লক্ষীপুৰত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া

Story by  atv | Posted by  [email protected] • 4 h ago
লক্ষীপুৰত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া
লক্ষীপুৰত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া
 
গুৱাহাটী
 
গোৱালপাৰা জিলাৰ লক্ষীপুৰ অঞ্চলত মঙ্গলবাৰে ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ সময়ত সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীয়ে চলোৱা গুলীবৰ্ষণত এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
 
ঘটনাটো নিশা প্ৰায় ৮ বজাত জিৰীঘাটৰ ডিগলাং অঞ্চলত সংঘটিত হয়। নিৰ্দিষ্ট চোৰাংচোৱা সূত্ৰৰ তথ্যৰ ভিত্তিত ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ এটা দলে তাত অভিযান চলাইছিল। অভিযানৰ সময়ত সৰবৰাহকাৰীসকলে আৰক্ষীৰ দলটোৰ ওপৰত হঠাত গুলীবৰ্ষণ কৰে বুলি জানিব পৰা গৈছে।
 
আহত আৰক্ষী বিষয়াগৰাকীৰ পৰিচয় শৰীফ হুছেইন কাজী বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পেটকে ধৰি শৰীৰৰ বিভিন্ন ঠাইত গুলী লাগিছে। তেওঁক ততাতৈয়াকৈ আলিপুৰ বুৰোজ মেমৰিয়েল খ্ৰীষ্টান চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অৱস্থাৰ অৱনতি ঘটাত পিছত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ স্থানান্তৰ কৰা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ অৱস্থা সংকটজনক।
 
আৰক্ষী সূত্ৰৰ মতে, লক্ষীপুৰৰ মহকুমা আৰক্ষী বিষয়া (SDPO) ৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল। দুৰ্গম অঞ্চলটোত আৰক্ষীৰ দলটোৱে সন্দেহযুক্ত সৰবৰাহকাৰীসকলৰ মুখামুখি হোৱাৰ লগে লগে অভিযুক্তসকলে গুলীবৰ্ষণ কৰি অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়।
 
এই ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে আৰু আক্ৰমণকাৰীসকলক বিচাৰি উলিয়াবলৈ শিলচৰৰ পৰা অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। বৰ্তমানো তালাচী অভিযান অব্যাহত আছে যদিও তদন্ত চলি থকাৰ বাবে অধিক বিৱৰণৰ অপেক্ষা কৰা হৈছে।