নতুন দিল্লী
অনান্য অভিনয় আৰু কৌতুকশৈলীৰ বাবে বিখ্যাত অভিনেতা ফিশ ভেংকটৰ ১৮ জুলাই তাৰিখে দেহাৱসান ঘটে। অভিনেতাগৰাকীৰ কেইবামাহো ধৰি বৃক্কৰ চিকিৎসা চলি আছিল।
ডায়েলাইছিছ কৰি থকা অৱস্থাত শেহতীয়াকৈ তেওঁৰ শৰীৰৰ দুৰ্বলতাৰ বাবে ভেণ্টিলেটৰত ৰখা হৈছিল।ভেংকটক কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হৈছিল, যাৰ বাবে তেওঁ পৱন কল্যাণ আৰু বিশ্বক সেনৰ পৰা আৰ্থিক সহায় লাভ কৰিছিল।
অৱশ্যে মেচিং ড’নাৰ বিচাৰি পোৱা নগ’ল আৰু কিডনী বিকল হোৱাৰ বাবে তেওঁৰ মৃত্যু হয়।‘গব্বৰ সিং’ আৰু ‘ডিজে টিল্লু’ত অভিনয় কৰি তেওঁ পৰিচিত আছিল।
হায়দৰাবাদৰ এখন চিকিৎসালয়ত বৃক্ক বিকল হোৱাৰ বাবে মৃত্যু হয় ফিশ ভেংকটৰ।চিকিৎসকে তেওঁক কিডনী ট্ৰান্সপ্লাণ্ট কৰিবলৈ পৰামৰ্শ দিছিল।
কিন্তু, আৰ্থিক অভাৱৰ বাবে অভিনেতাজনৰ পৰিয়ালে তেওঁৰ চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰিলে।ভেংকটৰ অৱস্থাৰ অৱনতি ঘটি গৈ থাকিল আৰু শেষত তেওঁ জীৱনৰ সৈতে যুঁজত পৰাস্ত হ’ল।
ভেংকটে বৃক্ক আৰু যকৃতৰ গুৰুতৰ সমস্যাত ভুগিছিল আৰু যোৱা কেইসপ্তাহমানৰ পৰা তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।
গোচৰটো গুৰুতৰ হৈ পৰাৰ লগে লগে পৰিয়ালটোৱে উপযুক্ত চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰিছিল।তেওঁৰ কন্যা শ্রৱন্তীয়ে আবেদন জনাই কয় যে তেওঁৰ জীয়াই থকাৰ বাবে অপৰিহাৰ্য কিডনী ট্ৰান্সপ্লাণ্টৰ বাবে তেওঁলোকে ৫০ লাখ টকাৰ আৰ্থিক সাহায্য বিচাৰিছিল।
দুটা দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ কমিক আৰু সহায়ক চৰিত্ৰৰ বাবে পৰিচিত আছিল আৰু প্ৰায়ে তেলেংগানা ভাষাৰ ছবিত অভিনয় কৰিছিল।
১৯৭১ চনত অন্ধ্ৰ প্ৰদেশৰ মাচিলিপট্টনমত জন্মগ্ৰহণ কৰা ফিশ ভেংকটে ২০০০ চনৰ ‘সম্মাক্কা সৰক্কা’ ছবিৰে অভিনয়ত আত্মপ্ৰকাশ কৰে।
উল্লেখযোগ্য যে, তেওঁ বেছিভাগেই পৰ্দাত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল আৰু পিছলৈ কিছুমান ছবিত কমেডিয়ান হৈ দৰ্শকক বহুত হাঁহিবলৈ বাধ্য কৰাইছিল।‘গব্বৰ সিং’, ‘আধুৰ’, ‘ডি জে টিল্লু’ আদি মহান ছবিৰে তেওঁ ৰাইজৰ মাজত নিজৰ স্থান দখল কৰিছিল।