ভাৰতৰ বজাৰত মুকলি অপ্প'ৰ ফাইণ্ড এন২ ফ্লিপ স্মার্টফোন

Story by  atv | Posted by  Munni Begum • 8 Months ago
অপ্প'ৰ ফাইণ্ড এন২ ফ্লিপ স্মার্টফোন
অপ্প'ৰ ফাইণ্ড এন২ ফ্লিপ স্মার্টফোন
 
নতুন দিল্লী 
 
চীনৰ স্মার্টফোন নির্মাতা প্রতিষ্ঠান অপ্প’ৱে সোমবাৰে ভাৰতৰ বজাৰত মুকলি কৰিছে ফাইণ্ড এন২ ফ্লিপ স্মার্টফোন। ১৭ মাৰ্চৰ পৰা বজাৰত উপলব্ধ হ'বলগা এই স্মার্টফোনটোৰ মূল্য হৈছে ৮৯,৯৯৯ টকা। 
 
অন্যান্য খুচুৰা বিপণীৰ লগতে অপ্পৰ অনলাইন ষ্ট'ৰ আৰু ফ্লিপকার্টত উপলব্ধ হ'ব স্মার্টফোনটো। ছেমছাম গেলেক্সী জেড ফ্লিপ৪ স্মার্টফোনটোৰ সৈতে প্ৰায় একেই অপ্পৰ এই স্মার্টফোনটো। এই স্মার্টফোনটোত ৬.৮ ইঞ্চিৰ এম'লেড ডিছপ্লে' আৰু ৩.২৬ ইঞ্চিৰ অ'লেড ক'ভাৰ স্ক্ৰীন সংযোজন কৰা হৈছে।
 
তদুপৰি ৮ জি বি ৰেম, ২৫৬ জি বি আভ্যন্তৰীণ মেম'ৰি সংযুক্ত থকা স্মার্টফোনটোত আছে ৫০ মেগাপিক্সেল দ্বৈত ৰিয়েৰ কেমেৰা, ৩২ মেগাপিক্সেল অট'ফ’কাছ কেমেৰা চেন্সৰ, ৪৩০০ এম এ এইচ বেটাৰি আদিৰ দৰে সুবিধা উপলব্ধ আছে।