আমেৰিকান সংগীত শিল্পী পোষ্ট মেলোনৰ সংগীতানুষ্ঠানৰ বাবে সাজু গুৱাহাটী

Story by  atv | Posted by  [email protected] • 4 d ago
আমেৰিকান সংগীত শিল্পী পোষ্ট মেলোন
আমেৰিকান সংগীত শিল্পী পোষ্ট মেলোন
গুৱাহাটী

ভাৰতত প্ৰথমবাৰৰ বাবে সংগীতানুষ্ঠানৰ বাবে আমেৰিকান সংগীত চাঞ্চল্য পোষ্ট মেলোনক আতিথ্য প্ৰদানৰ বাবে সাজু হৈছে গুৱাহাটী।গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অহা ৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব পোষ্ট মেলনৰ সংগীতানুষ্ঠান।

এই অনুষ্ঠানত ভাৰতৰ সংগীত ক্ষেত্ৰখনত উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ প্ৰতিফলন ঘটোৱাৰ লগতে এই অঞ্চলৰ জীৱন্ত সংগীত ঐতিহ্য দাঙি ধৰা হয়।

অসম পৰ্যটন উন্নয়ন নিগম(ATDC)ৰ পৰিচালন সঞ্চালক পদ্মপানী বৰাই কয় যে আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অভিজ্ঞতাৰ বাবে ৰাজ্যখনক পছন্দৰ গন্তব্যস্থান হিচাপে স্থান দিয়াৰ লক্ষ্যৰে কনচাৰ্ট পৰ্যটন নীতিৰ প্ৰৱৰ্তনেৰে অসম এক ৰোমাঞ্চকৰ পৰ্যায়ত প্ৰৱেশ কৰিছে। গুৱাহাটীত পোষ্ট মেলোনৰ সংগীতানুষ্ঠান এই দিশত এক ডাঙৰ পদক্ষেপ, ইয়ে অঞ্চলটোলৈ বিশ্ব সংগীত প্ৰতিভাক অঞ্চলটোলৈ অনাৰ লগতে ব্যাপক অৰ্থনৈতিক আৰু সাংস্কৃতিক সুযোগৰ সৃষ্টি কৰিব।

ক্ৰমবৰ্ধমান যুৱ জনসংখ্যা আৰু বৃহৎ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ বিনোদনৰ বজাৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে পৰিগণিত হৈছে। পোষ্ট মেলোনৰ কনচাৰ্টে গুৱাহাটীক বিশ্বমানৰ সংগীতৰ অভিজ্ঞতা প্ৰদান কৰিব পৰা এক গন্তব্যস্থল হিচাপে পৰিগণিত কৰিব।

এই সন্দৰ্ভত BookMyShowৰ লাইভ ইভেণ্টৰ মুখ্য ব্যৱসায়িক বিষয়া নমন পুগালিয়াই কয় যে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া পোষ্ট মেলোনৰ শ্ব' ভাৰতৰ লাইভ এণ্টাৰটেইনমেণ্ট খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। গুৱাহাটীলৈ তেওঁৰ দৰে এজন শিল্পীক অনাটোৱে ভাৰতৰ সাংস্কৃতিক আকাংক্ষাৰ গভীৰতা আৰু পৰম্পৰাগত মহানগৰৰ বাহিৰেও জীৱন্ত মনোৰঞ্জনৰ বিস্তাৰিত পদচিহ্নৰ ইংগিত দিয়ে। 

এই কনচাৰ্টৰ প্ৰযোজনা আৰু প্ৰচাৰ অসম চৰকাৰৰ সহযোগত BookMyShow লাইভৰ দ্বাৰা কৰা হৈছে।