গুৱাহাটীৰ বৃদ্ধাশ্ৰমৰ বৃদ্ধা মহিলাৰ মুখলৈ হাঁহি কঢ়িয়ালে শ্বাহৰুখৰ ‘জাৱান’ ছবিয়ে

Story by  atv | Posted by  [email protected] • 10 Months ago
গুৱাহাটীৰ বৃদ্ধাশ্ৰমৰ বৃদ্ধা মহিলাৰ মুখলৈ হাঁহি কঢ়িয়ালে শ্বাহৰুখৰ ‘জাৱান’ ছবিয়ে
গুৱাহাটীৰ বৃদ্ধাশ্ৰমৰ বৃদ্ধা মহিলাৰ মুখলৈ হাঁহি কঢ়িয়ালে শ্বাহৰুখৰ ‘জাৱান’ ছবিয়ে
 
গুৱাহাটী

বলীউদৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান অভিনীত ‘জাৱান’ ছবিৰ যাদু সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। অভিনেতাগৰাকীৰ বাবে সকলো বয়সৰ আৰু সকলো শ্ৰেণীৰ লোক উন্মাদ হৈ পৰিছে। খবৰ অনুসৰি, অসমৰ গুৱাহাটীৰ একাংশ শ্বাহৰুখ অনুৰাগীয়ে বৃদ্ধাশ্ৰমৰ বৃদ্ধাসকলৰ বাবে ‘জাৱান’ৰ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে।
 
শ্বাহৰুখ খান ইউনিভাৰ্ছ ফেন ক্লাব একাউণ্টে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত বৃদ্ধ আইতাসকলে বাদশ্বাহ শ্বাহৰুখৰ জাৱান উপভোগৰ পিছত হাঁহি হাঁহি কেমেৰাৰ সন্মুখত আনন্দৰে পোজ দিয়া দেখা গৈছে। পোষ্টটোৰ কেপচনত লিখা আছিল- “সকলো বয়সৰ মহিলাই এছ আৰ কেক ভাল পায়। তেওঁলোকৰ হাঁহিবোৰ চাওকচোন। গুৱাহাটীৰ এখন বৃদ্ধাশ্ৰমৰ এই হাঁহিমুখীয়া মহিলাসকলে জাৱান চাই ওলাই আহিছে।"
 
দেওবাৰে শ্বাহৰুখ খানে পোষ্টটোৰ উত্তৰ দি কয়, “ধন্যবাদ আৰু তেওঁলোকৰ প্ৰত্যককে মোৰ ফালৰ পৰা উষ্ম আলিংগন দিছো। মোৰ চিনেমাই তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পৰাত অত্যন্ত আনন্দিত হৈছো। গুৱাহাটীবাসী ৰাইজ তেওঁলোকৰ প্ৰতি মোৰ মৰম আৰু অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰক!!!”
টুইটাৰৰ আন এটা পোষ্টত জনপ্ৰিয় অভিনেতাজনে মহাৰাষ্ট্ৰৰ পুনেৰ অনুৰাগীসকলকো ধন্যবাদ জনাইছে, যিসকলে আইকনিক ভিক্টোৰিয়া থিয়েটাৰত ‘জাৱান’ৰ উইকেণ্ড শ্ব’ উপভোগ কৰে। তেওঁ লিখিছে: “ধন্যবাদ পুনে। আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো। আশাকৰোঁ আপোনালোকে জাৱান চাই উইকেণ্ডটো আনন্দৰে পাৰ কৰিছে”।
 
উল্লেখ্য যে, ছুপাৰহিট ছবি ‘জাৱান’ত শ্বাহৰুখৰ সৈতে অভিনয় কৰিছে নয়ন্তৰা, বিজয় ছেঠুপতি, দীপিকা পাডুকন, প্ৰিয়মণি আৰু সন্যা মালহোত্ৰাই। ৭ ছেপ্টেম্বৰত ছবিগৃহত ছবিখন মুক্তি পাইছিল।
 
একছনধৰ্মী ছবি ‘জাৱানে’ মাত্ৰ ৯ দিনৰ ভিতৰতে বছৰৰ আন আন ডাঙৰ হিট ছবি ছানি দেউল আৰু আমীছা পেটেলৰ ‘গাদৰ ২’ৰ বক্স অফিচ কালেকচন অতিক্ৰম কৰিবলৈ সক্ষম হয়। অষ্টম আৰু নৱম দিনত ক্ৰমে ২১.৯০ কোটি আৰু ২০.২০ কোটি টকাকে ধৰি ‘জাৱানে’ বিশ্বজুৰি ৬৯৬ কোটি টকা উপাৰ্জন কৰিছে। 
 
এছ আৰ কেৰ পৰৱৰ্তী ছবিখন হৈছে 'ডাংকি'।