হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট ২০২৫ত প্ৰথম স্থানত আছে শ্বাহৰুখ খান

Story by  atv | Posted by  Munni Begum • 1 h ago
শ্বাহৰুখ খান
শ্বাহৰুখ খান
 
নতুন দিল্লী
 
এতিয়া বিলিয়নেয়াৰ ক্লাবত সন্নিবিষ্ট হৈছে শ্বাহৰুখ খানৰ  নাম। তিনি দশকৰো অধিক দীঘলীয়া চলচ্চিত্ৰ জীৱন যাত্ৰাৰ পাছত শ্বাহৰুখ খানে হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট ২০২৫ত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে, যিখন তালিকা ১ অক্টোবৰত প্ৰকাশিত হয়। এই তালিকা প্ৰতিবছৰে হুৰুন ৰিচাৰ্চ ইনষ্টিটিউট-এ প্ৰকাশ কৰে আৰু ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ চেলিব্ৰিটিসকলৰ সম্পদ মূল্যায়ন কৰে।
 
তালিকাখনত শ্বাহৰুখ খানৰ সম্পদ বৃদ্ধিৰ কথা উলিয়াই কোৱা হৈছে, “বলিউডৰ বাদশাহ শ্বাহৰুখ খান (৫৯) প্ৰথমবাৰৰ বাবে বিলিয়নেয়াৰ ক্লাবত প্ৰৱেশ কৰিলে, তেওঁৰ সম্পত্তি ১২,৪৯০ কোটি টকা। প্ৰতিবেদন অনুসৰি ২০২৫ চনত শ্বাহৰুখ খান হৈছে বলিউডৰ আটাইতকৈ ধনী আইকন।"
 
তালিকাত জুহি চাওলা আৰু তেওঁৰ পৰিয়ালৰ নাম পৰৱৰ্তী স্থানত আছে, যাৰ নিট সম্পত্তি ৭,৭৯০ কোটি টকা। তৃতীয় স্থানত হৃতিক ৰোশন, তেওঁৰ সম্পত্তি ২,১৬০ কোটি টকা। কৰণ জোহৰ আৰু অমিতাভ বচ্চন ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থানত আছে।
 
শ্বাহৰুখ খানে ২০২৪ চনৰ হুৰুন ইণ্ডিয়া ৰিচ লিষ্টত প্ৰথমবাৰ উপস্থিতি জনাইছিল, যেতিয়া তেওঁৰ বয়স আছিল ৫৮ আৰু সম্পত্তি আছিল ৭,৩০০ কোটি টকা। 
 
অভিনেতা হোৱাৰ উপৰিও, শ্বাহৰুখ খান হৈছে Red Chillies Entertainment নামৰ প্ৰডাকশ্যন হাউছৰ সহ-স্বত্বাধিকাৰী। লগতে IPL দল কলকাতা নাইট ৰাইডাৰ্ছ-ৰো সহ-স্বত্বাধিকাৰী। 
 
চলিত বছৰত শ্বাহৰুখ খানে 'জাৱান' চলচ্চিত্ৰৰ বাবে জাতীয় চলচ্চিত্ৰ পুৰষ্কাৰত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছে। তেওঁৰ এইটো প্ৰথম ৰাষ্ট্ৰীয় বঁটা। ২০২৩ চনত মুক্তিপ্ৰাপ্ত জৱা'জাৱান'ন হৈছে ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ অন্যতম সৰ্বাধিক সফল ছবি, যিয়ে কেৱল দেশীয় বক্স অফিচতে ১,০০০ কোটি টকা আয় কৰিছিল।