'শ্বোলে'ৰ অভিনেতা সতীন্দৰ কুমাৰ খোছলাৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
অভিনেতা সতীন্দৰ কুমাৰ খোছলা
অভিনেতা সতীন্দৰ কুমাৰ খোছলা
 
মুম্বাই 
 
বীৰবল নামেৰে জনপ্ৰিয় প্ৰবীণ অভিনেতা সতীন্দৰ কুমাৰ খোছলাৰ মঙলবাৰে সন্ধিয়া মৃত্যু হয়। প্ৰাপ্য তথ্য অনুসৰি মুম্বাইৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। 
 
সতীন্দৰৰ বন্ধু জুগনুৱে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। কোকিলাবেন হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে অভিনেতাজনৰ। বুধবাৰে তেওঁৰ শেষকৃতি সম্পন্ন কৰা হ’ব। 
 
চিনে এণ্ড টিভি আৰ্টিষ্ট এছ’চিয়েশ্যনৰ (চিণ্টা) অফিচিয়েল এক্স একাউণ্টত সতীন্দৰক আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। এটা পোষ্টত লিখা আছিল, "বীৰবল (১৯৮১ চনৰ পৰা সদস্য)ৰ মৃত্যুত চিন্টাই শোক প্ৰকাশ কৰিছে।"
 
সতীন্দৰ কমিক চৰিত্ৰৰ বাবেই পৰিচিত আছিল। পেটুৱা আৰু ডাঠ গোঁফ থকা তেওঁৰ স্বকীয় চেহেৰাই তেওঁক সহজে চিনি পাব পৰা কৰি তুলিছিল। তেওঁ মনোজ কুমাৰৰ সৈতে উপকাৰ, ৰুটি, কাপৰা আৰু মাকান, ক্ৰান্তিকে ধৰি কেইবাখনো ছবিত কাম কৰিছিল। 
 
কিন্তু শ্বোলেত বন্দী হিচাপে তেওঁৰ ভূমিকাই তেওঁক বহুত মনোযোগ আকৰ্ষণ কৰিবলৈ বাধ্য কৰাইছিল। নাছিব, ইয়াৰানা, হম হায় ৰাহি প্যাৰ কে আৰু অঞ্জাম আদি ছবিতো তেওঁ অভিনয় কৰিছিল।