৯ জুলাইত ভাৰতত মুকলি হ’ব ৰেডমি ১৩ ৫জি

Story by  atv | Posted by  Munni Begum • 1 Years ago
ৰেডমি ১৩ ৫জি
ৰেডমি ১৩ ৫জি
 
নতুন দিল্লী 
 
অতি সোনকালে ভাৰতত মুকলি হ’ব ৰেডমি ১৩ ৫জি। ৯ জুলাইৰ নিশা ১২ বজাত মুক্তি পাব ৰেডমি ১৩ ৫জি। আমাজনে এই ৰেডমি ফোনটোৰ বাবে নিবেদিত এক পেজ প্ৰকাশ কৰিছে, য’ত ৰেডমি ১৩ৰ মূল স্পেকচ, ডিজাইন, লঞ্চ ডেট আৰু অন্যান্য সবিশেষ প্ৰকাশ কৰা হৈছে।  
 
যোৱা বছৰ আগষ্ট মাহত ঘোষণা কৰা ৰেডমি ১২ ৫জিৰ স্মাৰ্টফোনৰ উত্তৰাধিকাৰী হ’ব ৰেডমি ১৩ ৫জি স্মাৰ্টফোনটো আৰু মাত্ৰ ১০ মাহৰ পাছত Xiaomi-এ গ্ৰাহকক ১৫ হাজাৰ টকাৰ তলত উন্নত বিকল্প প্ৰদান কৰিবলৈ উন্নীতকৃত সংস্কৰণটো আনিছে। ইয়াৰ ডুৱেল ৰিয়াৰ কেমেৰা চেটআপৰ সৈতে বক্সি ডিজাইন থকা যেন লাগে। ই গোলাপী আৰু নীলা ৰঙৰ বিকল্পত আহিব। Xiaomi-এ প্ৰতিশ্ৰুতি দিছে যে ৰেডমি ১৩ত 'ক্ৰিষ্টাল গ্লাছ ডিজাইন' আছে, যিয়ে বাজেট ফোন ক্ৰেতাসকলক প্ৰিমিয়াম অনুভৱ দিব। 
 
ডিছপ্লেৰ সবিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও কোম্পানীয়ে দাবী কৰিছে যে ৰেডমি ১৩ ৫জিৰ মূল্যৰ ৰেঞ্জত আটাইতকৈ ডাঙৰ ডিছপ্লে থাকিব। সন্মুখত পাঞ্চ-হোল নটচ ডিজাইন দেখা যাব। ইয়াৰ দ্বাৰা নিশ্চিত কৰা হৈছে যে, ডিভাইচটোৰ ডিছপ্লেত কৰ্নিং গৰিলা গ্লাছ ৩ প্ৰটেকচনৰ স্তৰো আছে।  
 
মন কৰিবলগীয়া যে, ৰেডমি ১২ ৫জিৰ ৬.৭৯ ইঞ্চিৰ এলচিডি স্ক্ৰীণ আছে, গতিকে নতুন সংস্কৰণত হয় একে স্ক্ৰীণ থাকিব পাৰে নহয় অলপ ডাঙৰ পেনেল থাকিব পাৰে। ৰেডমি ১৩ ৫জিত কুৱলকোমৰ স্নেপড্ৰেগন ৪জেন ২প্ৰচেছৰ ব্যৱহাৰ কৰাটো নিশ্চিত কৰা হৈছে, যিটো ইয়াৰ পূৰ্বৰ প্ৰচেছৰৰ দৰেই। আমাজনেও নিশ্চিত কৰিছে যে ডিভাইচটোৰ ৫০৩০mAh বেটাৰী থাকিব আৰু ৩৩W ফাষ্ট চাৰ্জিঙৰ সমৰ্থন থাকিব।  
 
স্মৰণীয় যে ভাৰতত মুকলি কৰা ৰেডমি ১২ ৫জিৰ আৰম্ভণিৰ মূল্য আছিল ১০,৯৯৯ টকা। Xiaomi-এ এই ফোনটো অলপ বেছি মূল্য অফাৰ কৰাৰ সিদ্ধান্ত ল’ব পাৰে, কিন্তু এতিয়ালৈ মূল্য নিৰ্ধাৰণ কৰা হোৱা নাই।