ছানিয়া মিৰ্জাৰ ভগ্নী অনাম মিৰ্জা কোন প্ৰখ্যাত ক্ৰিকেটাৰৰ বোৱাৰী, জানো আহক

Story by  atv | Posted by  [email protected] • 5 Months ago
ছানিয়া মিৰ্জাৰ ভগ্নী অনাম মিৰ্জা কোন প্ৰখ্যাত ক্ৰিকেটাৰৰ বোৱাৰী, জানো আহক
ছানিয়া মিৰ্জাৰ ভগ্নী অনাম মিৰ্জা কোন প্ৰখ্যাত ক্ৰিকেটাৰৰ বোৱাৰী, জানো আহক
 
আৱাজ দ্য ভইচ অসম

ভাৰতৰ প্ৰাক্তন টেনিছ তাৰকা ছানিয়া মিৰ্জা শেহতীয়াকৈ এক খবৰৰ বাবে চৰ্চাৰ মাজলৈ আহিছিল। তেওঁৰ প্ৰাক্তন স্বামী তথা পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱাইব মালিকে পাকিস্তানৰ অভিনেত্ৰী ছানা জাভেদৰ সৈতে তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতে ছানিয়া মিৰ্জাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। এই খবৰৰ পিছতে মোহময়ী টেনিছ সুন্দৰীগৰাকীৰ পিতৃয়ে নিশ্চিত কৰে যে দম্পতীহালৰ বিবাহ বিচ্ছেদ হৈছে।
 
কিন্তু বহুতে হয়তো নাজানে যে ছানিয়া মিৰ্জাৰ ভগ্নী অনাম মিৰ্জা এগৰাকী সফল উদ্যোগী। অনাম মিৰ্জাই নাছৰ স্কুল (Nasr School)ৰ পৰা গণসংযোগ আৰু মিডিয়া অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় চেনেলত ইন্টাৰ্ণ হিচাপে সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰে।
 
এক অনুষ্ঠানত ভগ্নী অনামৰ সৈতে ছানিয়া মিৰ্জা
 
কিন্তু অতি সোনকালেই তেওঁ উদ্যোগীকৰণৰ দিশে আগবাঢ়ে আৰু ২০১৩ চনত উচ্চাকাংক্ষী সাংবাদিকসকলৰ বাবে ‘ইংক টু চেঞ্জ’ নামৰ এটা  ৱেবছাইট মুকলি কৰে। ইয়াৰ পিছত ২০১৪ চনত আকবৰ ৰছিদৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁ ফেশ্বন লেবেল ‘দ্য লেবেল বজাৰ’ মুকলি কৰে। ২০২২ চনত অনামে ভাৰতৰ সৰ্ববৃহৎ ৰমজান এক্সপ’ দাৱত-ই-ৰমজানৰ সহ-প্ৰতিষ্ঠা কৰে। কোম্পানীটোৱে মাত্ৰ দুবছৰত নিজৰ ব্যৱসায় যথেষ্ট সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছে।
 
২০১৬ চনত আকবৰ ৰছিদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা আনমে ২০১৮ চনত বিবাহ বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লয়। ২০১৯ চনত তেওঁ ক্ৰিকেটাৰ মহম্মদ আছাদুদ্দিনৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। উল্লেখ্য যে, মহম্মদ আছাদুদ্দিন হৈছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ মহম্মদ আজহাৰুদ্দিনৰ পুত্ৰ।