নতুন দিল্লী
হোৱাছএপৰ সুৰক্ষাত অধিক দায়বদ্ধ হৈছে কর্তৃপক্ষ। তাৰেই অংশ হিচাপে যোৱা অক্টোবৰ মাহত দেশত বন্ধ কৰা হয় অভিলেখসংখ্যক ৭৫ লাখৰো অধিক 'বেয়া' একাউন্ট।
নতুন তথ্য-প্রযুক্তি অধিনিয়ম ২০২১ৰ আওতাত বন্ধ হোৱা ৭৫,৪৮,০০০ একাউণ্টৰ ১৯,১৯,০০০ টা নিষিদ্ধ হয় মাহিলি অভিযোগৰ ওপৰত ভিত্তি কৰি।
উল্লেখ্য, দেশৰ ৫০০ নিযুতৰো অধিক হোৱাটছএপৰ ব্যৱহাৰকাৰীৰ ভিতৰত ৯,০৬৩ টা অভিযোগ গ্রহণ কৰা হৈছিল যোৱা অক্টোবৰ মাহতেই। কেন্দ্ৰীয় চৰকাৰে এনে অৱস্থাৰ পৰিপ্ৰেক্ষিততে শেহতীয়াকৈ গঠন কৰিছে এখন অভিযোগ আপীল সমিতি (জি এ চি)।