অসমত বান পৰিস্থিতিৰ কিছু উন্নতি; মৃত্যুৰ সংখ্যা ৬৮লৈ বৃদ্ধি, ৫.২৪ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
ৰাজ্যত বান পৰিস্থিতিৰ সামগ্ৰিকভাৱে উন্নতি ঘটিলেও এই বছৰৰ বানত মৃত্যুৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি হৈছে। দেওবাৰে চৰাইদেউ জিলাত দুজন লোকৰ মৃত্যু হোৱাৰ পিছত এই সংখ্যা বৃদ্ধি পায়। আনহাতে, সোমবাৰলৈকে ৰাজ্যৰ পাঁচখন জিলাত এতিয়াও ৫.২৪ লাখতকৈ অধিক লোক বানৰ কবলত আছে বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে। 
 
চৰাইদেউ জিলাই এতিয়াও আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত জিলাৰ তালিকাত আছে। জিলাখনত প্ৰায় ১.৯০ লাখ লোক বানপানীৰে ক্ষতিগ্ৰস্ত হৈ আছে। ইয়াৰ উপৰিও গোলাঘাট, যোৰহাট, নগাঁও আৰু শিৱসাগৰ জিলাতো বানৰ প্ৰভাৱ অব্যাহত আছে। বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে চাৰিখন জিলাত মুঠ ৩৫৪টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ চলি আছে। এই শিবিৰসমূহত ৩৭,৭২৪ জন বানপীড়িত লোকে আশ্ৰয় লৈ আছে। 
 
উদ্ধাৰ আৰু সাহায্য অভিযানত সেনাবাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ লগতে অসম আৰক্ষীয়ে একেলগে কাম কৰি আছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। 
 
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে, বান পৰিস্থিতি উন্নত হোৱাৰ লগে লগে পৰ্যায়ক্ৰমে বিদ্যুৎ সংযোগ পুনৰ স্থাপনৰ কাম চলি আছে।
 
সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত তেওঁ কয়, বানৰ সময়ত সুৰক্ষাৰ স্বাৰ্থত বহু ঠাইত বিদ্যুৎ সংযোগ সাময়িকভাৱে বন্ধ কৰা হৈছিল। বৰ্তমান বিদ্যুৎ বিভাগৰ দলে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধুবুৰী, বঙাইগাঁও আদি বানাক্ৰান্ত জিলাত সুৰক্ষা পৰীক্ষা সম্পন্ন কৰি স্তৰে স্তৰে বিদ্যুৎ সংযোগ পুনৰ স্থাপন কৰি আছে। 
 
মুখ্যমন্ত্ৰীয়ে লগতে আশ্বাস দিয়ে যে, অতি সোনকালে বান-উত্তৰ পুনৰসংস্থাপনৰ কাম আৰম্ভ কৰা হ'ব। ক্ষতিগ্ৰস্ত বিদ্যালয়, পথ-দলং আৰু অন্যান্য আন্তঃগাঁথনি মেৰামতি কৰি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 
 
তেওঁ আৰু কয় যে, বানপীড়িত অঞ্চলসমূহলৈ অবিৰতভাৱে চাউলকে ধৰি খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। চিকিৎসকৰ দলসমূহে চিকিৎসা সেৱা আগবঢ়াই আছে আৰু য'ত প্ৰয়োজন হৈছে, তাত আকাশ পথেৰে অত্যাৱশ্যকীয় সামগ্ৰীও প্ৰেৰণ কৰা হৈছে।


শেহতীয়া খবৰ