শ্বিলং
শিক্ষাৰ্থীসকলৰ অভিজ্ঞতাভিত্তিক শিক্ষা আৰু বৃত্তিমূলক দক্ষতা বিকাশৰ লক্ষ্যৰে মেঘালয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনত ২০২৭-২৮ শিক্ষাবৰ্ষ অহা ৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। লগতে প্ৰতিখন বিদ্যালয়তে ১০টা বেগবিহীন দিন (Bagless Days) বাধ্যতামূলক কৰা হৈছে বুলি দেওবাৰে চৰকাৰী বিষয়াসকলে জানিবলৈ দিয়ে।
চলিত সপ্তাহৰ আৰম্ভণিতে শিক্ষা বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি, প্ৰাক্-প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণীলৈ শিক্ষাবৰ্ষ ২০২৭ চনৰ ২৬ নৱেম্বৰত সামৰণি পৰিব। আনহাতে, তৃতীয়ৰ পৰা দশম শ্ৰেণীলৈ শিক্ষাবৰ্ষ ১৬ ডিচেম্বৰত অন্ত পৰিব। তাৰ পিছদিনাৰ পৰা শীতকালীন বন্ধ আৰম্ভ হ’ব।
শিক্ষা বিভাগে প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ ন্যূনতম ২০০টা কৰ্মদিন আৰু ১,০০০ ঘণ্টা পাঠদানৰ সময় নিৰ্ধাৰণ কৰিছে। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ ২২০টা কৰ্মদিন আৰু ১,৩২০ ঘণ্টা পাঠদানৰ ব্যৱস্থা থাকিব। নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ২২০টা কৰ্মদিন আৰু ১,৫৪০ ঘণ্টা পাঠদান বাধ্যতামূলক কৰা হৈছে।
নতুন নিৰ্দেশনা অনুসৰি, শিক্ষাবৰ্ষত প্ৰতিখন বিদ্যালয়ে কমেও ১০টা বেগবিহীন দিন পালন কৰিব লাগিব। এই দিনকেইটাত শিক্ষাৰ্থীসকলে পৰম্পৰাগত শ্ৰেণীকোঠাৰ পাঠদানৰ পৰিৱৰ্তে বিভিন্ন ব্যৱহাৰিক আৰু অভিজ্ঞতাভিত্তিক শিক্ষামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
এই কাৰ্যসূচীৰ অধীনত পৰম্পৰাগত হস্তশিল্পৰ সৈতে পৰিচয়, স্থানীয় শিল্পী আৰু কৃষকৰ সৈতে মত-বিনিময়, ঐতিহ্যস্থলী আৰু কৃষিপাম পৰিদৰ্শন, ক্ৰীড়া, সাংস্কৃতিক অনুষ্ঠান, প্ৰকৃতি ভ্ৰমণ, পৰিৱেশ সংৰক্ষণ, বিত্তীয় সাক্ষৰতা আৰু উদ্যমিতা সম্পৰ্কীয় শিক্ষাৰ ব্যৱস্থা কৰা হ’ব।
বিশেষকৈ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বৃত্তিমূলক শিক্ষাৰ সৈতে পৰিচিত কৰোৱাৰ লগতে স্থানীয় বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ প্ৰদানত গুৰুত্ব আৰোপ কৰা হৈছে।
ইয়াৰ উপৰি, ২০২৭-২৮ শিক্ষাবৰ্ষৰ পৰা ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে সমাজভিত্তিক দক্ষতা শিক্ষা (Community - Integrated Skill Learning বা CISL) বাধ্যতামূলক কৰা হৈছে।
স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা বিষয়ৰ অন্তৰ্ভুক্ত এই কাৰ্যসূচীৰ বাবে মুঠ ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে। বাকী ৫০ নম্বৰ স্বাস্থ্য আৰু শাৰীৰিক শিক্ষাৰ বাবে আবণ্টন কৰা হ’ব।
এই কাৰ্যসূচীৰ জৰিয়তে কৃষি, পৰিয়ালভিত্তিক জীৱিকা আৰু বৃত্তি, ক্ৰীড়া, কলা-সংস্কৃতি, ডিজিটেল দক্ষতা, উদ্যমিতা আৰু সমাজসেৱা আদি ক্ষেত্ৰত শিক্ষাৰ্থীসকলক পৰিকল্পিতভাৱে আৰু তত্ত্বাৱধানৰ অধীনত ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হ’ব।
