২১ জুন দেওবাৰে পুনৰ অনুষ্ঠিত হ’ব নীট (ইউজি) ২০২৬ পৰীক্ষা

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষা নীট (ইউজি) ২০২৬  ৰ নতুন তাৰিখ ঘোষণা। শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰে যে, ২০২৬ চনৰ ২১ জুন দেওবাৰে নীট (ইউজি) ২০২৬ পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এক্সৰ এক পোষ্টত এই কথা সদৰী কৰে৷
 
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কয়, "ভাৰত চৰকাৰৰ অনুমোদন সাপেক্ষে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট (ইউজি) ২০২৬ৰ পুনৰ পৰীক্ষা ২১ জুন, ২০২৬ দেওবাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৱল NTA-ৰ চৰকাৰী মাধ্যমকহে বিশ্বাস কৰিবলৈ অনুৰোধ জনোৱা হৈছে।"  
লগতে পৰীক্ষা সকলো প্ৰক্ৰিয়া সন্দৰ্ভত যিকোনো প্ৰশ্নৰ বাবে পৰীক্ষাৰ্থীয়ে সংস্থাটোৰ অফিচিয়েল ই-মেইল আইডি আৰু হেল্পলাইন নম্বৰৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব বুলি NTA-এ এক্সৰ পোষ্টটোত উল্লেখ কৰে৷
 
চৰকাৰী সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত পুনৰ নিৰ্ধাৰিত নীট (ইউজি) পৰীক্ষাৰ প্ৰস্তুতি পুনৰীক্ষণৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা এই বৈঠকত চিকিৎসা প্ৰৱেশ পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত বিভিন্ন দিশৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়৷  
 
উক্ত বৈঠত সচিব (উচ্চ শিক্ষা) বিনীত যোশী, সচিব (বিদ্যালয় শিক্ষা) সঞ্জয় কুমাৰ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিং, চিবিএছই (CBSE)ৰ অধ্যক্ষ ৰাহুল সিং, কেন্দ্ৰীয় বিদ্যালয় সংগঠন (KVS) আৰু নৱোদয় বিদ্যালয় সমিতিৰ আয়ুক্তসকলৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
 
মন কৰিবলগীয়া যে, বিগত ৩ মে’ত অনুষ্ঠিত হোৱা নীট (ইউজি) ২০২৬ পৰীক্ষাত ২২ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ১২ মে’ত নীট (ইউজি) পৰীক্ষা বাতিল কৰিছিল। ইয়াৰ পিছত এনটিএ-এ পুনৰ পৰীক্ষাৰ সময়সূচী শীঘ্ৰে প্ৰকাশ কৰা হ’ব বুলি উল্লেখ কৰিছিল। 
 
এক বিবৃতিত এনটিএ-এ এই কথা স্পষ্ট কৰি দিয়ে যে, পৰীক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত বহাৰ বাবে পুনৰ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই৷ লগতে কোনো অতিৰিক্ত মাচুল দিব নালাগে বুলিও উক্ত বিবৃতিত উল্লেখ কৰে৷
 
যোৱা ১২ মে’ত এনটিএৰ সঞ্চালক প্ৰধান অভিষেক সিঙে ছাত্ৰ-ছাত্ৰীসকলক আশ্বাস দিছিল যে, প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
 
উল্লেখ্য যে, MBBS, BDS আৰু অন্যান্য স্নাতক চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এনটিএ-এ নীট (ইউজি) পৰীক্ষা অনুষ্ঠিত কৰে। যোৱা ৩ মে’ত দেশৰ ৫৫১খন চহৰ আৰু বিদেশৰ ১৪খন চহৰত পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰায় ২২.৭৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
 
চিবিআই-এ নীট প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই নীট (ইউজি) প্ৰশ্নকাকত ফাদিল গোচৰত পূৰ্বে গ্ৰেপ্তাৰ হোৱা পাঁচজন ব্যক্তিক নিজৰ জিম্মাত লয় আৰু আৰু আন দুজন সন্দেহযুক্ত লোকক আটক কৰে।
 
বিষয়াসকলে কয় যে, সংস্থাটোৱে এই ঘটনাৰ তদন্ত কৰি আছে। চিবিআই-ৰ তথ্য অনুসৰি প্ৰশ্নকাকত ফাদিলৰ ঘটনাত চৰকাৰী কৰ্মচাৰী জড়িত থকাৰ কথা নুই কৰিব নোৱাৰি।