মুম্বাই
যোৱা এবছৰৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা ‘পবিত্ৰ ৰিষ্টা’ ধাৰাবাহিকখনৰ অভিনেত্ৰী প্ৰিয়া মাৰাথে দেওবাৰে মুম্বাইত মৃত্যুবৰণ কৰে। ৩৮ বছৰীয়া অভিনেত্ৰী প্ৰিয়াই বহু হিন্দী আৰু মাৰাঠী টিভি শ্ব’ত অভিনয় কৰিছিল। এক প্ৰতিবেদন অনুসৰি, দেওবাৰে পুৱা কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত প্ৰিয়াই শেষ নিশ্বাস ত্যাগ কৰে। কিয়নো চিকিৎসা লাভ কৰাৰ পিছতো তেওঁ সুস্থ হ’ব পৰা নাছিল।
প্ৰিয়া আছিল এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান আৰু টেলিভিছন অভিনেত্ৰী। ১৯৮৭ চনৰ ২৩ এপ্ৰিলত মুম্বাইত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল। মুম্বাইৰ পৰা শিক্ষা গ্ৰহণ কৰি তাৰ পিছত অভিনয়ৰ জগতখনত খোজ পেলাই আৰু অতি সোনকালেই মাৰাঠী ধাৰাবাহিক ‘য়া সুখানোয়া’ আৰু তাৰ পিছত ‘চৰ দিভাস সাসুচে’ৰ জৰিয়তে টিভিত আত্মপ্ৰকাশ কৰে। ২০১২ চনত তেওঁ শান্তনু মোঘেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
বালাজী টেলিফিল্মছৰ 'কাছাম ছে' ছবিতো বিদ্যা বালিৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰিয়াই। পৰৱৰ্তী সময়ত ‘কমেডী চাৰ্কাছ’ৰ প্ৰথম ছিজনতো দেখা গৈছিল তেওঁক। ইয়াৰ পিছত তেওঁ টেলিভিছনৰ ধাৰাবাহিক 'পবিত্ৰ ৰিষ্টা'তো কাম কৰিছিল।
২০১২ চনৰ এপ্ৰিল মাহত ছোনী টিভিত প্ৰচাৰিত জনপ্ৰিয় দৈনিক ধাৰাবাহিক ‘বাড়ে আচ্চে লগাতে হ্যায়’ত জ্যোতি মালহোত্ৰাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ আন আন ৰচনাসমূহৰ ভিতৰত ‘তু তিথে মে’, ‘ভাগে ৰে মান’, ‘জয়স্তুতে’ আৰু ‘ভাৰত কা বীৰ পুত্ৰ - মহাৰাণা প্ৰতাপ’ আদিসমূহতো অভিনয় কৰিছে। জী টিভিত প্ৰচাৰিত ‘পবিত্ৰ ৰিষ্টা’ ধাৰাবাহিকখনত তেওঁ বৰ্ষা সতীশৰ চৰিত্ৰত অভিনয় কৰিছিল।