নতুন দিল্লী
মালয়ালম ছুপাৰষ্টাৰ মোহনলালক ২০২৩ চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৫ চনৰ ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।
তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে এক্সত এই খবৰ নিশ্চিত কৰি কয় যে, "মোহনলালৰ অনন্য চলচ্চিত্ৰ যাত্ৰাই বহু প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে! এই কিংবদন্তী অভিনেতা, পৰিচালক আৰু প্ৰযোজকক ভাৰতীয় চলচ্চিত্ৰ জগতত তেওঁৰ আইকনিক অৱদানৰ বাবে সন্মানিত কৰা হৈছে। তেওঁৰ অতুলনীয় প্ৰতিভা, বহুমুখী দক্ষতা আৰু অবিৰাম পৰিশ্ৰমই ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত এক সোনালী মানদণ্ড স্থাপন কৰিছে।"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত মোহনলালক অভিনন্দন জনাই লিখিছে, "মোহনলাল হৈছে উৎকৰ্ষ আৰু বহুমুখী দক্ষতাৰ প্ৰতিমূৰ্তি। দীৰ্ঘ দশকজুৰি বিস্তৃত তেওঁৰ সমৃদ্ধ কাৰ্যই মলয়ালম চলচ্চিত্ৰ, নাটক আৰু কেৰালাৰ সংস্কৃতিত এক শিখা হিচাপে উজ্বল হৈ আছে।"
তেওঁ আৰু লিখিছে, "তেওঁ তেলুগু, তামিল, কনাড়া আৰু হিন্দী চলচ্চিত্ৰতো অনন্য অভিনয় আগবঢ়াইছে। বিভিন্ন মাধ্যমত তেওঁৰ চলচ্চিত্ৰ আৰু নাট্যকলা অনুপ্ৰেৰণাদায়ক। তেওঁৰ সাফল্যই আগন্তুক প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি থাকিব।"
প্ৰতিক্ৰিয়া স্বৰূপে মোহনলালে লিখিছে, "দাদাচাহেব ফাল্কে বঁটা লাভ কৰি মই অতি গৌৰৱান্বিত বোধ কৰিছো। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ সদয় বাক্য আৰু আশীৰ্বাদ মোৰ মনক উল্লসিত আৰু উৎসাহিত কৰি তুলিছে।"
উল্লেখযোগ্য যে, যোৱা বছৰত অভিনেতা মিঠুন চক্ৰৱৰ্তীক ২০২২ চনৰ বাবে দাদাচাহেব ফাল্কে আজীৱন সাফল্য বঁটা প্ৰদান কৰা হৈছিল।
চাৰি দশকৰ উজ্জ্বল জীৱনযাত্ৰাত মোহনলালে ইতিমধ্যে ৪০০ৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০০১ চনত পদ্মশ্ৰী আৰু ২০১৯ চনত পদ্মভূষণ বঁটা লাভ কৰিছিল চলচ্চিত্ৰ শিল্পত।