স্বপ্না দাস
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উৎকণ্ঠাপূর্ণ ফলাফল ঘোষণাৰ বিশেষ দিনটোত ৰাতিপুৱাৰ পৰা শিক্ষাৰ্থীৰ উচপিচনি, শিক্ষাগুৰু আৰু অভিভাৱকৰ চিন্তাক্লিষ্ট মুখাৱয়ব, চুবুৰীয়াৰ লগতে আত্মীয়ৰ লোকসকলৰো ফলাফল জনাৰ উৎসুকতা। আমাৰ মা-দেউতাহঁতৰ সময়ত হেনো মেট্ৰিকত পাছ কৰিলেই মেধাৱী বুলি প্ৰশংসাৰে উপচাই পেলাইছিল পৰীক্ষাৰ্থীক। লাহে লাহে সময় সলনি হ'ল। প্ৰায় দুই-তিনি দশক আগলৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মানে সাংঘাতিক মেধাৱী আৰু লেটাৰ নম্বৰ পোৱা গৰাকী কিমান যে প্ৰশংসনীয় শিক্ষাৰ্থী আছিল!
বৰ্তমান প্ৰতিযোগিতাকেন্দ্ৰিক সময়ত এখোপ-দুখোপকৈ সলনি হ'ল ফলাফল সম্পৰ্কীয় সন্তুষ্টি আৰু অসন্তুষ্টিবোৰ। এতিয়া প্ৰথম বা দ্বিতীয় বিভাগত উত্তীৰ্ণকেন্দ্ৰিকৰ বিপৰীতে ষ্টাৰ নম্বৰৰ পৰা ডিষ্টিংছন নম্বৰ পোৱা গৰাকীলৈ, নব্বৈ শতাংশৰ পৰা শীৰ্ষস্থান প্ৰাপ্ত প্ৰথম কুৰিগৰাকীলৈ-- কতক লৈ কত ধৰণৰ যে সন্তুষ্টি, কত যে প্ৰশংসা ! হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিভিন্ন ধৰণৰ এটাৰ পিছত আন এটা স্তৰ অতিক্ৰম কৰিলেও এই কথা সত্য যে মেট্ৰিকৰ পৰীক্ষাৰ পৰা ফলাফলকলৈ দশক দশক ধৰি সকলোৰে অন্তৰত প্ৰবাহিত যি আৱেগ আৰু ব্যস্ততা ই একক।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত আমিশী শইকীয়া
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনটোত শিক্ষাৰ্থীৰ বাদেও অভিভাৱক, শিক্ষাগুৰু, শিক্ষানুষ্ঠান, চুবুৰীয়াৰ আৱেগ, উৎসুকতা আদিৰ সমানেই ব্যস্তও হৈ পৰে সকলো। বৰ্তমান সময়ছোৱাত এই দিনটোত যথেষ্ট ব্যস্ত হৈ পৰা দেখা যায় ছপা তথা বৈদ্যুতিন সংবাদ মাধ্যমৰ উপৰি অন্য বিভিন্ন সামাজিক মাধ্যমসমূহো। 'ভাল' ফলাফলেৰে উত্তীৰ্ণগৰাকীৰ কাষত উপস্থিত থাকি তেওঁ কিদৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল, দিনটোত কিমান ঘণ্টা পঢ়িছিল আদিৰ উপৰি কি পঢ়িব, ক'ত পঢ়িব, জীৱনৰ লক্ষ্য কি অথবা কিদৰে সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব ইত্যাদি অনেক প্ৰশ্ন কৰাৰোপৰি শুভাশীষ আৰু অনেক প্ৰশংসাৰে উপচাই দিয়া দেখা যায়।
