বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীক ক্ষেত্ৰ সামগ্ৰী প্ৰদান আৰণ্যক আৰু আই আৰ এফৰ

Story by  atv | Posted by  Munni Begum • 10 Months ago
 বনকৰ্মীক ক্ষেত্ৰ সামগ্ৰী প্ৰদান  আৰণ্যক আৰু আই আৰ এফৰ
বনকৰ্মীক ক্ষেত্ৰ সামগ্ৰী প্ৰদান আৰণ্যক আৰু আই আৰ এফৰ
 
গুৱাহাটী
 
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগত বেদখলমুক্ত কৰা বন্যপ্ৰাণী বিচৰণ এলেকাত সুৰক্ষা ব্যৱস্থা বৃদ্ধিৰ বাবে নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষেত্ৰ কৰ্মচাৰীসকলক ২৬৩টা পিঠিত লোৱা বেগ আৰু ৪০টা প্ৰাথমিক চিকিৎসা বাকচ প্ৰদান কৰা হয়।
 
শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসৰ উপস্থিতিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক আৰু আন্ত:ৰাষ্ট্ৰীয় গঁড় ফাউণ্ডেশ্যনে (আই আৰ এফ) এই সজুলিবোৰ যোগান ধৰিছে। দাসে বেদখলকাৰীক উচ্ছেদৰ পিছত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত বন্যপ্ৰাণী সংৰক্ষণ ব্যৱ্স্থাক সবল কৰাৰ বাবে বন বিভাগৰ নিৰলস প্ৰচেষ্টাৰ প্ৰতি বেচৰকাৰী সংস্থা সমূহে আগবঢ়োৱা সমৰ্থনক প্ৰশংসা কৰিছে।
 
নগাঁও আৰু শোণিতপুৰ বন্যপ্ৰাণী সংমণ্ডলৰ সংমাণ্ডলিক বন বিষয়া জয়ন্ত ডেকা আৰু নৃপেন কলিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মৰ নেতৃত্বাধীন ৰাজ্যৰ বৰ্তমানৰ চৰকাৰৰ দৃঢ়তাৰ বাবে সম্ভৱ হোৱা বেদখল উচ্ছেদৰ পিছত এতিয়া বন্যপ্ৰাণী অভয়াৰণ্যখনৰ সুৰক্ষাৰ অৰ্থে সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰিবলৈ বন ক্ষেত্ৰ কৰ্মীসকলক আহ্বান জনায়।
 
বন ৰেঞ্জাৰ এছ কে গুপ্তা (ধনীয়া ৰেঞ্জ) আৰু অৰূপ কলিতাই (গোৰাজন ৰেঞ্জ) সংৰক্ষণৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে আৰণ্যক আৰু আই আৰ এফক প্ৰশংসা কৰিছে আৰু বেদখলকাৰীক উচ্ছেদ কৰাৰ পিছত আৰু সহায়ক চৰকাৰৰ অধীনত নিৰ্ভয়ে কাম কৰিবলৈ ক্ষেত্ৰ কৰ্মীসকলক আহ্বান জনায়। 
 
আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) তথা আই আৰ এফৰ জ্যেষ্ঠ উপদেষ্টা (এছীয় গঁড়) ড০ বিভৱ কুমাৰ তালুকদাৰে কয় যে বেদখলকাৰীক উচ্ছেদ কৰাৰ পিছত বুঢ়াচাপৰি অভয়াৰণ্যলৈ গঁড় ঘূৰি অহাৰ প্ৰবল সম্ভাৱনা আছে।
 
বিশ্বৰ অতি কম সংখ্যক লোকে ইমান প্ৰাচীন আৰু বহুমূলীয়া প্ৰাণী অৰ্থাৎ এটা খড়্গযুক্ত ভাৰতীয় গঁড়ৰ সৈতে কাম কৰাৰ সুযোগ পায় বুলি মন্তব্য কৰি তেওঁ বন ক্ষেত্ৰকৰ্মী সকলক গঁড়ৰ বাসস্থান সুৰক্ষিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাবলৈ অনুপ্ৰেৰণা যোগায়। তেওঁ কয় যে আৰণ্যক আৰু আই আৰ এফে গঁড় সংৰক্ষণৰ প্ৰচেষ্টাক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক্ষেত্ৰত সদায় বন বিভাগৰ কাষত থিয় দি থাকিব। 
 
প্ৰবীণ সংৰক্ষণ কৰ্মী দিলৱাৰ হুছেইনে বন্যপ্ৰাণী অভয়াৰণ্যখনৰ চমৎকাৰী অতীত ৰোমন্থণ কৰে আৰু সেই গৌৰৱময় দিনবোৰ অতি সোনকালে ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। বন্যপ্ৰাণী অভয়াৰণ্যখনৰ ধনীয়া ৰেঞ্জ কাৰ্যালয়ত সজুলি বিতৰণ কাৰ্যসূচীটোৰ আয়োজনত আৰণ্যকৰ বিষয়ৱবীয়া আৰিফ হুছেইনে বন বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰে।