প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত শ্বাহৰুখ প্ৰয়াসৰ “জুবিন গাৰ্গ – তুমি গানৰ সুবাস” উন্মোচন

Story by  atv | Posted by  [email protected] • 1 d ago
'জুবিন গাৰ্গ – তুমি গানৰ সুবাস' শীৰ্ষক গীত উন্মোচনৰ সময়ত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুৰঞ্জনা সেনাপতিকে ধৰি অন্যান্য কৰ্মচাৰীসকল
'জুবিন গাৰ্গ – তুমি গানৰ সুবাস' শীৰ্ষক গীত উন্মোচনৰ সময়ত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুৰঞ্জনা সেনাপতিকে ধৰি অন্যান্য কৰ্মচাৰীসকল
 
গুৱাহাটী

অসমৰ আবেগ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত সোমবাৰে জি. ডি. এ. ক্ৰিয়েচনৰ বেনাৰত “জুবিন গাৰ্গ – তুমি গানৰ সুবাস” নামৰ এক সুৰীয়া আধুনিক গীত উন্মোচন কৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে। এই গভীৰ অৰ্থবহ হৃদয়স্পৰ্শী গীতটো উন্মোচন কৰি সঞ্চালক সেনাপতিয়ে কাৰ্যালয়ৰ ব্যস্ততাৰ মাজতো সুন্দৰৰ আৰাধনা কৰি যো‌ৱা বাবে সঞ্চালকালয়ৰ পৰিদৰ্শন অডিটৰ (IA) অপূৰ্ব কুমাৰ কাকতিক ভূয়সী প্ৰসংশা কৰে।

উল্লেখ্য যে, অপূৰ্ব কুমাৰ কাকতিৰ কথাৰে গীতটোত সুৰ তথা কন্ঠদান কৰিছে যু‌ৱ প্ৰজন্মৰ প্ৰতিভা সম্পন্ন গায়ক তথা বজালীৰ সু-সন্তান শ্বাহৰুখ প্ৰয়াসে। গীতটোত প্ৰস্তুতি পৰাশৰ, সঞ্জীৱ শৰ্মাকে ধৰি বহু আগশাৰীৰ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। ইউটিউবত উপলব্ধ গীতটোক ইতিমধ্যে ৰাইজে আদৰি লৈছে। 
 

অনুষ্ঠানৰ এক মুহূৰ্ত
 
উন্মোচনী অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলে তেখেতৰ গীত-মাতো পৰিবেশন কৰে। সঞ্চালকালয়ত এটি সৃষ্টিশীল সাংস্কৃতিক পৰিবেশ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে কাৰ্যালয়ৰ দৈনন্দিন কাম-কাজৰ লগতে কৰ্মচাৰীসকলে সাংস্কৃতিক, সামাজিক তথা বৌদ্ধিক কাৰ্যসূচীৰ লগত নিজক জড়িত ৰাখি নিজৰ উপৰিও সমাজৰ উৎকৰ্ষ সাধন কৰাত গুৰুত্ব আৰোপ কৰে। 

গীতিকাৰ তথা সু-লেখক ডাঃ দেৱজিত বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত সেনাপতিয়ে পুনৰ কয়, "আমি সকলোৱে আমাৰ কাৰ্যালয়ত এনে এক পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব, য’ত আমাৰ দৈনন্দিন কাম-কাজত বাধা নোহোৱাকৈ সকলোৱে সৃষ্টিশীলতা আৰু দক্ষতা বিকশিত কৰিব পাৰে। এনে পদক্ষেপৰ জৰিয়তে আমি আমাৰ কৰ্তব্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লগতে কলাত্মক প্ৰকাশভংগীৰ পোষকতা কৰিব পাৰো। আশাকৰোঁ আমাৰ এই অনুষ্ঠানে ভৱিষ্যতে সকলো কাৰ্যালয়তে আৰু বহুতো এনেধৰণৰ অনুষ্ঠানৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব।"