অস্কাৰৰ বাবে মনোনীত 'টুৱেল্‌ভ ফেইল’ ছবিখন

Story by  atv | Posted by  Munni Begum • 8 Months ago
 'টুৱেল্‌ভ ফেইল’ ছবিৰ পোষ্টাৰ
'টুৱেল্‌ভ ফেইল’ ছবিৰ পোষ্টাৰ
 
নতুন দিল্লী
 
অস্কাৰৰ বাবে মনোনীত হৈছে বিক্রান্ত মেছি অভিনীত 'টুৱেল্‌ভ ফেইল’ ছবিখন। এমাহ পূর্বে মুক্তি পোৱা টুৱেল্‌ভ ফেইল’ ছবিখনে ইতিমধ্যে বলিউড বক্স অফিচত সুন্দৰ প্ৰদৰ্শন কৰিছে। এই ছবিখনক অস্কাৰৰ বাবে মনোনীত কৰা হৈছে। 
 
এক সাক্ষাৎকাৰত অভিনেতা বিক্রান্ত মেছিয়ে প্ৰকাশ কৰিছে ২০২৪ চনৰ অস্কাৰৰ বাবে স্বতন্ত্র মনোনয়নৰ আধাৰত প্ৰেৰণ কৰা হৈছে। 
 
বিধু-বিনোদ চোপ্ৰাৰ নিৰ্দেশনাত নিৰ্মাণ হোৱা এই ছবিখন আই এ এছ বিষয়া মনোজ শৰ্মাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে। যোৱা ২৭ অক্টোবৰত ছবিখনে মুক্তি লাভ কৰিছিল।