ডেংগুত আক্ৰান্ত অভিনেতা বিজয় দেৱৰকোণ্ডা

Story by  atv | Posted by  [email protected] • 1 Years ago
বিজয় দেৱৰকোণ্ডা
বিজয় দেৱৰকোণ্ডা
 
নতুন দিল্লী
 
লাখ লাখ লোকক প্ৰেৰণা দিয়া অভিনেতা বিজয় দেৱৰকোণ্ডাক লৈ এটা খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে বিজয় ডেংগুত আক্ৰান্ত হৈছে, বৰ্তমান অভিনেতা গৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
 
তেওঁৰ লগত গোটেই পৰিয়ালটোও হাস্পতালত উপস্থিত আছে। চিকিৎসকেও অভিনেতাগৰাকীৰ যথেষ্ট যত্ন লৈছে।চিকিৎসকে জনোৱা মতে অতি সোনকালেই বিজয় দেৱৰকোণ্ডা সুস্থ হৈ ঘৰলৈ যাব পাৰিব।
 
অভিনেতা গৰাকীৰ ডেংগু হোৱা খবৰটো অহাৰ পিছত এতিয়া অনুৰাগী সকল তেওঁৰ বাবে চিন্তিত হৈছে। সকলোৱে অভিনেতাগৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে।
 
অভিনেতা গৰাকীৰ খবৰটো সেই সময়ত আহিছে যেতিয়া বিজয় নিজৰ আগন্তুক ছবি ‘কিংডম’ত ব্যস্ত হৈ আছিল।অহা ৩১ জুলাইত ছবিগৃহত মুক্তি পোৱাৰ কথা আছে ‘কিংডম’।
 
বিজয়ৰ অনুৰাগীসকলে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।‘কিংডম’ এখন স্পাই এক্সন ড্ৰামা ফিল্ম হয়, যিখন গৌতম তিন্নানুৰিয়ে পৰিচালনা কৰিছে।