ভাৰতৰ বজাৰত মুকলি টেকন' ফেণ্টম ভি ফ'ল্ড স্মার্টফোন

Story by  atv | Posted by  Munni Begum • 1 Years ago
 টেকন' ফেণ্টম ভি  ফ'ল্ড স্মার্টফোনৰ প্ৰতিনিধিত্বমুলক ছবি
টেকন' ফেণ্টম ভি ফ'ল্ড স্মার্টফোনৰ প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
টেকন' ফেণ্টম ভি ফ'ল্ড নামৰ এটা অত্যাধুনিক স্মার্টফোন মুকলি কৰিব টেকন'ৱে। ১১ এপ্রিলত এই স্মার্ট ফোনটো ভাৰতৰ বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ সাজু হৈছে প্রতিষ্ঠানটোৱে। 
 
ইতিমধ্যে বিশ্বৰ বিভিন্ন বজাৰত এই স্মার্টফোনটো মুকলি কৰাৰ পিচত এইবাৰ ভাৰতৰ বজাৰত মুকলি কৰিবলৈ ওলাইছে প্রতিষ্ঠানটোৱে। ইয়াত ৬.৪২ ইঞ্চি এফ এইচ ডি এল টি পি অ' এম’লেড বাহ্যিক ডিছপ্লে', ৭.৬৫ ইঞ্চি ২ কে এম লেড আভ্যন্তৰীণ ডিছপ্লে সংযোজন কৰা হৈছে। 
 
স্মার্টফোনটোত ৫০ মেগাপিক্সেল +১৩ মেগাপিক্সেলৰ ৩টা ৰিয়েৰ কেমেৰা, ৩২ মেগাপিক্সেল আৰু ১৬ মেগাপিক্সেলৰ ছেলফি কেমেৰা, ১২ জিবি ৰেম, ২৫৬ জিবি আভ্যন্তৰীণ মেনৰি আদিৰ দৰে সুবিধা সংযোজন কৰা হৈছে।  
 
মুকলিৰ অফাৰ হিচাপে প্রায় ৭৭,৭৭৭ টকা মূল্যৰ এমাজন যোগে ১১ এপ্ৰিলৰ পৰা এই অত্যাধুনিক স্মার্টফোনটো গ্রাহকসকলে ক্ৰয় কৰিব পাৰিব।