অসম সাহিত্য সভাৰ কেইবাটাও ডিজিটেল প্ৰকল্প মুকলি

Story by  atv | Posted by  Munni Begum • 3 Years ago
অসম সাহিত্য সভাৰ প্ৰতীক
অসম সাহিত্য সভাৰ প্ৰতীক
গুৱাহাটী
 
অসম সাহিত্য সভাই এমট্র'নৰ সহযোগত এটি ডিজিটেল গ্রন্থকোষ (অভিলেখাগাৰ) আনুষ্ঠানিকভাৱে মুকলি কৰিছে। অসমৰ প্রাচীন আপুৰুগীয়া প্রায় ৫০০ খন গ্রন্থ, আলোচনী ইতিমধ্যেই ডিজিটেল ৰূপত সংৰক্ষিত কৰি পৰৱর্তী সময়তো নিৰৱচ্ছিন্নভাৱে চলাই নিয়াৰ লক্ষ্যৰে এই ডিজিটেল গ্রন্থকোষটো কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ড° ভৱেশ চন্দ্র গোস্বামীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছে। গ্ৰন্থকোষৰ লিংকটো হৈছে www.granthakosh.sahityasabhaamtron.in।
 
সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ সভাপতি ডঃ কূলধৰ শইকীয়াই অসম সাহিত্য সভাই এই ডিজিটেল পুথিভঁৰালটো ৰাইজৰ বাবে মুকলি কৰা হৈছে বুলি ভাষণত উল্লেখ কৰে।   
 
অনুষ্ঠানত অসম সাহিত্য সভাই ইতিমধ্যে অনুষ্ঠিত বিভিন্ন কার্যসূচী সংযোজিত কৰি এটি ইউটিউব চেনেলো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। আছাম ট্ৰিবিউন' কাকতৰ কাৰ্যবাহী সম্পাদক প্রশান্তজ্যোতি বৰুৱাই মুকলি কৰা আৰু মৃদুল কুমাৰ শৰ্মাই প্রস্তুত কৰা এই চেনেলটোত সভাৰ সকলো শ্ৰেণীৰ সদস্যৰ লগতে ৰাইজৰ বাবে মুকলি কৰা হৈছে।  
উত্তৰ-পূবৰ নানা জনগোষ্ঠীৰ সাধুকথা সমূহ ডিজিটেল ৰূপত শ্রব্য মাধ্যমত উপলব্ধ হোৱা এই প্রকল্পটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে জ্যেষ্ঠ সাংবাদিক-লেখক মৃণাল তালুকদাৰে। এই সাধুকথা সমূহ স্পটিফাই, এমাজ'ন মিউজিক, গানা পডকাষ্ট, এপল' পডকাষ্টত আৰু গুগল পডকাষ্টত উপলব্ধ হ'ব। সাধুকথাসমূহ উপলব্ধ হোৱা মাধ্যমৰ একত্রিত লিংকটো হৈছে linktr.ee/ talesfromassam।
 
অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয় ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা স্মৃতি সদনত অনুষ্ঠিত অনুষ্ঠানত সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই কয়, "অসম সাহিত্য সভাৰ ডিজিটেল অভিলেখাগাৰ (পুথিভঁৰাল)টোত সভাৰ কেন্দ্ৰীয় কার্যালয় আৰু গুৱাহাটী কার্যালয়ত সংৰক্ষিত হৈ থকা গ্রন্থসমূহৰ উপৰি অসমৰ কেইবাখনো শিক্ষানুষ্ঠান শিক্ষার্থীসকলে ডিজিটিলে ৰূপ দিয়া বহু গ্রন্থও সংযোজিত হৈছে। এই অভিলেখাগাৰ প্ৰতিগৰাকী অসমীয়াৰ আপোন সম্পত্তি বুলি আমি আশা প্রকাশ কৰিছো। ইচ্ছুক ৰাইজে ব্যক্তিগত সংগ্ৰহত থকা ন-পুৰণি পুথি-পাঁজি, গ্ৰন্থ অভিলেখাগাৰলৈ আগবঢ়াব পাৰিব। সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা আশা কৰাৰ লগতে গ্রন্থ আগবঢ়োৱাৰ সময়ত লিংক গ্ৰন্থসমূহৰ কপিৰাইট সম্বন্ধীয় দিশলৈ সচেতন হ’বলৈ আহ্বান জনালো।"   
 
অনুষ্ঠানত  ৰাজহুৱা কৰা হয়। ত্রিদীপ ভাগৱতী আৰু সুদৰ্শন শৰ্মাই আঁতধৰা এই অনুষ্ঠানত এমট্র'নৰ পৰিচালন সঞ্চালক এম কে যাদৱ, ড° অনিল শ‍ইকীয়া, স্বপ্ননীল বৰুৱা, ডাঃ গীতার্থ পাঠক আৰু জ্যেষ্ঠ সাংবাদিক চৈয়দ জাৰিৰ হুছেইনো উপস্থিত থাকে আৰু শলাগ শৰাই আগবঢ়াই অসম সাহিত্য সভাৰ সচিব চন্দ্ৰ শৰ্মাই। অনুষ্ঠানত সভাৰ শ্ৰব্য মাধ্যমত সাধুকথা সংযোজন কৰোতা আই আই টি নতুন দিল্লীৰ অধ্যাপক ড° মানৱেন্দ্র চহৰীয়াই অনলাইনযোগে ভাষণ প্ৰদান কৰে।