শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়া অভিযুক্তক গ্ৰেপ্তাৰ

Story by  atv | Posted by  Munni Begum • 26 d ago
শ্বাহৰুখ খান
শ্বাহৰুখ খান
 
মুম্বাই
 
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি আজি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ছত্তীশগড়ৰ ৰায়পুৰৰ নিজা বাসগৃহৰ পৰা ৫৯ বছৰীয়া অভিনেতাগৰাকীক ভাবুকি ভৰা ফোন কৰি ₹৫০ লাখ দাবী কৰাৰ অভিযোগত অধিবক্তা মহম্মদ ফৈজান খানক গ্ৰেপ্তাৰ কৰা হয়। 
 
মুম্বাই আৰক্ষীৰ সন্মুখত অধিবক্তা মহম্মদ ফৈজান খানে হাজিৰ নোহোৱাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ফাইজানে পূৰ্বে কৈছিল যে, তেওঁৰ মোবাইল ফোনটো - যিটোৰ সহায়ত যোৱা সপ্তাহত ভাবুকি ভৰা ফোনটো কৰা হৈছিল সেইটো চুৰি হৈছে। লগতে ২ নৱেম্বৰত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা বুলিও কয়। 
 
তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰা ৩০৮(৪) (মৃত্যু বা গুৰুতৰ আঘাতৰ ভাবুকিৰ সৈতে জড়িত ধন দাবী) আৰু ৩৫১(৩)(৪) (অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু কৰিছিল কিয়নো তেওঁৰ নামত পঞ্জীয়ন থকা এটা ফোন নম্বৰৰ পৰা ভাবুকি প্ৰদান কৰা হৈছিল।
 
ইয়াৰ পিছত মুম্বাই আৰক্ষীয়ে অভিনেতাজনৰ সুৰক্ষামূলক ব্যৱস্থা উন্নত কৰিছিল, তেওঁক ৱাই+ নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছিল। ইয়াৰোপৰি ২৪ ঘণ্টাই তেওঁৰ লগত ছয়জন সশস্ত্ৰ লোক থকাটো নিশ্চিত কৰা হয়, ইয়াৰ পূৰ্বে তেওঁৰ সৈতে দুজন নিৰাপত্তাৰক্ষী আছিল।