কৰ্ণাটকত বহুপ্ৰত্যাশিত বিজয়ৰ পিছত অসমত কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি সলনি হ'ব নেকি ?

Story by  Daulat Rahman | Posted by  [email protected] • 1 Years ago
NCPৰ প্ৰবীন নেতা শাৰদ পাৱাৰৰ সৈতে বদৰুদ্দিন আজমল
NCPৰ প্ৰবীন নেতা শাৰদ পাৱাৰৰ সৈতে বদৰুদ্দিন আজমল
 
দৌলত ৰহমান

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত লাভ কৰা চমকপ্ৰদ জয়ে কংগ্ৰেছক অহা বছৰৰ লোকসভা নিৰ্বাচনত সাংঘাতিকভাৱে মনোবল বৃদ্ধি কৰিব। অসমৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহ'ব। কিন্তু, সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ব যে অসমত কংগ্ৰেছে ২০২৪ৰ নিৰ্বাচনী যুঁজত অকলে অৱতীৰ্ণ হ'ব নে, অন্য বিজেপি বিৰোধী দলৰ সৈতে মিত্ৰতা কৰিব ?
 
কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়তে এটা বিশেষ ঘটনাই ৰাজনৈতিক মহলত যথেষ্ট কৌতুহলৰ জন্ম দিছে। যি সময়ত কংগ্ৰেছ আৰু মুছলমান অধ্যুষিত অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (এআইইউডিএফ) মাজৰ সম্পৰ্ক অসমত অত্যন্ত তিক্ততাপূৰ্ণ হৈ উঠিছে, সেই সময়তে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু এনচিপিৰ প্ৰবীণ নেতা শাৰদ পাৱাৰৰ সৈতে মৌলানা বদৰুদ্দিন আজমলৰ একেৰাহে দুখন বৈঠকে নতুন ৰাজনৈতিক জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।
 
যদিও দেশৰ শীৰ্ষ আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতাসকলৰ সৈতে আজমলৰ দুখন বৈঠকৰ বিৱৰণ এতিয়াও বিতংভাৱে জানিব পৰা হোৱা নাই, তথাপি সূত্ৰই জনোৱা মতে এআইইউডিএফ নেতৃত্বই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে হাত মিলাই বিজেপি বিৰোধী মিত্ৰতা গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। 
"নীতিশ কুমাৰে অহা বছৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ পৰা বিজেপিক উৎখাত কৰিবলৈ এক মহা বিৰোধী মিত্ৰজোঁট গঢ়ি তোলাৰ প্ৰচেষ্টা চলাই আছে। ইয়াৰ অংশ হিচাপে বিভিন্ন বিৰোধী দলৰ নেতাসকলক তেওঁ সাক্ষাৎ কৰি আহিছে। ১৮ মে'ত তেওঁ দিল্লীৰ সকলো বিৰোধী নেতাৰ এখন ডাঙৰ বৈঠকৰ পৰিকল্পনা কৰিছে। যিহেতু ৰাষ্ট্ৰীয় পৰ্যায় আৰু অসম ৰাজ্যিক পৰ্যায়ৰ কংগ্ৰেছ নেতৃত্বই ২০২৪ চনত এআইইউডিএফৰ সৈতে কোনো ধৰণৰ নিৰ্বাচনী মিত্ৰতা গঢ়ি তোলাৰ  বৰ্তমানলৈ কোনো লক্ষণ দেখা নাই, সেয়েহে দলটোৱে নীতিশ কুমাৰৰ প্ৰস্তাৱিত মহাজোটত যোগদান কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এআইইউডিএফে অনুভৱ কৰে যে কংগ্ৰেছে অৱশেষত বিজেপি বিৰোধী মিত্ৰজোঁটত যোগদান কৰিবলৈ বাধ্য হ'ব," সূত্ৰটোৱে কয়। 
 
কিন্তু কংগ্ৰেছ নেতৃত্ব এতিয়াও এআইইউডিএফৰ সৈতে কোনো মিত্ৰতা নকৰিবলৈ দৃঢ় হৈ আছে, কিয়নো তেওঁলোকে আজমল আৰু তেওঁৰ দলক বিজেপিৰ এজেণ্ট হিচাপে বিবেচনা কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে এআইইউডিএফৰ বিজেপিৰ সৈতে গোপন বুজাবুজি আছে, গতিকে আজমলৰ দলৰ সৈতে হাত মিলোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে।  
কংগ্ৰেছকে ধৰি প্ৰায় ১১ টা ৰাজনৈতিক দলে শেহতীয়াকৈ যুটীয়াভাৱে বিজেপি বা ইয়াৰ যিকোনো এজেণ্টৰ সৈতে কোনো ধৰণৰ মিত্ৰতা নকৰাৰ সিদ্ধান্ত লৈছিল। ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু এআইচিচিৰ অসম প্ৰদেশৰ ভাৰপ্ৰাপ্ত নেতা জীতেন্দ্ৰ সিং আলৱাৰৰ উপস্থিতিত গুৱাহাটীৰ এখন হোটেলত এই সিদ্ধান্ত লোৱা হয়। আলৱাৰে কৈছিল যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ ব্যৱসায়িক স্বাৰ্থ আছে। গতিকে তেওঁৰ দলক কোনো পৰিস্থিতিত বিশ্বাস কৰিব নোৱাৰি।
 
"ব্যৱসায়িক স্বাৰ্থৰ বাবে আজমলে কেতিয়াও শাসকীয় বিজেপিৰ বিৰুদ্ধে যাব নোৱাৰে। গতিকে আমি এআইইউডিএফক কেনেকৈ বিশ্বাস কৰিম," সিঙে কয়। 
কিন্তু ৰাজনৈতিক বিশ্লেষকসকলে প্ৰশ্ন কৰে যে কংগ্ৰেছে অসমৰ দৰে এখন ৰাজ্যত এআইইউডিএফক উপেক্ষা কৰিব পাৰিবনে, য'ত মুঠ জনসংখ্যাৰ ৩৫% মুছলমান বাসিন্দা। এজন বিশ্লেষকে কয়, "যদি কংগ্ৰেছ আৰু এআইইউডিএফে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পৃথকে প্ৰতিদ্বন্দিতা কৰে, তেন্তে মুছলমান ভোট বিভাজন হ'ব আৰু ই বিজেপিক সহায় কৰিব।"
 
কিন্তু কংগ্ৰেছৰ ওপৰ মহলত এটা বিষয় যথেষ্ট চৰ্চিত হৈছে যে ২০২৪ চনৰ নিৰ্বাচনত দলটোৱে মুছলমান ভোটৰ লগতে মূলসূতিৰ হিন্দুসকলৰ এক বৃহত পৰিমাণৰ ভোট লাভ কৰিব লাগিব। "আমি যদি এআইইউডিএফৰ সৈতে মিত্ৰতা কৰো, তেন্তে মূলসূতিৰ হিন্দু ভোট হেৰুৱাব পাৰো। কাৰণ, বহু হিন্দু ভোটাৰে এআইইউডিএফক অনুপ্ৰৱেশকাৰী মুছলমানৰ দল বুলি গণ্য কৰে," এজন জেষ্ঠ কংগ্ৰেছ নেতাই কয়।