আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত অসমীয়া চলচ্চিত্র 'স্বৰ্গৰথ'

Story by  atv | Posted by  Munni Begum • 13 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
দেশৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ যোৱা ২০ নৱেম্বৰত গোৱাত শুভাৰম্ভ হৈছে। সম্প্রতি চলি থকা এই মহোৎসৱত ভাৰতীয় পেনোৰামাৰ মুখ্য ছবিৰ শিতানত প্রদর্শিত হয় এ এম টেলিভিছনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণ প্রযোজিত তথা ৰাজেশ ভূঞা পৰিচালিত অসমীয়া চলচ্চিত্র 'স্বৰ্গৰথ'। 
 
দেওবাৰে পানাজীত এই মহোৎসৱস্থলীত প্রদর্শিত 'স্বর্গৰথ' দেশ-বিদেশৰ বহু পৰিচালক, শিল্পী, চলচ্চিত্রপ্রেমীয়ে উপভোগ কৰে। উল্লেখ্য যে, ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত এইবেলি ভাৰতীয় পেনোৰামাত মুখ্য ছবিৰ শিতানত ব্লকবাষ্টাৰ ছবি 'কল্কী', 'টুবেল ফেইল' আদি চিনেমা প্রদর্শিত হৈছে। একেটা শাখালৈ 'স্বর্গৰথ' নির্বাচিত হৈ ৰাজ্যৰ চলচ্চিত্র ক্ষেত্রলৈ স্বাভাৱিকতে গৌৰৱ কঢ়িয়াই আনিছে। 
 
উল্লেখ্য যে, যোৱা ২০ নৱেম্বৰত গোৱাত আৰম্ভ হয় ৫৫ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ। এই মহোৎসৱত দেশ-বিদেশৰ বহু চলচ্চিত্র প্রদর্শিত হৈছে। অহা ২৮ নৱেম্বৰ পর্যন্ত চলিব লগা এই মহোৎসৱত আন কেইবাখনো উচ্চ মানবিশিষ্ট ছবি প্রদর্শিত হ'ব। 
 
এইবাৰৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামালৈ নির্বাচিত আন দুখন অসমীয়া চলচ্চিত্র হ'ল ড° ববী শর্মা বৰুৱাৰ 'ৰ'দৰ পাখি' আৰু যদুমণি দত্তৰ 'জুইফুল'। এনেদৰে তিনিখনকৈ অসমীয়া চলচ্চিত্রই এইবেলিৰ মহোৎসৱলৈ নির্বাচিত হৈ ৰাজ্যৰ চলচ্চিত্র ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াইছে।