জুবিনৰ ভাতৃ তুল্য সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ এৰিবলৈ অসমবাসীক অনুৰোধ গৰিমা গাৰ্গৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
গৰিমা শইকীয়া গাৰ্গ
গৰিমা শইকীয়া গাৰ্গ
 
গুৱাহাটী 
 
মন্ত্ৰমুগ্ধকৰ গান, হৃদয়স্পৰ্শী কণ্ঠৰে দেশে-বিদেশে অজস্ৰজনৰ হৃদয়ত স্থান দখল কৰা জুবিন গাৰ্গৰ অবিশ্বাস্য মৃত্যুত আজি শোকস্তব্ধ অসমৰ জন-জীৱন। জুবিন গাৰ্গৰ এই অকাল মৃত্যুৰ বাবে অনুৰাগীসকলে জগৰীয়া কৰিছে ছিংগাপুৰলৈ লৈ যোৱা নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ লগতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ঠায়ে ঠায়ে গোচৰ ৰুজু কৰা হৈছে। এককথাত কবলৈ হ'লে দুয়োজনৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ ঘটিছে৷  

এই পৰিপ্ৰেক্ষিতত শিল্পীগৰাকীৰ শেষযাত্ৰা শান্তিপূৰ্ণ আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে তেওঁ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ৰাজ্যবাসীলৈ কাতৰ অনুৰোধ জনাইছে।
 
 
গৰিমা শইকীয়া গাৰ্গে কয়, "মই সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছে যে, জুবিন এতিয়া আহিব, আপোনালোকে তেওঁ জীয়াই থকা সময়ত সদায়ে বহুত মৰম আৰু আশীৰ্বাদ দি আহিছে, আৰু  আপোনালোককো জুবিনে সিমানে ভালপায়। গতিকে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছো এতিয়া তেওঁ আহিব আৰু তেওঁ এই শেষযাত্ৰা অপোনালোকে শান্তিপূৰ্ণভাৱে আৰু ভালকৈ হৈ যাবলৈ দিয়ক। জুবিনৰ এই শেষযাত্ৰাত যাতে একো বাধা বিঘিনি নঘটাকৈ হৈ যাবলৈ দিয়ক। আমাক আৰক্ষী প্ৰশাসনে বহু সহায় কৰি আছে। কোনোবাই যদি কিবা অকমানো সন্দেহ কৰিছে যে, কিবা এটা খেলি মেলিও হৈছে, কৰোবাত কিবা সংঘাত ঘটিছে, সেইবোৰ যাতে নহওঁক। আমি সকলোৱে শেষবাৰৰ বাবে জুবিনক একেলগে চাম আৰু বিদায় দিম।"  
 
তেওঁ সিদ্ধাৰ্থ শৰ্মাক জুবিনৰ ভাতৃ তুল্য আছিল বুলি উল্লেখ কৰি লগতে কয়, "আমাৰ নিজৰ ভাইৰ নিচিনা সিদ্ধাৰ্থ আৰম্ভনিৰ পৰায়ে জুবিনৰ যত্ন লৈ আছে। আপোনালোকে জানে ২০২০ চনত যেতিয়া কোভিডৰ সময়ত জুবিনৰ এটা ডাঙৰ চিজাৰ এটেক হৈছিল সেইখিনি সময়ত তেওঁক চিকিৎসাৰ বাবে মুম্বাই লৈ যাব লগা হৈছিল। সেই সময়ত নিজৰ জীৱনকো বিপদাপন্ন কৰি সিদ্ধাৰ্থই বাহিৰত ওলাই গৈ খোৱা খাদ্যকে ধৰি অন্যন্য যাৱতীয় সামগ্ৰীৰ জুবিনক যোগান ধৰিছিল। আমি কেতিয়াবা তাক কিবা এষাৰ গালি পাৰিলেও জুবিনে তাক কেতিয়াও বেয়াকৈ কোৱা নাছিল বা কোনো মানুহকে কবলৈও দিয়া নছিল। সেয়েহে মই আপোনালোক সকলোকে অনুৰোধ জনাইছো আজি জুবিনৰ শেষ যাত্ৰাত সিদ্ধাৰ্থক লগত থাকিবলৈ দিয়ক। সিদ্ধাৰ্থক লৈ যদি আপোনালোকে কিবা ভাবিছে অনুগ্ৰহ কৰিছো যে, অপোনালোকে মনৰ পৰা ওলিয়াই দিয়ক আৰু তাক জুবিনৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ দিয়ক। সকলো থাকক একেলগে , আমৰ পৰিয়ালটো একেলগে থাকক। কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থৰ সমৰ্থনৰ প্ৰয়োজন হব। কাৰণ জুবিনৰ বহুত আধৰুৱা কাম আছে, যিবোৰ সিদ্ধাৰ্থৰ অবিহনে মই কৰিব নোৱাৰিম। তাৰ বিপক্ষে যি এজাহাৰ দিছে বা যি কৰিছে আপোনালোকে সেইবোৰ অনুগ্ৰহ কৰি পৰিহাৰ কৰক।"
 
উল্লেখ্য যে, ২০ ছেপ্টেম্বৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ।  এক সংগীতানুষ্ঠানৰ বাবে ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গে শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি আবেলি ২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বুলি ছিংগাপুৰ বিদেশ মন্ত্ৰালয়ে ভাৰত চৰকাৰক জানিবলৈ দিয়ে।  তেওঁৰ আকস্মিক মৃত্যুৱে অনুৰাগী আৰু সমগ্ৰ অসমীয়া সমাজক স্তম্ভিত কৰি তুলিছে আৰু ভাৰতৰ সংগীত জগতত গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে।