আমিৰ খান আৰু শ্বাহৰুখ খানৰ পৰিয়ালৰ নজনা কিছু কথা

Story by  atv | Posted by  Munni Begum • 1 Years ago
আমিৰ খান আৰু শ্বাহৰুখ খান
আমিৰ খান আৰু শ্বাহৰুখ খান
 
মঞ্জিত ঠাকুৰ
 
বিগত দুটা দশক ধৰি হিন্দী চলচ্চিত্ৰ জগতত আধিপত্য বিস্তাৰ কৰি অহা দুগৰাকী উজ্জ্বল তাৰকা হৈছে আমিৰ খান আৰু শ্বাহৰুখ খান। এই দুয়োগৰাকী তাৰকাৰ স্বাধীনতা সংগ্ৰামীৰ সৈতে পাৰিবাৰিক সম্পৰ্ক আছে। আমিৰ খানৰ আজোককাই শ্বাহৰুখ খানৰ পিতৃৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। 
 
দৰাচলতে গুৰগাঁও (বৰ্তমান গুৰুগ্ৰাম) লোকসভাৰ আসনত সেই প্ৰতিদ্বন্দ্বিতা স্বাধীনতা সংগ্ৰামীৰ মাজত হোৱা নিৰ্বাচন আছিল। দুয়োগৰাকীয়ে নিৰ্বাচনত কিমান ভোট লাভ কৰিছিল সেয়াও এক অভিলেখ আছিল।  
 
মহান স্বাধীনতা সংগ্ৰামী আৰু ভাৰতৰ মহান ব্যক্তি মৌলানা আব্দুল কালাম আজাদ আৰু ড° জাকিৰ হুছেইনৰ সৈতে আমিৰ খানৰ সম্পৰ্ক আছিল। মৌলানা আজাদ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী আৰু ড° জাকিৰ হুছেইন ৰাষ্ট্ৰপতি আছিল। 
 
ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদ
 
এই মহাপুৰুষসকলৰ সৈতে থকা আমিৰ খানৰ পাৰিবাৰিক সম্পৰ্কৰ বিষয়ে বহুতে নাজানে। অৱশ্যে আমিৰ খানৰ বিজেপিৰ জ্যেষ্ঠ নেতা ড° নাজমা হেপতুলাৰ সৈতেও পাৰিবাৰিক সম্পৰ্ক আছে।  
 
বহু আগতে আমিৰ খানে মৌলানা আজাদৰ ওপৰত এখন ছবি নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছিল। কিন্তু তেওঁৰ ইচ্ছা এতিয়াও পূৰণ হোৱা নাই। আনহাতে, পাঠানক হিট কৰি এবাৰ নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰা শ্বাহৰুখ খানও স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ অন্তৰ্গত। 
 
এটা উপাখ্যান অতি জনপ্ৰিয় যে ১৯৪০ চনৰ শেষৰ ফালে এজন ব্যক্তিয়ে গাড়ী দুৰ্ঘটনাত ভুক্তভোগীৰ পৰিয়ালক বহুত সহায় কৰিছিল। বিশেষকৈ সেই পৰিয়ালৰ ছোৱালীজনীক সেই ব্যক্তিজনে সহায় কৰিছিল। 
 
শ্বাহৰুখ খানৰ পিতৃ তাজ মহম্মদ খান আৰু মাতৃ লতিফ ফাতিমা
 
সেই সময়ত ব্যক্তিগৰাকী ব্ৰিটিছ সেনাবাহিনীত কেপ্তেইন পদবীত আছিল আৰু অলপ পিছতে যেতিয়া তেওঁ আজাদ হিন্দ ফৌজ (আই এন এ)ৰ মেজৰ জেনেৰেল হৈছিল, তেতিয়া তেওঁৰ নাম চৌদিশে বিখ্যাত হৈ পৰিছিল। তেওঁৰ নাম আছিল জেনেৰেল শ্বাহনৱাজ খান। 
 
