অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়া, সোণাপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে আৰণ্যকৰ জি আই এছ দিৱস উদযাপন

Story by  atv | Posted by  [email protected] • 5 Months ago
আৰণ্যকৰ জি আই এছ দিৱস উদযাপন
আৰণ্যকৰ জি আই এছ দিৱস উদযাপন
 
গুৱাহাটী

বিশ্বজোৰা জি আই এছ (ভৌগোলিক তথ্য ব্যৱস্থা) দিৱস উদযাপনৰ অংশ হিচাপে উত্তৰ পূৱৰ অগ্ৰণী গৱেষণা-চালিত সংৰক্ষণ সংস্থা আৰণ্যকৰ  ভূ-স্থানিক প্ৰযুক্তিবিদ্যা আৰু প্ৰয়োগ বিভাগৰ (জি টি এ ডি) উদ্যোগত গুৱাহাটীত ভূ-স্থানিক প্ৰযুক্তিবিদ্যা বিষয়ক দুটা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

শিক্ষা, গৱেষণা, আৰু পৰিকল্পনাৰ বিভিন্ন দিশত ভূ-স্থানিক প্ৰযুক্তিৰ গুৰুত্বক দাঙি ধৰাৰ উদ্দেশ্যে পৰিৱেশ ব্যৱস্থা গৱেষণা প্ৰতিষ্ঠান ইনকৰ্পৰেশ্যনৰ পৃষ্ঠপোষকতাত প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ তৃতীয় বুধবাৰে বিশ্বজুৰি জি আই এছ দিৱস উদযাপন কৰা হয় ।

১৬ নৱেম্বৰত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়াসকলৰ বাবে ভূ-স্থানিক প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় এখন দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হয়। পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই কৰ্মশালা উদ্বোধন কৰি ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আৰণ্যকৰ ধাৰাবাহিক প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ পৰিষদৰ বিষয়াসকলৰ বাবে এনে কৰ্মশালাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কৰ্মশালাত আৰণ্যকৰ জ্যেষ্ঠ জি আই এছ বিশ্লেষক মধুমিতা বৰঠাকুৰে সংস্থাটোৰ কাৰ্যকলাপৰ এক আভাস দাঙি ধৰে আৰু তাৰ পিছত কাৰিকৰী অধিবেশনত আৰণ্যকৰ জি আই এছ বিশ্লেষক অভিষেক সৰকাৰ আৰু মধুমিতা বৰঠাকুৰে ভূ-স্থানিক প্ৰযুক্তিবিদ্যা (ৰিম’ট চেন্সিং, জি আই এছ আৰু জি পি এছ)ৰ প্ৰয়োগৰ বিষয়ে উপস্থাপন আৰু প্ৰদৰ্শন কৰে ।

আনখন কাৰিকৰী অধিবেশনত জি আই এছ বিশ্লেষক মিথিলেশ প্ৰধানে জি আই এছ তথ্যৰ উৎস আৰু বিভিন্ন প্ৰদূষণ সূচক নিৰুপণত গুগল আৰ্থ ইঞ্জিনৰ প্ৰয়োগৰ ওপৰত আলোকপাত কৰে । কাৰিকৰী অধিবেশনৰ পিছত অনুষ্ঠিত এক মত-বিনিময় অধিবেশনত আৰণ্যকৰ বিষয়াসকলে প্ৰদূষণ সম্পৰ্কীয় অধিক উপলব্ধ তথ্যসমষ্টি আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আৰণ্যকৰ মাজত সম্ভাৱ্য সহযোগিতামূলক প্ৰচেষ্টা সম্পৰ্কীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়ে। এই কাৰ্যসূচীত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ প্ৰায় ৪০ জন বিষয়াই অংশগ্ৰহণ কৰে।

১৭ নৱেম্বৰত সোণাপুৰ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ভূ-স্থানিক প্ৰযুক্তিবিদ্যা বিষয়ক এক এক্সপ’জাৰ কাৰ্যসূচী আয়োজন কৰা হয়। বিভাগীয় মুৰব্বী ড: ধৰ্ম ৰাম ডেকাই অনুষ্ঠানটো উদ্বোধন কৰে।

অভিষেক সৰকাৰে ভূ-স্থানিক প্ৰযুক্তিৰ প্ৰয়োগ আৰু এই খণ্ডটোৰ সৈতে জড়িত কৰিয়াৰৰ বিভিন্ন পথ সম্পৰ্কে উপস্থাপন কৰে আৰু মিথিলেশ প্ৰধানে জি আই এছ তথ্যৰ উৎস আৰু গুগল আৰ্থ ইঞ্জিনৰ পৰিচয় দাঙি ধৰে । ছাত্ৰ-ছাত্ৰী আৰু বিশ্লেষকৰ মাজত এক মত-বিনিময় অনুষ্ঠানেৰে অধিবেশনৰ কাৰ্যসূচীৰ সামৰণি মৰা হয় ।