৩৯ বিধ অত্যাৱশ্যকীয় ঔষধৰ নতুন মূল্য ঘোষণা NPPAৰ

Story by  atv | Posted by  Munni Begum • 9 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
দেশজুৰি অত্যাৱশ্যকীয় ঔষধ অধিক সুলভ কৰি তোলাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ (NPPA)ই কেইবাটাও গুৰুত্বপূৰ্ণ ঔষধৰ খুচুৰা মূল্য সংশোধন কৰিছে। ইয়াৰ অন্তৰ্গত কেলচিয়াম আৰু ভিটামিন ডি-৩ টেবলেটৰ নতুন খুচুৰা মূল্য নিৰ্ধাৰণ কৰাৰ লগতে এণ্টি-ৰেবিজ ইমিউনোগ্ল'বিউলিন ইনজেকশ্যনৰ মূল্যও সংশোধন কৰা হৈছে। 
 
ইয়াৰ উপৰিও, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ আৰু অন্যান্য দীৰ্ঘম্যাদী ৰোগৰ চিকিৎসাত ব্যৱহৃত ৩৯বিধ সাধাৰণ ঔষধৰ খুচুৰা মূল্যৰ সৰ্বোচ্চ সীমাও (Ceiling Price) নিৰ্ধাৰণ কৰিছে কৰ্তৃপক্ষই। এনপিপিএই জাৰি কৰা জাননীৰ মতে, কেলচিয়াম আৰু ভিটামিন ডি-৩ টেবলেটৰ প্ৰতিটো টেবলেটৰ খুচুৰা মূল্য ৮.৯৩ টকা (জিএছটি-সহ) নিৰ্ধাৰণ কৰা হৈছে। 
 
আন এখন জাননীত এণ্টি-ৰেবিজ ইমিউনোগ্ল'বিউলিন ইনজেকশ্যনৰ মূল্য ১১৯.৪৮ টকালৈ সংশোধন কৰা হৈছে। জৰুৰী চিকিৎসাত ব্যৱহৃত এই ঔষধসমূহ সকলোৰে বাবে সহজলভ্য আৰু সুলভ কৰি ৰখাৰ উদ্দেশ্যে এনপিপিএই নিয়মীয়াকৈ এনে মূল্য পৰ্যালোচনা কৰি আহিছে। 
 
তৃতীয়খন জাননীত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ আৰু অন্যান্য দীৰ্ঘস্থায়ী ৰোগৰ চিকিৎসাত ব্যৱহৃত ৩৯ বিধ ঔষধৰ সৰ্বোচ্চ খুচুৰা মূল্য নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে। এই মূল্যসমূহ ড্ৰাগছ (প্ৰাইচ কণ্ট্ৰ'ল) অৰ্ডাৰ, ২০১৩ (DPCO)-ৰ অধীনত নিৰ্ধাৰণ কৰা হৈছে। 
 
অত্যাৱশ্যকীয় ঔষধৰ মূল্য নিয়ন্ত্ৰণৰ জৰিয়তে বজাৰত অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে সাধাৰণ ৰোগীৰ ওপৰত আৰ্থিক বোজা হ্ৰাস কৰাই চৰকাৰৰ মূল লক্ষ্য। এনপিপিএই সকলো উৎপাদক আৰু বিপণন সংস্থাক সংশোধিত মূল্য তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ আৰু ঔষধৰ পেকেটত নতুন সৰ্বোচ্চ খুচুৰা মূল্য (MRP) বাধ্যতামূলকভাৱে মুদ্ৰণ কৰিবলৈ নিৰ্দেশ দিছে।  
 
ঔষধ উদ্যোগৰ বিশেষজ্ঞসকলৰ মতে, হাড়ৰ স্বাস্থ্য সুৰক্ষা আৰু কেলচিয়ামৰ অভাৱ পূৰণৰ বাবে বহুলভাৱে ব্যৱহৃত কেলচিয়াম-ভিটামিন ডি-৩ টেবলেট আৰু কুকুৰ বা অন্যান্য জন্তুৰ কামোৰৰ পিছত দিয়া এণ্টি-ৰেবিজ ইমিউনোগ্ল'বিউলিন এই তালিকাত অন্তৰ্ভুক্ত হোৱাত ৰোগী আৰু চিকিৎসালয়সমূহে যথেষ্ট লাভান্বিত হ'ব।
 
আনহাতে, দীৰ্ঘদিন ধৰি ঔষধ সেৱন কৰিবলগীয়া উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগীসকলৰ বাবে ৩৯বিধ ঔষধৰ মূল্য সীমাবদ্ধ কৰাটোও এক উল্লেখযোগ্য সকাহ হিচাপে বিবেচিত হৈছে। এনপিপিএই জনাইছে যে, বজাৰৰ তথ্য আৰু উৎপাদন ব্যয় বিবেচনা কৰিয়েই এই নতুন মূল্য নিৰ্ধাৰণ কৰা হৈছে।
 
এই তিনিওখন জাননী দেশজুৰি উৎপাদক, আমদানিকাৰক আৰু খুচুৰা বিক্ৰেতাসকলৰ বাবে প্ৰযোজ্য হ'ব। লগতে, পুৰণি এমআৰপি থকা মজুত ঔষধসমূহ DPCOৰ নিয়ম অনুসৰি বিক্ৰী বা নিষ্পত্তি কৰিবলৈ খুচুৰা বিক্ৰেতাসকলক নিৰ্দেশ দিয়া হৈছে।
 
২০২৬ চনত এনপিপিএই চিকিৎসাৰ একাধিক গুৰুত্বপূৰ্ণ শাখাৰ ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰি ৰোগীৰ সুলভ চিকিৎসা নিশ্চিত কৰাৰ লগতে ঔষধ উদ্যোগৰ স্বাভাৱিক বিকাশৰ মাজত এক সুসমতা বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।