জনপ্ৰিয় কণ্ঠশিল্পী তথা সুৰকাৰ এ আৰ ৰহমানৰ বিৰুদ্ধে গীত চুৰিৰ অভিযোগ

Story by  atv | Posted by  [email protected] • 1 Months ago
সংগীত সুৰকাৰ এ আৰ ৰহমান
সংগীত সুৰকাৰ এ আৰ ৰহমান
 
নতুন দিল্লী
 
সংগীত সুৰকাৰ এ আৰ ৰহমান আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। কিছুদিনৰ আগতে তেওঁৰ ‘সাম্প্ৰদায়িক বৈষম্য’ মন্তব্যৰ বাবে বিপদত পৰিছিল।
 
এতিয়া এ আৰ ৰহমানৰ বিৰুদ্ধে গান চুৰিৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ ধ্ৰুপদ শৈলীৰ ভাৰতীয় শাস্ত্ৰীয় গায়ক উস্তাদ ফৈয়াজ ৱাচিফুদ্দিন ডাগাৰে উত্থাপন কৰিছে। য’ত তেওঁ সুৰকাৰজনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো আবেদন দাখিল কৰিছে।
 
উস্তাদ ফায়াজ ৱাছিফুদ্দিন ডাগাৰে অভিযোগ কৰিছে যে এ আৰ ৰহমানে মণি ৰত্নমৰ তামিল ছবি ‘পনিয়িন চেলভান ২’ৰ ‘বীৰা ৰাজা বীৰা’ গীতটোত তেওঁৰ পৰিয়ালৰ পুৰণি ৰচনা ‘শিৱ স্তুতি’ৰ এটা অংশ চুৰি কৰিছিল।এই ছবিখন ২০২৩ ত মুক্তি লাভ কৰিছিল,যিয়ে দৰ্শকৰ সমাদৰ লাভ কৰিছিল।
 
তেওঁৰ এই দাবী ধ্ৰুপদ গায়ন বা সমগ্ৰ বন্ধনীৰ ওপৰত নহয়।কিন্তু যিটো ছুল তাল (যিটো এটা বিশেষ ধৰণৰ ছন্দ)ত ইয়াক ৰচনা কৰা হৈছে,সেইটো তেওঁৰ নিজৰ কথা।
 
সাধাৰণতে ইয়াক চৌতালত গোৱা হয়, যিটো প্ৰায় ৮০০ বছৰ আগতে  আমিৰ খুছৰোৱে ৰচনা কৰিছিল।কিন্তু ডাগাৰ শৈলীত ইয়াক ছুল ছন্দত গোৱা হয়।
 
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয় মাল্যা বাগচিৰে গঠিত বিচাৰপীঠে শুনানি গ্ৰহণ কৰে।য’ত মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে, ডাগৰ বাণীক কোনো পৰিচয়ৰ প্ৰয়োজন নাই।
 
গোটেই বিশ্বই ডাগৰ পৰিয়াল আৰু তেওঁলোকৰ ধ্ৰুপদ সংগীতৰ কথা জানে । এইসকল লোক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শীৰ্ষ শ্ৰেণীৰ শিল্পী হৈ আহিছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এ আৰ ৰহমানৰ অধিবক্তাক কয় যে,’আমি পৰীক্ষা কৰিব বিচাৰো যে প্ৰকৃত লেখক কোন। প্ৰথমে গীতটো গাই দিলেই লেখক হৈ নাযায়।