এইমছ, গুৱাহাটীত ‘সুস্থ নাৰী, সবল পৰিবাৰ অভিযান’ৰ অধীনত স্বাস্থ্য শিবিৰৰ আয়োজন

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ শুভাৰম্ভ কৰা ৰাষ্ট্ৰজোৰা অভিযান ‘সুস্থ নাৰী, সবল পৰিবাৰ অভিযান’ৰ অংশ হিচাপে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS), গুৱাহাটীয়ে এলানি স্বাস্থ্য শিবিৰ আৰু সজাগতা কাৰ্য্যসূচীৰ আয়োজন কৰিছে।

এই অভিযানৰ লক্ষ্য হৈছে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰসাৰ আৰু অত্যাৱশ্যকীয় চিকিৎসা সেৱাৰ সুবিধাৰ অগ্ৰগতি সাধনেৰে নাৰী সবলীকৰণ আৰু পৰিয়ালসমূহক সুদৃঢ়কৰণ। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এইমছ, গুৱাহাটীয়ে নিকটৱৰ্তী গ্ৰামাঞ্চলসমূহত স্বাস্থ্য শিবিৰ অনুষ্ঠিতকৰণৰ লগতে প্ৰতিষ্ঠানখনিৰ অ’পিডি ফয়’ৰত ৰক্তহীনতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ব’ডি মাচ কম্প’জিচন, পেপ স্মিয়ৰ আৰু আন-আন স্বাস্থ্য শিক্ষা সেৱাৰ বিনামূলীয়া পৰীক্ষণৰ বাবে সমৰ্পিত কিয়স্ক স্থাপন কৰিব। এই অভিযানৰ সময়তে ব’ন মাচ ডেনচিটিৰো বিশেষ পৰীক্ষণ সম্পন্ন কৰা হ’ব।
১৭ ছেপ্টেম্বৰত এইমছ, গুৱাহাটীত উদ্বোধনী কাৰ্য্যসূচীৰে আৰম্ভ হোৱা এই পদক্ষেপৰ অধীনত পৰৱৰ্তী সময়ত ৰক্তদান অভিযান, পুষ্টি, মহিলাৰ কৰ্কট ৰোগ, মানসিক স্বাস্থ্য আৰু ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি সন্দৰ্ভত সজাগতা সভাৰ লগতে বিদ্যালয়, মহাবিদ্যালয়, আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰৰ দৰে প্ৰতিষ্ঠানত সমাজ-ভিত্তিক স্বাস্থ্য পৰীক্ষাকে প্ৰমুখ্য কৰি কেইবাটাও বিষয়ভিত্তিক অনুষ্ঠান অনুষ্ঠিত হ’ব। এই অভিযানৰ অংশ হিচাপে এইমছ, গুৱাহাটীত নিক্ষয় মিত্ৰ অন্তৰ্ভুক্তি অভিযানৰো আয়োজন কৰা হৈছে।

এই পদক্ষেপ সন্দৰ্ভত বক্তব্য প্ৰদানেৰে এইমছ, গুৱাহাটীৰ কাৰ্য্যবাহী সঞ্চালক ডাঃ অশোক পুৰানিকে কয়, “এই অভিযানে মহিলাৰ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি আমাৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। আমি সকলো মহিলা আৰু পৰিয়ালকে ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ আৰু আগবঢ়োৱা সেৱাসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছোঁ।”

এইমছ, গুৱাহাটীয়ে উক্ত বিনামূলীয়া সেৱাসমূহৰ সুবিধা গ্ৰহণ আৰু এটি সুস্থ ভৱিষ্যতৰ বাবে এই সামূহিক অভিযানৰ অংশ হ’বলৈ সৰ্বস্তৰৰ মহিলাসকলক আমন্ত্ৰণ জনাইছে। হিতাধিকাৰীসকলক ‘আভা’ পঞ্জীয়নৰ বাবে লগত আধাৰ কাৰ্ড নিবলৈ অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত অষ্টম পোষণ মাহৰ লগতে ‘সুস্থ নাৰী, সৱল পৰিয়াল অভিযান’ মুকলি কৰিব। সমগ্ৰ ভাৰতবৰ্ষৰ মহিলা, কিশোৰী আৰু শিশুৰ স্বাস্থ্যসেৱা আৰু পুষ্টি সেৱা শক্তিশালী কৰাৰ দিশত ই এক এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হ'ব।