পদ্ম বিভূষণ বঁটা বিজয়ী কিংবদন্তি অভিনেত্ৰী ব্যজন্তীমালাক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
ব্যজন্তীমালাক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ব্যজন্তীমালাক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী 
 
সোমবাৰে চেন্নাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বিভূষণ বঁটা বিজয়ী তথা কিংবদন্তি অভিনেত্ৰী ব্যজন্তীমালাক সাক্ষাৎ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, "ভাৰতীয় চিনেমা জগতলৈ আদৰ্শগত অৱদান”ৰ বাবে ব্যজন্তীমালা সমগ্ৰ দেশতে প্ৰশংসিত হৈ পৰিছে।" প্ৰধানমন্ত্ৰীয়ে চেন্নাইত তেওঁলোকৰ সাক্ষাৎকাৰৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছে যে শেহতীয়াকৈ তেওঁক দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হৈছে।
 
এক্সত দিয়া এক পোষ্টত তেওঁ কয়, "চেন্নাইত ব্যজন্তীমালা জীক লগ পাই আনন্দিত হৈছো। তেওঁ পদ্ম বিভূষণ সন্মান লাভ কৰিছে আৰু ভাৰতীয় চিনেমা জগতলৈ তেওঁৰ আদৰ্শ অৱদানৰ বাবে সমগ্ৰ ভাৰততে তেওঁক প্ৰশংসা কৰা হৈছে।" 
৯০ বছৰীয়া প্ৰশংসিত অভিনেত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ জানুৱাৰী মাহত পদ্ম বিভূষণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাপক তালিকাত স্থান লাভ কৰিছিল। ২০২৪ বৰ্ষৰ বাবে পদ্ম বঁটা লাভৰ বাবে তামিলনাডুৰ পৰা আঠজন ব্যক্তিক নিৰ্বাচিত কৰা হৈছে আৰু শিল্পক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ব্যজন্তীমালাক এই প্ৰতিপত্তি প্ৰদান কৰা হৈছে। 
 
এইবাৰ পদ্ম বিভূষণ ৫ গৰাকী, পদ্মভূষণ ১৭ গৰাকী আৰু পদ্মশ্ৰী বঁটা ১১০ গৰাকী প্ৰদান কৰা হৈছে। ইয়াৰে ভিতৰত ৩০ গৰাকী বঁটাপ্ৰাপকে হৈছে মহিলা। অভিনয়ৰ স্বীকৃতিৰ উপৰিও শাস্ত্ৰীয় নৃত্যৰ কৃতিত্ব আৰু নৃত্য ৰূপ ভাৰতনাট্যমৰ ব্যতিক্ৰমী দক্ষতাৰ বাবেও ব্যজন্তীমলা জনপ্ৰিয় হৈ পৰিছিল। 
 
সোমবাৰৰ পৰা আৰম্ভ হোৱা তামিলনাডু আৰু তেলেংগানালৈ দুদিনীয়া ভ্ৰমণৰ সময়ত চেন্নাই ভ্ৰমণ কৰি থকা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ এটা পাৰমাণৱিক শক্তি কেন্দ্ৰত উপস্থিত আছিল। চেন্নাইৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কল্পকামত দেশৰ থলুৱা প্ৰ’ট’টাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ (পিএফবিআৰ)ৰ কোৰ লোডিঙৰ আৰম্ভণি হয়। এই ৫০০ মেগাৱেৰ ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰটো ভাৰতীয় নাভিকীয়া বিদ্যুৎ নিগম লিমিটেড (ভাভিনি)ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানত ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ লগতে অন্যান্য কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহন কৰে।