গুৱাহাটী
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত দুয়ো দাঁতিত থকা গছ-গছনিসমূহ কাটি তহিলং কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে।
উল্লেখ্য যে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰলেন পথলৈ সম্প্ৰসাৰণ কৰাৰ কাম পূর্ণগতিত চলি আছে। নৰনাৰায়ণ সেতুৰ পৰা দুধনৈ শালপাৰালৈকে পথৰ দুয়োটা দাঁতিৰ হাজাৰ হাজাৰ গছ-গছনি ইতিমধ্যেই কাটি খাস্তাং কৰা হৈছে। দ্বৈত ৰে'লআলি নিৰ্মাণৰ নামতো সেউজ পঞ্চত্ব পাহাৰৰ বুকু বিদীর্ণ কৰা হৈছে।
তেনেদৰে কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলটো পথৰ দাঁতিত থকা শতবৰ্ষ গৰকা দুই হাজাৰোধিক বৃহৎ বৃহৎ গছ কাটিবলৈ বন বিভাগে শেহতীয়াকৈ চিহ্নিত কৰি নম্বৰ খোদিত কৰিছে। উন্নয়নৰ নামত প্রকৃতি ধ্বংস কৰাৰ বিৰুদ্ধে বিভিন্ন সংবাদ মাধ্যমৰ লগতে গোৱালপাৰাৰ বিভিন্ন দল-সংগঠন, স্থানীয় প্রকৃতিপ্ৰেমী ৰাইজ সৰৱ হৈ পৰাত গোৱালপাৰাত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সাময়িকভাৱে গছ কটা পর্ব বন্ধ ৰাখিছে। ছাগাঁও অঞ্চলত নম্বৰ খোদিত কৰি দুই হাজাৰোধিক গছ কাটিবলৈ বিভাগে পুনৰ প্ৰস্তুতি চলাইছে।
এই বিষয়টো চলচ্চিত্র নির্মাতা ৰীমা দাসৰ দৃষ্টিগোচৰ হোৱাত তেওঁ সামাজিক মাধ্যমৰ যোগেদি গছসমূহ নকটাকৈ পথ নিৰ্মাণৰ আঁচনি গ্রহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়। গছবোৰ নকটাকৈ বিশেষ ডিভাইডাৰ সৃষ্টি কৰি ৰক্ষা কৰিব পৰা যায় বুলি আঙুলিয়াই দিয়ে। ৰীমা দাসে প্রকৃতি ৰক্ষাৰ আহ্বানক সমৰ্থন কৰি গছ কটাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে।
অভিনেতা আদিল হুছেইনে কয় যে গছ, পানী, বাতাৱৰণৰ লগত আমাৰ এক আবেগিক সম্পর্ক আছে। কিন্তু উন্নয়নৰ নামত আমি নব্বৈভাগে এই আবেগ পাহৰি যাওঁ। উন্নয়নৰ লৰালৰিত পৰিবেশ, গছ, নদী বা জান-জুৰিৰ প্ৰতি আমাৰ যিটো দায়িত্ব থকা উচিত, সেই দায়িত্ব আমি পালন নকৰো।
অভিনেতা হুছেইনে দেশ-বিদেশৰ উদাহৰণ আদি দাঙি ধৰি ইচ্ছা থাকিলে অলপ ধন খৰচ কৰি শতবৰ্ষ গৰকা গছসমূহ নকটাকে পথ সম্প্ৰসাৰণ কৰিব পৰা যাব বুলি মন্তব্য কৰে। তেওঁ কাজিৰঙাৰ চল্লিশ কিলোমিটাৰ পথত জীৱ-জন্তুসমূহ প্ৰতি বছৰে চৰকাৰে বানপানীৰ সময়ত দুৰ্ঘটনাত মৃত্যু হোৱাৰ কথা উল্লেখ কৰি উৰণ সেতু নিৰ্মাণ কৰি চৰকাৰে কাজিৰঙাৰ জীৱ-জন্তক মৃত্যুৰ মুখৰ পৰা কিয় ৰক্ষা কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে।
উন্নয়নৰ লগতে প্রকৃতি ৰক্ষাৰ বাবেও চিন্তা কৰি পথ সম্প্ৰসাৰণ কৰিবলৈ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীক আহ্বান জনায়। চলচ্চিত্র নির্মাতা ৰীমা দাস আৰু অভিনেতা আদিল ছেইনে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গছ-গছনিসমূহৰ লগতে কাজিৰঙাৰ জীৱ-জন্তু ৰক্ষাৰ বাবে জানোৱা আহ্বানে জনসাধাৰণৰ মাজত যথেষ্ট গুৰুত্ব লাভ কৰিছে।