২০২৬ চনৰ মেট্ৰিক পৰীক্ষাৰ 'টপাৰ' জিয়া ফাৰাহ ইছলামৰ প্ৰতিভা কেৱল কিতাপতেই সীমাবদ্ধ নহয়

Story by  atv | Posted by  [email protected] • 1 d ago
জিয়া ফাৰাহ ইছলাম
জিয়া ফাৰাহ ইছলাম
 
ৰিপুঞ্জয় দাস / ডিব্ৰুগড়
 
অদম্য হেঁপাহ আৰু কঠোৰ পৰিশ্ৰম থাকিলে যে যিকোনো লক্ষ্যত উপনীত হ’ব পাৰি, তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে ডিব্ৰুগড়ৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। কালি ঘোষণা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰা জিয়া ফাৰাহ ইছলামৰ প্ৰতিভা কেৱল পাঠ্যক্ৰমতেই সীমাবদ্ধ নহয়, পঢ়া-শুনাৰ সমান্তৰালভাৱে হস্তশিল্প (Crafting), ৰন্ধন শিল্প (Cooking) আৰু বাগান কৰা (Gardening) আদিৰ দৰে বৈচিত্ৰময় কামতো তেওঁ পাকৈত। এই ৰুচিসমূহে তেওঁৰ ব্যক্তিত্বক এক সৃষ্টিশীল ৰূপ প্ৰদান কৰিছে।
 
ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ হায়াৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী জিয়া ফাৰাহ ইছলাম ডিব্ৰুগড়ৰ মিলন নগৰস্থিত ৰতনপুৰৰ নিবাসী। তেওঁ চাদেকুল ইছলাম আৰু জেচমিন বেগমৰ একমাত্ৰ সন্তান। মন কৰিবলগীয়া যে জিয়াৰ পিতৃ-মাতৃ দুয়োজনেই পেচাত শিক্ষক, যাৰ ফলত তেওঁ ঘৰতে এক সুন্দৰ শৈক্ষিক পৰিৱেশ লাভ কৰিছিল। জিয়াৰ এই সফলতাৰ আঁৰত তেওঁৰ ধাৰাবাহিক অনুশাসন আৰু একাগ্ৰতা স্পষ্টকৈ প্ৰতিফলিত হৈছে।
 
পিতৃ-মাতৃ আৰু পৰিয়ালৰ সৈতে জিয়া

জিয়া কেৱল এগৰাকী মেধাবী ছাত্ৰীয়ে নহয়, বহুমুখী প্ৰতিভাৰ অধিকাৰী। জিয়া আৰম্ভণিৰ পৰাই পঢ়া-শুনাত অত্যন্ত মেধাৱী আছিল আৰু নিজৰ বিদ্যালয়ৰ 'টপাৰ' হোৱাৰ লগতে প্ৰতিটো পৰীক্ষাতে উৎকৃষ্ট প্ৰদৰ্শন কৰি আহিছে। পঢ়া-শুনাৰ লগতে তেওঁ আজৰি সময়ত হস্তশিল্প, ৰন্ধন শিল্প আৰু বাগান কৰা আদি কাম কৰি সময় কটাই। এইবোৰ কামেই তেওঁক অন্য শিক্ষাৰ্থীতকৈ ব্যতিক্ৰমী কৰি তুলিছে।
 
উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই বৃহৎ সফলতাৰ বাবে জিয়াই পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক বিশেষভাৱে কৃতজ্ঞতা জনাইছে। তেওঁৰ মতে, পিতৃ-মাতৃৰ উৎসাহ আৰু শিক্ষকসকলৰ সঠিক মাৰ্গদৰ্শনেই তেওঁক এই মুকামলৈ লৈ আহিছে।
 
ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হোৱাৰ সপোন বুকুত বান্ধি আগুৱাই যাব বিচাৰে জিয়াই। তেওঁ বিশ্বাস কৰে যে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ’ল সমাজৰ প্ৰতি থকা দায়িত্বসমূহ পালন কৰা আৰু মানৱ সেৱাত ব্ৰতী হোৱা। চিকিৎসক হৈ তেওঁ সমাজৰ আৰ্তজনৰ সেৱা কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
 
বিদ্যালয়ত বঁটা গ্ৰহণ কৰি থকা মুহূৰ্তত জিয়া
 
জিয়াৰ এই কৃতিত্বই সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ জোৱাৰ তুলিছে। তেওঁৰ এই সাফল্য কেৱল এটা পৰিয়ালৰ গৌৰৱ নহয়, বৰঞ্চ অনাগত প্ৰজন্মৰ বাবেও এক উৎকৃষ্ট অনুপ্ৰেৰণা। জিয়া ফাৰাহ ইছলামৰ এই যাত্ৰাই প্ৰমাণ কৰিলে যে একাগ্ৰতা সঁচা হ’লে যিকোনো অসম্ভৱকো সম্ভৱ কৰিব পাৰি।
 
তাৰোপৰি ফলাফল অনুসৰি প্ৰথম স্থান দখল কৰিছে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতন জ্যোতিৰ্ময় দাসে। দ্বিতীয় স্থান দখল কৰিছে হাৱাজানৰ অম্বিকাগিৰী ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞাই।আৰু চতুৰ্থ স্থান দখল কৰিছে নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিত আখতাৰে।
 
শিক্ষয়িত্ৰীৰ সৈতে জিয়া ফাৰাহ ইছলাম
 
উল্লেখযোগ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪,২৯,২৪৯ গৰাকী শিক্ষাৰ্থী। ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা ১,৮৬,৪৬৮ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২,৪২,৭৮১ গৰাকী। মুঠ ৪,২৯,২৪৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ২,৮১,৭০১ গৰাকী৷ উত্তীৰ্ণৰ হাৰ ৬৫.৬২ শতাংশ।
 
পুৱা ১০.৩০ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে ঘোষণা কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফল অনুসৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৫১৮৯ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৫০১৬৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৬৩৪৫ গৰাকী পৰীক্ষাৰ্থী।
 
তাৰোপৰি অসমৰ ডিমা হাচাও জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ৮৮.২৩ শতাংশ আৰু কাছাৰত উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন ৪৯.১৩ শতাংশ। শিৱসাগৰত উত্তীৰ্ণৰ হাৰ ৮৪.০৮ শতাংশ আৰু ডিব্ৰুগড়ত ৭৮.৪৬ শতাংশ।