চীনত নতুন ৰোগৰ আৱিৰ্ভাৱ ! ৰহস্যজনক নিউমোনিয়াই আক্ৰান্ত কৰিছে হাজাৰ হাজাৰ শিশুক

Story by  atv | Posted by  [email protected] • 8 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

চীনত শেহতীয়াকৈ আৱিৰ্ভাৱ ঘটিছে এক ৰহস্যজনক নিউমোনিয়া ৰোগ। এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত দেশখনৰ চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। চৰকাৰী মালিকানাধীন চীন নেশ্যনেল ৰেডিঅ’ৰ তথ্য অনুসৰি বেইজিঙৰ শিশু চিকিৎসালয়ত প্ৰতিদিনে গড়ে ৭ হাজাৰ ৰোগীক দেখা গৈছে, যিয়ে দেশখনৰ স্বাস্থ্যসেৱা ব্যৱস্থাক বিমোৰত পেলাইছে। 
 
খবৰ অনুসৰি, এই ৰোগৰ সংক্ৰমণে প্ৰধানত শিশুসকলক আক্ৰান্ত কৰিছে। ইয়াৰ ফলত আক্ৰান্ত শিশুৱে তীব্ৰ জ্বৰ আৰু হাওঁফাওঁৰ সংক্ৰমণত ভুগিছে। অৱশ্যে তেওঁলোকৰ শৰীৰত কাঁহৰ দৰে আন শ্বাস-প্ৰশ্বাসজনিত লক্ষণ দেখিবলৈ পোৱা নাই।
ইফালে, উত্তৰ চীনত আতংকৰ সৃষ্টি কৰা এইচ ৯ এন ২ নামৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱৰ খবৰৰ ওপৰত ভাৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে।
 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি এক বিবৃতিত কৈছে, "বৰ্তমান উপলব্ধ তথ্যৰ ভিত্তিত আমি জানিব পাৰিছো যে যোৱা কেইসপ্তাহমানৰ পৰা চীনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ইয়াক লৈ আমি আতংকিত হোৱাৰ দৰকাৰ নাই। তাত শিশুসকলে সন্মুখীন হোৱা শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ কাৰণসমূহ কোনো অস্বাভাৱিক বুলি চিনাক্ত হোৱা নাই। বতৰজনিত পৰিৱেশৰ বাবেও এই ৰোগৰ উদ্ভৱ হ'ব পাৰে। বিষয়টোৰ ওপৰত চৰকাৰে নজৰ ৰাখিছে।"