্যকলাপৰ সৈতে সংযুক্ত কৰি তেওঁলোকৰ দক্ষতা বিকাশৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছিল। এই প্ৰক্ৰিয়াই শিশুসকলক কেৱল পঢ়াৰ প্ৰতি আগ্ৰহেই নহয়, তেওঁলোকৰ জীৱন দক্ষতাও গঢ়ি তুলিছিল।
ইৰফানাৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত বিদ্যালয়খনৰ বাবে অতিৰিক্ত ভূমিও লাভ কৰিছিল। এতিয়া বিদ্যালয়খনৰ প্ৰায় ছয়ৰ পৰা সাতটা কানাল মাটি আছে, যিবোৰ ভৱিষ্যতে নতুন ভৱন, খেলপথাৰ আৰু অন্যান্য শৈক্ষিক সুবিধাৰ বাবে বিকশিত কৰিব পৰা যাব। তেওঁ চৰকাৰক বিদ্যালয়খন মধ্য বা হাইস্কুললৈ উন্নীতকৰণৰ কৰিবলৈও আহ্বান জনায় যাতে অঞ্চলটোৰ শিশুসকলে উন্নত শিক্ষা সুবিধা লাভ কৰিব পাৰে।
ইৰফানা তাবচ্ছুম
ইৰফানা তাবচ্ছুৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিশ্ৰুতিৰ ফলতেই আজি বিদ্যালয়খনত সত্তৰজনতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে নিয়মিতভাৱে অধ্যয়ন কৰি আছে। এই সাফল্যৰ বাবে তেওঁ বুডগাম জিলা প্ৰশাসন, খণ্ড শিক্ষা কাৰ্যালয় আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ পৰা বহু পুৰস্কাৰ লাভ কৰিছে। ৫ ছেপ্তেম্বৰত লেফটেনেণ্ট গৱৰ্ণৰৰ পৰা তেওঁক ৰাজ্যিক শিক্ষক বঁটা প্ৰদান কৰা হয়, যিটো এতিয়ালৈ তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান আছিল।
ইৰফানা তাবচ্ছুমে বুজাইছে যে, সফলতাৰ ৰহস্য সততা, নিষ্ঠা আৰু নিজৰ পেছাৰ প্ৰতি থকা প্ৰকৃত প্ৰেমত নিহিত হৈ আছে। তেওঁৰ বিশ্বাস যে, প্ৰতিগৰাকী শিক্ষকে নিজৰ পেছাৰ প্ৰতি বিশ্বাসী হৈ থাকিব লাগে আৰু সমাজত জ্ঞানৰ পোহৰ বিয়পাই দিব লাগে। তেওঁৰ মতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপৰ দৰে জ্ঞান প্ৰদান কৰাই নহয়, তেওঁলোকৰ মাজত নৈতিকতা, অনুশাসন আৰু সামাজিক দায়বদ্ধতাৰ ভাৱো জগাই তোলে।
ইৰফানাৰ এই যাত্ৰা কেৱল তেওঁৰ ব্যক্তিগত সাফল্য নহয়, বৰঞ্চ সমগ্ৰ কাশ্মীৰৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁ প্ৰমাণ কৰিলে যে, যদিহে ইচ্ছাশক্তি শক্তিশালী হয়, তেন্তে শূন্যৰ পৰাও সফলতাৰ ভেটি স্থাপন কৰিব পাৰি। তেওঁৰ প্ৰচেষ্টাই দেখুৱাইছে যে, শিক্ষাৰ প্ৰকৃত মূল্য কেৱল নম্বৰ আৰু পৰীক্ষাৰ ফলাফল নহয়, বৰঞ্চ শিশুৰ ব্যক্তিত্ব আৰু দক্ষতাৰ বিকাশৰ ক্ষেত্ৰত অন্তৰ্নিহিত হৈ আছে।
আজি ৰাহলপুৰাৰ এই চৰকাৰী প্ৰাথমিক বিদ্যালয়খন কেৱল শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতীকেই নহয়, সমগ্ৰ অঞ্চলটোৰ বাবে শৈক্ষিক আৰু সমাজ সংস্কাৰৰ নিদৰ্শন হৈ পৰিছে। ইৰফানা তাবচ্ছুমৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমে এই বাৰ্তা প্ৰেৰণ কৰিছে যে, যিমানেই ডাঙৰ প্ৰত্যাহ্বান নহওঁক কিয়, প্ৰকৃত নিষ্ঠা আৰু সততাৰে সেইবোৰ অতিক্ৰম কৰিব পাৰি। তেওঁৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী কেৱল শিক্ষকৰ বাবেই নহয়, সকলো সামাজিক খণ্ডতে কাম কৰাসকলৰ বাবেও প্ৰেৰণাদায়ক।