Unsung Heroes: প্ৰচণ্ড গৰমক নেওচি পবিত্ৰ মক্কাত পৰিস্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰাখিছে প্ৰব্ৰজিত চাফাই কৰ্মীয়ে

Story by  atv | Posted by  [email protected] • 10 Months ago
পবিত্ৰ মক্কাত চাফাই অভিযানৰ এক দৃশ্য
পবিত্ৰ মক্কাত চাফাই অভিযানৰ এক দৃশ্য
 
 
মিনা (ছৌদি আৰৱ)

নবীৰ পদাংক অনুসৰণ কৰি হজ যাত্ৰালৈ অহা বিশ্বৰ লাখ লাখ মুছলমান হাজীয়ে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহক নেওচি শেহতীয়াকৈ নিজৰ জীৱনৰ অন্যতম ইচ্ছা আৰু সপোন পূৰণ কৰে। বকৰি ঈদৰ লগে লগে পবিত্ৰ হজ যাত্ৰাৰ সামৰণি পৰাত সম্প্ৰতি মক্কাত চাফাই অভিযান আৰম্ভ হৈছে। সেউজীয়া জাম্পছুট পিন্ধি ঠিকাভিত্তিক চাফাই কৰ্মীসকলে মক্কাত লাখ লাখ খালী পানীৰ বটল সংগ্ৰহ কৰিছে।
 
বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায়  ১৮ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগম ঘটা হজ যাত্ৰাস্থলী চাফাই কৰিবলৈ লাখ লাখ শ্ৰমিকৰ কষ্ট আৰু ত্যাগৰ প্ৰয়োজন হয়। প্ৰতিবছৰে হজ সমাপ্ত হোৱাৰ লগে লগে এই শ্ৰমিকসকলে সপ্তাহজোৰা এক বৃহৎ চাফাই অভিযানত নামি পৰে।
 
চাফাই কৰ্মী হিচাপে কাম কৰা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে এইটো আয়ৰ এক অতি গুৰুত্বপূৰ্ণ উৎস। কিন্তু এই বছৰ হজ যাত্ৰাৰ সময়ত পবিত্ৰ মক্কাত প্ৰচণ্ড গৰম হোৱাৰ বাবে শ্ৰমিকসকলে চাফাই অভিযানত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। উল্লেখ্য যে, হজযাত্ৰাৰ সময়ত মক্কাৰ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছ (১১৩ ডিগ্ৰী ফাৰেনহাইট) পৰ্যন্ত হৈছিল, যাৰ ফলত হাজীসকলৰ পানী সেৱনৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছিল।
 
 
আৱৰ্জনা চাফা কৰি থকা ২৬ বছৰীয়া এজন শ্ৰমিকে কয় যে এই কামটো সহজ নহয়। বাংলাদেশৰ প্ৰব্ৰজিত চাফাই কৰ্মীজনে প্ৰকাশ কৰে যে তেওঁলোকে প্ৰতিমাহে ৬০০ ছৌদি ৰিয়াল (প্ৰায় ১৬০ ডলাৰ) উপাৰ্জন কৰে। হজৰ সময়ছোৱাত তেওঁলোকে কোনো ছুটীৰ দিন নোহোৱাকৈ ১২ ঘণ্টাৰ শ্বিফটত কাম কৰে আৰু তাৰ পিছত ছৌদি আৰৱত অন্যান্য চাফাই কাম কৰে।
 
উল্লেখ্য যে, মক্কালৈ হজ যাত্ৰা ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম। শাৰীৰিক আৰু আৰ্থিকভাৱে সক্ষম সকলো মুছলমানৰ বাবে ই বাধ্যতামূলক। এইবাৰ তিনি বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ক’ভিড-১৯ৰ নিষেধাজ্ঞা অবিহনে হজ অনুষ্ঠিত হয় আৰু অভিলেখসংখ্যক হাজীয়ে হজযাত্ৰাত অংশ লয়। অৱশ্যে এইবাৰ প্ৰচণ্ড গৰমে হজযাত্ৰীসকলক জ্বলা-কলা খুৱাইছে। 
 
 
ছৌদি স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৮৪০০ৰো অধিক তীৰ্থযাত্ৰীয়ে গৰমৰ ক্লান্তি বা হিট ষ্ট্ৰোকৰ বাবে চিকিৎসা লাভ কৰিছিল আৰু ইয়াৰে প্ৰায় আধা সংখ্যকে চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছিল।
 
পাকিস্তানৰ পৰা অহা ২৯ বছৰীয়া মেহৱিশ বাতুল নামৰ হাজী এজনে মূৰ ঘূৰোৱা ৰোধ কৰিবলৈ স্প্ৰে বটল ব্যৱহাৰ কৰিছিল। হাজীসকলক গৰমৰ পৰা সকাহ দিবলৈ ছৌদি কৰ্তৃপক্ষই কিছুমান বিশেষ অঞ্চলত কেন’পি আৰু উদ্যোগিক মিষ্টাৰ স্থাপন কৰিছিল। তীৰ্থযাত্ৰীসকলে ছাতি আৰু স্প্ৰে বটল কঢ়িয়াই লৈ ফুৰিছিল আৰু যথেষ্ট পৰিমাণৰ পানী গ্ৰহণ কৰিছিল। তেওঁলোকে খালী বটলসমূহ হয়তো কাষত থকা বেগত পেলাই দিয়ে অথবা পিছত সংগ্ৰহ কৰিবলৈ মাটিত থৈ দিয়ে।
 
 
মক্কা পৌৰসভাৰ মুখপাত্ৰ উছামা জাইটৌনে প্ৰকাশ কৰা অনুসৰি হজৰ সময়ত আৰু পিছত ব্যক্তিগত কোম্পানীসমূহৰ প্ৰায় ১৪ হাজাৰ শ্ৰমিকক চাফাই অভিযানৰ বাবে ঠিকাদাৰী কৰা হয়। তেওঁলোকৰ দৰমহা আৰু কৰ্ম পৰিস্থিতি সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিলেও এই বছৰ শ্ৰমিকসকলৰ মাজত কোনো স্বাস্থ্যজনিত সমস্যাৰ খবৰ পোৱা নাই বুলি তেওঁ উল্লেখ কৰে। 
 
হজৰ পিছত চাফ-চিকুণৰ কাম সম্পূৰ্ণ কৰিবলৈ সাধাৰণতে এসপ্তাহৰ প্ৰয়োজন হয়। পৌৰসভাৰ শ্ৰমিকসকলে আৱৰ্জনাসমূহ সংগ্ৰহ কৰে, যিবোৰ তাৰ পিছত প্ৰক্ৰিয়াকৰণৰ পূৰ্বে ১২০০টা ঔদ্যোগিক কম্পেক্টৰত ভৰোৱা হয়। মক্কা আৰু ইয়াৰ আশে-পাশে থকা ৰাস্তা-ঘাট, কেম্প ছাইট, দলংবোৰত বীজাণুনাশক আৰু কীটনাশক ছটিয়াই দিয়া হয়। পৰিৱেশ সুৰক্ষা আৰু ৰোগ নিবিয়পিবলৈ এইধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।