পৰীক্ষাত ভবামতে ফল পোৱা গৰাকীক পিতৃ-মাতৃ, শিক্ষাগুৰু, চুবুৰীয়া, আত্মীয় আদিয়ে অন্তৰৰ পৰা মৰম আৰু আশীৰ্বাদ দিয়ে। সন্তানৰ কৃতকাৰ্যতাত উৎফুল্লিত পিতৃ-মাতৃয়ে শিক্ষাগুৰু, আত্মীয় আৰু চুবুৰীয়া লোকৰ মাজত মিঠাই বিতৰণ কৰি অথবা কিছুমানে ভোজ-ভাতৰ আয়োজনেৰে সুখৰ বহিঃ প্ৰকাশ কৰাও দেখা যায়। একেদৰেই কৃতী ছাত্র-ছাত্ৰীসকলক চৰকাৰেও ধন অথবা লেপটপ বা স্কুটী আদি প্ৰদানেৰে উৎসাহিত কৰি প্ৰশংসা কৰাও আমি দেখি আহিছো। উক্ত দিনটোৰ পৰা কেইবাদিনো ধৰি কৃতী ছাত্ৰ-ছাত্ৰীসকল হৈ পৰে খুব গুৰুত্বপূৰ্ণ! তেওঁলোকক আশীৰ্বাদ, আদৰ, মৰম, প্ৰশংসা, উপহাৰ আদিৰে উপচাই পেলাওঁ আমি সকলোৱে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰে ভৰা এটা পৰীক্ষা হল
বিভিন্ন ক্লাব, অনুষ্ঠান, প্ৰতিষ্ঠানেও তেনে কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান আয়োজনেৰে ঊষ্ম সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে সফলতা অৰ্জনত সক্ষম হোৱা বাবে প্ৰশংসাৰে উৎসাহিত কৰা এই ধৰণৰ কথা বা কাম অতিকৈ আদৰণীয় । সুখ্যাতি, পৰীক্ষাত সফলতা আদি লাভত সন্মান প্ৰদৰ্শন অথবা সম্বৰ্ধনা জ্ঞাপন কার্যৰে ভৱিষ্যতে এখন শিক্ষিত তথা সুস্থ সমাজ নিৰ্মাণৰ অৰ্থে আমাৰ সন্তানসকলে যথেষ্ঠ প্ৰেৰণা লাভ কৰে। কিন্তু একে সময়তে মন কৰিবলগীয়া কথাটো হ'ল--- অনুত্তীৰ্ণ হোৱা সকলক আৰু আশা কৰা ধৰণেৰে ফলাফল লাভ নকৰা সকলকো দুগুণ উৎসাহেৰে পুনৰ চেষ্টাৰ বা পৰৱৰ্তী খোজ দিবলৈ অনুপ্ৰেৰণা যোগোৱা উচিত।
আন এটা প্ৰসংগলৈ আহিছো। বৰ্তমান সময়ত আকৌ মেট্ৰিক পৰীক্ষাৰ্থীক তেওঁলোকৰ পৰীক্ষাৰ ফলাফল জানিব বিচাৰি 'তুমি এইবাৰ মেট্ৰিক দিছিলা নহয়' বুলি কৈ সৰহ সংখ্যকে 'ৰিজাল্ট কেনে হ'ল', 'পাৰ্চেণ্টজ'কিমান পালা' জাতীয় প্ৰশ্ন সোধাত গুৰুত্ব দিয়ে। সঁচাকৈয়ে, সময় যেন ভাবিব নোৱাৰা ধৰণে সলনি হ'ল। আমি সকলো যে, কেতিয়া প্ৰতিযোগিতা নামৰ দূৰন্ত ঘোঁৰা দৌৰৰ প্ৰতিযোগী হৈ পৰিলোঁ তলকিবই নোৱাৰিলোঁ। প্ৰথম বিভাগ বা লেটাৰ নম্বৰসহিতে প্ৰথম বিভাগ, ষ্টাৰ নম্বৰ, ডিষ্টিংচন নম্বৰ পাই উত্তীৰ্ণ হোৱা এইবোৰৰ যেন এতিয়া বৰ বিশেষ গুৰুত্ব নোহোৱা হ'বলৈ ধৰিছে। এতিয়া কেৱল এখন গধূৰ মাৰ্কশ্বিটৰ আশা পৰীক্ষাৰ্থীৰ। অভিভাৱকৰো।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থানপ্ৰাপ্ত অনিৰ্বাণ বৰগোহাঁই