বহু বিশেষজ্ঞই দাবী কৰে যে জেনেৰেল (তেতিয়াৰ কেপ্তেইন) শ্বাহনৱাজ খানে সহায় কৰা ছোৱালীজনী আছিল লতিফ ফাতিমা। শ্বাহনৱাজ খানে সেই ছোৱালীজনীক এক প্ৰকাৰে নিজৰ দত্তক ছোৱালী কৰি লৈছিল। শ্বাহনৱাজ খানে ফাতিমাক ইমানেই বিশ্বাস কৰিছিল যে ১৯৫৯ চনত যেতিয়া তেওঁৰ বিয়া হৈছিল, তেতিয়া জেনেৰেল শ্বাহনৱাজ খানৰ ঘৰত তেওঁৰ বিয়া অনুষ্ঠিত কৰা হৈছিল। 
 
শ্বাহৰুখ খান (বাওঁফালে) আৰু শ্বাহৰুখ খানৰ পিতৃ তাজ মহম্মদ খান আৰু মাতৃ লতিফ ফাতিমা (সোঁফালে)
 
লতিফ ফাতিমা আৰু তেওঁৰ স্বামী তাজ মহম্মদ খানৰ ১৯৬৫ চনত এটি পুত্ৰ সন্তান জন্ম হয় আৰু সেই পুত্ৰ বৰ্তমানৰ এক উজ্জ্বল তাৰকা। যাৰ নাম শ্বাহৰুখ খান। নিঃসন্দেহে শ্বাহনৱাজ খানৰ নাম উলিয়ালেই মনত এটা শ্লোগান প্ৰতিধ্বনিত হয়- লালকিল্লা ছে আয়ী আৱাজ, ছেহগল, ধীলো, শ্বাহনৱাজ। এই শ্লোগান আজিও পুৰণি মানুহৰ মাজত সজীৱ হৈ আছে।  
 
এইদৰে ভাৰতীয় স্বাধীনতা সংগ্ৰামত জেনেৰেল শ্বাহনৱাজ খানৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত স্বতন্ত্ৰ ভাৰতীয় সেনাবাহিনীৰ ‘মুখ্য সেনাপতি’ জেনেৰেল শ্বাহনৱাজ খানৰ ত্যাগ আৰু কৃতিত্ব এতিয়াও ৰাষ্ট্ৰৰ বাবে এক সম্পদ। জেনেৰেল শ্বাহনৱাজ খান দেশপ্ৰেম আৰু জাতীয়তাবাদৰ প্ৰতীক হৈয়েই থাকিল।   
 
আমিৰ খান
 
কিন্তু, আজি আমিৰ খান আৰু শ্বাহৰুখ খানৰ ছুপাৰষ্টাৰ ইমেজৰ বাবে দৰ্শকৰ মাজত যুঁজ দিয়া দেখা দেখা যায়। বক্স অফিচৰ ৰজাৰ পদৰ বাবে দুয়োৰে মাজত টনা-আঁজোৰা কৰা দেখা যায়। দুয়োৰে মাজৰ এই প্ৰতিযোগিতা তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ মাজতো আছিল। 
 
আমিৰ খানৰ আজোককা পিতৃ মৌলানা আজাদ আৰু শ্বাহৰুখ খানৰ পিতৃ তাজ মহম্মদ খানে নিৰ্বাচনী পথাৰত মুখামুখি হৈছিল। যেতিয়া দেশত দ্বিতীয়টো লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া মৌলানা আজাদে গুৰগাঁও লোকসভাৰ আসনৰ পৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। শ্বাহৰুখৰ পিতৃ তাজ মহম্মদ খানেও সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। 
 
এই নিৰ্বাচনত মৌলানা আজাদে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছিল। সেই নিৰ্বাচনত তাজ মহম্মদ গুৰগাঁৱৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা হেৰাই গৈছিল। মৌলানা আজাদে প্ৰায় ৬৭ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ভাৰতীয় জন সংঘৰ প্ৰাৰ্থী মূলচান্দে প্ৰায় ৩৩ শতাংশ ভোট লাভ কৰিছিল। তাজ মহম্মদ খানে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল আৰু শূন্য ভোট লাভ কৰিছিল। 
 
তথাপিও মৌলানা আজাদৰ দৰে বিশাল ব্যক্তিত্বৰ সন্মুখত জয়ী হোৱাটো কঠিন আছিল যদিও গণতন্ত্ৰৰ এই উৎসৱত তাজ মহম্মদেও নিজৰ প্ৰাণ আহুতি দিছিল আৰু ভোট লাভ কৰিব নোৱাৰিলেও ভাৰতীয় গণতন্ত্ৰত নিজৰ অংশ নিশ্চিত কৰিছিল।