তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যপুথি কেতিয়া মুকলি হ'ব; জনালে NCERT-এ

Story by  atv | Posted by  [email protected] • 25 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) বৃহস্পতিবাৰে তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যপুথি মুকলিৰ দিন প্ৰকাশ কৰে। এনচিইআৰটিয়ে উল্লেখ কৰিছে যে এপ্ৰিল মাহৰ শেষৰ সপ্তাহৰ ভিতৰত তৃতীয় শ্ৰেণীৰ পাঠ্যপুথি আৰু মে’ মাহৰ মাজভাগলৈকে ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি উপলব্ধ হ’ব।
 
তদুপৰি ইয়াত উল্লেখ কৰা হৈছে যে, ২০২৩-২০২৪ সংস্কৰণৰ বাবে দেশজুৰি প্ৰথম, দ্বিতীয়, সপ্তম, অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ ১.২১ কোটি কপি মুকলি কৰা হৈছে। নতুন পাঠ্যক্ৰমৰ বাবে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাত শিক্ষকসকলক সুবিধা প্ৰদানৰ বাবে এনচিইআৰটি পৰ্টেলত ষষ্ঠ শ্ৰেণীৰ বাবে এটা ব্ৰিজ ক'ৰ্ছ উপলব্ধ কৰা হৈছে।
"এনচিইআৰটিয়ে স্কুল শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (এনচিএফ-এছই) ২০২৩ অনুসৰণ কৰি ২০২৪-২৫ শৈক্ষিক বৰ্ষত কেৱল তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ বাবে নতুন পাঠ্যপুথি প্ৰৱৰ্তন কৰিব। ২০২৪ চনৰ এপ্ৰিলৰ অন্তিম সপ্তাহৰ ভিতৰত তৃতীয় শ্ৰেণীৰ পাঠ্যপুথিৰ ছপা সংস্কৰণ মুকলি কৰা হ'ব। একেদৰে, ২০২৪ চনৰ মে’ মাহৰ মাজভাগত ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি মুকলি কৰা হ'ব।’-চিবিএছইৰ অধ্যক্ষগৰাকীয়ে কয়।
 
এনচিইআৰটিয়ে মাইক্ৰ’ব্লগিং প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয়, "চতুৰ্থ, পঞ্চম, নৱম, আৰু একাদশ শ্ৰেণীৰ বাবে পাঠ্যপুথি ইতিমধ্যে সাজু হৈছে। এনচিইআৰটিৰ সকলো পাঠ্যপুথিৰ ডিজিটেল কপি এনচিইআৰটি পৰ্টেল, দিক্ষা, আৰু ই-পাঠশালা পৰ্টেল আৰু এপত মুক্তভাৱে উপলব্ধ হৈছে।"
 
ইয়াত লগতে কোৱা হৈছে যে এই শ্ৰেণীসমূহৰ বাবে অতিৰিক্ত পৰিমাণৰ কিতাপ নিয়মীয়াকৈ উপলব্ধ কৰা হ’ব। চতুৰ্থ, পঞ্চম, নৱম, আৰু একাদশ শ্ৰেণীৰ বাবে ২৭.৫৮ লাখ কিতাপ মুকলি কৰা হৈছে। এই শ্ৰেণীসমূহৰ বাবে নতুন প্ৰিন্ট অৰ্ডাৰ ১.০৩ কোটি কপিৰ সৈতে ২০২৪ চনৰ ৩১ মে’ৰ ভিতৰত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে বুলি এনচিইআৰটিয়ে প্ৰকাশ কৰিছে।