পঢ়িবলৈ শিকাৰ ক্ষেত্ৰত অতিৰিক্ত সহায়ৰ প্ৰয়োজন থকা শিশুসকলক চিনাক্ত কৰিবলৈ বিদ্যালয়সমূহে প্ৰাৰম্ভিক মূল্যায়ন কৰিব। শিশুসকলৰ বয়সৰ উপযোগীকৈ শুনাৰ দক্ষতা, ধ্বনি আৰু শব্দ চিনাক্তকৰণ, পঢ়া বিষয়বস্তু বুজি পোৱা আৰু পঠন দক্ষতা বৃদ্ধিৰ বাবে শিক্ষকসকলে প্ৰয়োজনীয় সহায় আগবঢ়াব।
শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীও নিৰ্ধাৰণ কৰিছে। নিম্ন প্ৰাথমিক শ্ৰেণীৰ পাঠদান পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ, উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদান পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ আৰু মাধ্যমিক তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠদান পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিব।
প্ৰতিটো কৰ্মদিনতে প্ৰাতঃকালীন সমাৱেশ বাধ্যতামূলক কৰা হৈছে। মূলতঃ শিক্ষাৰ্থীসকলৰ পৰিচালনাত অনুষ্ঠিত হ’বলগীয়া এই সমাৱেশত বাতৰি পাঠ, বক্তৃতা, সাধুকথা কোৱা, কুইজ, সাংস্কৃতিক অনুষ্ঠানৰ লগতে নাগৰিক দায়িত্ব, স্বাস্থ্য আৰু পৰিৱেশ সচেতনতা সম্পৰ্কীয় আলোচনা অন্তৰ্ভুক্ত থাকিব।
আগতীয়াকৈ পাঠদানৰ পৰিকল্পনা প্ৰস্তুত কৰা আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ নিয়মীয়া তদাৰকীৰ জৰিয়তে নিৰ্ধাৰিত পাঠ্যক্ৰমৰ ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে।
মূল্যায়নৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ সৈতে সংগতি ৰাখি মুখস্থবিদ্যানিৰ্ভৰ পৰীক্ষা পদ্ধতিৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ যোগ্যতা আৰু দক্ষতাভিত্তিক মূল্যায়নত গুৰুত্ব দিবলৈ বিভাগে আহ্বান জনাইছে।
নতুন নিৰ্দেশনাত লিখিত আৰু মৌখিক পৰীক্ষা, প্ৰকল্প, নিৰ্ধাৰিত শিক্ষামূলক কাম, ব্যৱহাৰিক কাৰ্যকলাপ, উপস্থাপন আৰু শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ প্ৰদৰ্শনৰ পৰ্যবেক্ষণৰ জৰিয়তে মূল্যায়নৰ ব্যৱস্থা ৰখা হৈছে।
শিক্ষাৰ্থীসকলৰ শৈক্ষিক অগ্ৰগতি, উপস্থিতি আৰু সামগ্ৰিক বিকাশৰ বিষয়ে আলোচনা কৰিবলৈ বিদ্যালয়সমূহে নিয়মীয়াকৈ অভিভাৱক-শিক্ষক বৈঠক অনুষ্ঠিত কৰিব লাগিব। বিশেষকৈ মধ্যৱৰ্তী আৰু বৰ্ষান্ত পৰীক্ষাৰ পাছত এনে বৈঠক অনুষ্ঠিত কৰাত গুৰুত্ব দিয়া হৈছে।
শিক্ষাৰ্থীসকলৰ বৌদ্ধিক, শাৰীৰিক, সামাজিক, আৱেগিক আৰু সৃজনশীল বিকাশৰ বাবে এক নিৰাপদ, অন্তৰ্ভুক্তিমূলক আৰু শিশুকেন্দ্ৰিক শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ওপৰতো শিক্ষা বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিছে।
সমগ্ৰ শিক্ষাবৰ্ষত নিৰ্ধাৰিত শৈক্ষিক দিনপঞ্জী অনুসৰণ কৰাৰ লগতে সকলো নিৰ্দেশনাৰ যথাযথ ৰূপায়ণ নিশ্চিত কৰাৰ দায়িত্ব সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ ওপৰত ন্যস্ত কৰা হৈছে।