দৌলত ৰহমান/গুৱাহাটী
অসমৰ স্বাস্থ্যখণ্ডৰ বাবে আশাৰ ৰেঙনি হৈ উঠিছে স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী চমুকৈ আশা কৰ্মীসকল। সাধাৰণতে তেওঁলোকৰ কৰ্তব্য হ’ল স্বাস্থ্যসেৱাৰ বিষয়ক লৈ সজাগতা সৃষ্টি আৰু প্ৰতিষেধক কাৰ্যসূচীৰ জৰিয়তে সমাজৰ উন্নয়ন সাধন কৰা। ‘আশা’ কৰ্মীসকল স্বেচ্ছাসেৱী কৰ্মী হোৱাৰ বাবে তেওঁলোকক কেৱল ইনচেণ্টিভ হিচাপে কিছু পৰিমাণৰ পাৰিশ্ৰমিকহে দিয়া হয়। কিন্তু আশা কৰ্মীসকলে বহু উচ্চ দৰমহা পোৱা ৰাজ্যিক স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মীতকৈ অতি উচ্চমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰি ভৱিষ্যতৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।
ৰহিমা বেগমে ২০০৬ চনৰ পৰা ধেমাজি জিলাৰ কবু চাপৰিত আশাকৰ্মী হিচাপে কাম কৰি আহিছে। ৰাজ্যৰ অন্যতম দুৰ্গম নদীৰ পাৰ বা চৰ অঞ্চল হোৱাৰ পিছতো তেওঁ অঞ্চলটোৰ জনসাধাৰণক উচ্চমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে। তেওঁ ইমান নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰি আহিছে যে যোৱা ৫ বছৰত কবু চাপৰি অঞ্চলত কোনো অন্তঃসত্ত্বা মহিলাই ঘৰত প্ৰসৱ কৰিবলগীয়া হোৱা নাই। ধেমাজি জিলাৰ স্বাস্থ্যসেৱা কেন্দ্ৰ আৰু চিকিৎসালয়ত অঞ্চলটোৰ সকলো গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱৰ সুবিধা লাভ কৰিছে। পৰ্যাপ্ত সা-সুবিধাৰে সমৃদ্ধ চিকিৎসালয়ত প্ৰসৱৰ ফলত যোৱা ৫ বছৰত কবু চাপৰিত শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ শূন্য হৈ পৰিছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(এন এইচ এম), অসমে ৰহিমা বেগমৰ বহুমূলীয়া সেৱাক স্বীকৃতি জনাই শেহতীয়াকৈ তেওঁলোকৰ নিউজলেটাৰত আশা কৰ্মীগৰাকীৰ সফলতাৰ কাহিনী প্ৰকাশ কৰিছে। তেওঁ ঘৰুৱা প্ৰসৱ, শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ শূন্য হোৱাৰ কৃতিত্ব লাভ কৰিছে। তদুপৰি, ৰহিমাই ১০০% প্ৰতিষেধক, ক’ভিড-১৯ প্ৰতিষেধক, পৰিয়াল পৰিকল্পনা সেৱা, Home Based New-born Care (HBNC) আৰু Antenatal care (ANC) সুনিশ্চিত কৰিবলৈও সক্ষম হৈছে।
নীৰৱে কাম কৰি ভাল পোৱা ৰহিমা বেগমে কয় যে তেওঁ বিগত সময়ছোৱাত ধেমাজি জিলাত কেইবাটাও কেঁচুৱা আৰু মাতৃৰ মৃত্যুৰ ঘটনা প্ৰত্যক্ষ কৰিছিল। “মই সদায় শিশু আৰু মাতৃৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰিব বিচাৰিছিলো। ২০০৬ চনত যেতিয়া মই আশা কৰ্মী হিচাপে নিযুক্তি পাইছিলো তেতিয়া মই কবু চাপৰিত ১০০% প্ৰতিষ্ঠানিক প্ৰসৱ নিশ্চিত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিলো।’-বেগমে কয়।
ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজক সহায় কৰিছে আশাকৰ্মীসকলে
ৰহিমাই কয় যে প্ৰাৰম্ভিক অৱস্থাত ৰাইজে আশা কৰ্মীৰ পৰামৰ্শ শুনিবলৈ বিচৰা নাছিল আৰু তেতিয়া তেওঁলোক বহু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। “কিন্তু মই প্ৰতিটো ঘৰলৈ গৈ বিশেষকৈ মহিলাসকলক সঠিক স্বাস্থ্যসেৱাৰ গুৰুত্ব বুজিবলৈ বাধ্য কৰালোঁ। মই তেওঁলোকক সজাগ কৰিব খুজিছিলো যে স্বাস্থ্যই পৰম ধন আৰু স্বাস্থ্য থাকিলেহে ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰি,” বেগমে কয়।
আনহাতে, হাইলাকান্দি জিলাৰ অক্সিলিয়াৰী নাৰ্চিং মিডৱাইফেৰী (এ এন এম) ছামছুন নেছা লস্কৰ এগৰাকী মহিলা স্বাস্থ্যকৰ্মী, যিয়ে তেওঁৰ উপ-কেন্দ্ৰৰ অধীনত পুৰুষসকলৰ মাজত ন’ স্কেলপেল ভেচেক্টমী (এন এছ ভি) সেৱা গ্ৰহণৰ বাবে অবিৰতভাৱে কাম কৰি আছে।
হাইলাকান্দি জিলাৰ পৰা মুঠ ২৫১জন হিতাধিকাৰীৰ ভিতৰত ছামছুন নেছা লস্কৰে এককভাৱে ১০৫গৰাকী এন এছ ভি হিতাধিকাৰীক পৰিয়াল পৰিকল্পনাৰ স্থায়ী পদ্ধতি গ্ৰহণ কৰিবলৈ অনুপ্ৰেৰিত কৰিছিল। ছামছুন নেছা লস্কৰৰ উপ-কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলটোৰ জনসংখ্যা ৫০০০ আৰু ইয়াৰে অধিকাংশই হ’ল চাহ জনগোষ্ঠীৰ।
আশাকৰ্মী সন্থাই আয়োজন কৰা এক সংস্কৃতিক শোভাযাত্ৰা
এন এছ ভিৰ বহুল প্ৰসাৰৰ বাবে ছামছুন নেছা লস্কৰে এই আঁচনিৰ পূৰ্বৰ হিতাধিকাৰীৰ সহায় লয়। তেওঁলোকে পুৰুষসকলৰ মাজত বন্ধ্যাকৰণৰ ইতিবাচক দিশসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰে। মিছন পৰিয়াল বিকাশ পষেকৰ সময়ত, ছামছুনে এন এছ ভি গ্ৰহণ কৰা আৰু ইয়াৰ প্ৰতি আকৰ্ষিত হিতাধিকাৰীৰ সৈতে বৈঠক পৰিচালনা কৰে। তেওঁ এন এছ ভি গ্ৰহণ কৰাৰ ইতিবাচক দিশসমূহ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে।
ছামছুনৰ কৰ্মনিষ্ঠাৰ উমান পোৱা যায় যেতিয়া তেওঁ চৰকাৰৰ পৰা লাভ কৰা উদগণিমূলক ধন নিজে লোৱাৰ পৰিৱৰ্তে যিসকলে এন এছ ভি আঁচনিৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰে। চাহ বাগিচা অঞ্চলত তেওঁ জননী সুৰক্ষা যোজনা, মজুৰি ক্ষতিপূৰণ আদিৰ দৰে অন্যান্য চৰকাৰী আঁচনিসমূহক লৈও সজাগতা সৃষ্টি কৰি আহিছে। ইয়ে ছামছুনক সমাজৰ সকলো স্তৰৰ মানুহৰ সৈতে বিশ্বাস আৰু সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিছে।
উল্লেখ্য যে, ১৯৮০ চনৰ পৰা প্ৰচলিত এন এছ ভি পুৰুষৰ বাবে বন্ধ্যাকৰণৰ অন্যতম পছন্দৰ পদ্ধতি হিচাপে চিহ্নিত হৈ আহিছে। এই পদ্ধতিটো পৰম্পৰাগত বন্ধ্যাকৰণৰ দৰেই ফলপ্ৰসূ। নো-স্কেলপেল প্ৰক্ৰিয়াটো কম বেদনাদায়ক আৰু অতিকৈ ফলপ্ৰসু হোৱাৰ বাবে ই জন্ম নিয়ন্ত্ৰণৰ এক জনপ্ৰিয় বিকল্প হৈ পৰিছে।