বুকুৰ বিষত আক্ৰান্ত হোৱাত চিকিৎসালয়ত ভৰ্তি মিথুন চক্ৰৱৰ্তী

Story by  atv | Posted by  Munni Begum • 1 Years ago
 মিথুন চক্ৰৱৰ্তী
মিথুন চক্ৰৱৰ্তী
 
মুম্বাই
 
প্ৰবীণ অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীয়ে শনিবাৰে পুৱা বুকুৰ বিষত আক্ৰান্ত হোৱাত কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
 
অভিনেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, তেওঁ বুকুৰ বিষৰ বাবে অস্বস্তি অনুভৱ কৰিছিল, তাৰ পিছত তেওঁক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।
 
শেহতীয়াকৈ মিথুন চক্ৰৱৰ্তীক সন্মানীয় পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদানৰ খবৰটো পোষ্ট কৰি অভিনেতা তথা ৰাজনীতিবিদগৰাকীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি বাংলা ভাষাত এটা ভিডিঅ' প্ৰকাশ কৰিছে।
 
তেওঁ ভিডিঅ'টোত কয়, "মই গৌৰৱান্বিত, মই এই বঁটা লাভ কৰি সুখী। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই কেতিয়াও কাৰো পৰা নিজৰ বাবে একো বিচৰা নাই। আজি নোসোধাকৈ কিবা এটা লাভ কৰাৰ সুখ অনুভৱ কৰিছোঁ। যিটো একেবাৰে এক বেলেগ অনুভৱ৷ বৰ ভাল অনুভৱ হৈছে।"