সকলোৰে এনে অনুভৱ--- মাৰ্কশ্বিটৰখনেই যেন নিৰ্ধাৰণ কৰে পৰীক্ষাৰ্থীয়ে সফলতা-বিফলতা, সুখ-দুখ আদি জীৱনৰ সমস্ত। হয়, ভাল মাৰ্কশ্বিট এখনৰ প্ৰয়োজনীয়তাক আমি কাহানিও কাষৰীয়া কৰি পেলাব নোৱাৰো। এখন ভাল মহাবিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ আৰু অন্য বিভিন্ন কাৰণত অতিকৈ প্ৰয়োজনীয় হৈ পৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাৰ্কশ্বিটখন। কিন্তু জীৱনত সফলতাৰ মাপকাঠি কেৱল পৰীক্ষাৰ মূল্যাংকণ কেতিয়াও হ'ব নোৱাৰে। পৰীক্ষা, ফলাফল, নম্বৰ আদিৰ সমানেই আমি আমাৰ সন্তানক জীৱনৰ বাবে অতীব প্ৰয়োজনীয় আন দিশবোৰত শিক্ষা দিব পৰিছোনে? দিছো নে আমি তেওঁলোকক আমাৰ নিজস্ব পৰম্পৰা, লোককৃষ্টি , সমাজৰে পৰিচয় কৰাই? মানৱতাৰ শিক্ষা দিছোনে? পঢ়া-শুনাত সাংঘাতিক ভাল হৈ জীৱনত স্বাৱলম্বী হোৱাৰ বাহিৰেও আন আন ক্ষেত্ৰত উজলি উঠিব নোৱাৰেনে আপোনাৰ, মোৰ, আমাৰ সন্তানবোৰে?
উত্তৰ নিশ্চয়কৈ 'পাৰে' হ'ব। কিন্তু তাৰ পিছতো আমি আমাৰ সন্তানসকলক এখন গধূৰ মাৰ্কশ্বিট লাভৰ ক্ষেত্ৰতহে প্ৰেৰণা বা উৎসাহ দিছো; দৌৰাইছো, নিজেও দৌৰিছো তেওঁলোকৰ পিছে পিছে। খেলা-ধুলা কৰিলে শাৰীৰিক আৰু বাহিৰা কিতাপ পঢ়িলে মানসিক বিকাশ সাধন কৰাত সহায়ক হয় বুলি জনাৰ পিছতো আমি কিমানেইবা আমাৰ সন্তানসকলক মুকলিকৈ খেলিবলৈ দিছো? বাহিৰা কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব পৰিছোনে আমাৰ সন্তানৰ? আত্মীয়, ওচৰ-চুবুৰীয়া বা সমাজিক ক্ষেত্ৰত নৈতিক কিম্বা ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ কৰাটোও পৰীক্ষাৰ মাৰ্কশ্বিটখনতকৈ কোনো গুণে কম গুৰুত্বপূৰ্ণ বিষয় নহয়। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱা প্ৰতিজন সন্তান 'ভাল মানুহ' নহ'বও পাৰে, যদিহে তেওঁ নৈতিক তথা চাৰিত্ৰিক দিশত কোনো জ্ঞান আহৰণ কৰা নাই। 'আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়।' ৰাজহুৱা স্থান, যান-বাহন আদিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা এই বাক্যশাৰীয়ে আমাক সকলোকে বহু কথাই শিকাই থৈছে।
মাৰ্কশ্বিট প্ৰয়োজনীয়; কিন্তু সৰ্বোচ্চ বা সৰ্বস্ব নহয়। ফেইল কৰাসকলেও আমাৰ অনুপ্ৰেৰণাত জিলিকি উঠিব পাৰে। এই কথাৰ উপৰি সন্তানৰ আগ্ৰহ, স্বপ্ধ উপলব্ধি কৰি প্ৰেৰণা দিলেই 'ইডিয়টছ' বুলি ভবা কোনোবায়ো প্ৰমাণিত কৰিব পাৰে 'তাৰে জমীন পৰ' বাস্তৱায়িত কৰিব পাৰে--- 'থ্ৰী ইডিয়ট্ছ' আৰু 'তাৰে জমীন পৰ'ত যি শিকনি আমাক আওপকীয়াকৈ দিছে।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)