কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি' উন্মোচন

Story by  atv | Posted by  Munni Begum • 7 Months ago
'কেঁচা ভূঁইৰ কঁপনি' উন্মোচন
'কেঁচা ভূঁইৰ কঁপনি' উন্মোচন
 
গুৱাহাটী
 
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি' শুকুৰবাৰে উন্মোচন কৰা হয়। গুৱাহাটীৰ চচলত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে। 
 
উন্মোচকৰ ভাষণত দেৱ চৌধুৰীয়ে কয়, "সাম্প্ৰতিক সময়ত অসমীয়া উপন্যাসৰ বিষয় মানুহৰ সমস্যাৰ পৰিৱৰ্তে ঐতিহাসিক অথবা নগৰ কেন্দ্ৰিক হোৱা দেখা যায়। এটা সময়ত অসমীয়া উপন্যাসত যিদৰে অসমৰ গ্ৰাম্য সমাজৰ মানুহৰ সুখ-দুখ, সমস্যা প্ৰতিফলিত হৈছিল,তেনে প্ৰতিফলন আজিৰ উপন্যাসত দেখা নাযায়। তাৰ বিপৰীতে ৰঞ্জিত পাটগিৰিয়ে তেওঁৰ প্ৰথমখন উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি'ৰ জৰিয়তে আমাৰ অসমীয়া সমাজ এখনৰ সমস্যা আৰু সামাজিক ব্যৱস্থাক প্ৰতিফলিত কৰিছে।" 
 
'কেঁচা ভূঁইৰ কঁপনি'ৰ কাহিনীৰ বিষয়ে উল্লেখ কৰি সাহিত্যিক চৌধুৰীয়ে কয় যে, ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰি ৰঞ্জিতে বিশ্বাসযোগ্যভাৱে আমাক পতিয়ন নিয়াইছে যে গ্ৰাম্য জীৱনৰ জীয়া অভিজ্ঞতা তেওঁৰ সংবেদনশীল কবি মনটোত ক'ৰবাত সজীৱ হৈ আছে। লেখকে বাস্তৱ জীৱনৰ পৰা অর্জন কৰা অভিজ্ঞতাৰ ভিত্তিত উপন্যাসখন ৰচনা কৰিছে। সেয়েহে এই উপন্যাসখনত পঢ়ুৱৈয়ে নিজৰ আবেগ-অনুভূতিৰ প্ৰকাশ দেখা পাব আৰু একাত্মবোধ কৰিব। 
 
উল্লেখযোগ্য যে, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে উপন্যাসখনত এটা দীঘলীয়া পাতনিও লিখিছে। লগতে বিশিষ্ট সাহিত্যিক তথা 'সাদিন','সাতসৰি'ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়েও গ্ৰন্থখনৰ পাতনি লিখিছে। অতি সহজ-সৰল ভাষাত লিখা উপন্যাসখন পাঠক সমাজে আদৰি ল'ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কাব্য চর্চা অব্যাহত ৰখা ৰঞ্জিত পাটগিৰিৰ ইতিপূর্বে চাৰিখনকৈ কবিতা পুথি প্ৰকাশ হৈছে। 'কেঁচা ভূঁইৰ কঁপনি' তেওঁৰ প্ৰথমখন উপন্যাস।