গুৱাহাটী
পৰিৱেশজনিত নিয়ম সম্পূৰ্ণৰূপে পালন নকৰালৈকে নলবাৰী জিলাৰ এখন ইটা নিৰ্মাণ ইউনিট আৰু এটা শিল ভঙা (ষ্টোন ক্ৰাছাৰ) ইউনিটৰ সকলো কাৰ্যকলাপ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT)। অসম ৰাজ্য প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (ASPCB)ৰ পৰা বৈধ কনচেণ্ট টু অপাৰেট (CTO)কে ধৰি সকলো বাধ্যতামূলক আইনী অনুমতি লাভ নকৰালৈকে এই দুয়োটা প্ৰতিষ্ঠান চলাব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে ন্যায়াধিকৰণে।
কলকাতাস্থিত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ পূৰ্বাঞ্চলীয় বেঞ্চৰ ন্যায়াধীশ অৰুণ কুমাৰ ত্যাগী আৰু বিশেষজ্ঞ সদস্য ঈশ্বৰ সিঙে শেহতীয়াকৈ এই নিৰ্দেশ জাৰি কৰিছে।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নলবাৰী জিলাৰ চেংনৈস্থিত জেপিআইএছ ইটা নিৰ্মাণ ইউনিট আৰু পাছা ষ্টোন ক্ৰাছাৰ ইউনিটক কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (CPCB) আৰু অসম ৰাজ্য দূষণ নিয়ন্ত্ৰণ পৰিষদে জাৰি কৰা সকলো পৰিৱেশগত নিৰ্দেশনা পালন কৰাৰ লগতে এএছপিচিবিৰ পৰা বৈধ কনচেণ্ট টু অপাৰেট (CTO) লাভ কৰাৰ নিৰ্দেশ দিয়ে।
অভিযোগ অনুসৰি, পাগলাদিয়া নদীৰ পাৰৰ সমীপত পৰিৱেশ আইন উলংঘা কৰি এই ইটা ভাটা আৰু শিল ভঙা ইউনিট স্থাপনৰ প্ৰস্তুতি চলিছিল। ইয়াৰ ফলত নদীৰ পৰিৱেশ, জীৱ-বৈচিত্ৰ্য, স্থানীয় বাসিন্দাৰ স্বাস্থ্য আৰু হাতীৰ চলাচলৰ পথ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কাষ চাপিছিল অভিযোগকাৰীসকলে।
যৌথ পৰিদৰ্শন কমিটি, এএছপিচিবি আৰু জিলা প্ৰশাসনে দাখিল কৰা প্ৰতিবেদন পৰ্যালোচনা কৰি ন্যায়াধিকৰণে লক্ষ্য কৰে যে, পৰিদৰ্শনৰ সময়ত কোনো ইউনিটেই কাৰ্যক্ষম অৱস্থাত নাছিল। লগতে জেপিআইএছ ইটা নিৰ্মাণ ইউনিটলৈ পূৰ্বে প্ৰদান কৰা কনচেণ্ট টু এষ্টেবলিষ্টয়ে এএছপিচিবিয়ে ইতিমধ্যে বাতিল কৰিছে।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণয়ে এএছপিচিবিক দুয়োটা ইউনিটে প্ৰযোজ্য স্থান নিৰ্বাচনৰ নীতি, পৰিৱেশগত নিৰ্দেশনা আৰু আইনী চৰ্তসমূহ মানি চলিছে নে নাই, সেই বিষয়ে পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে। সকলো আইনী আৰু পৰিৱেশগত চৰ্ত পূৰণ কৰিলেহে কনচেণ্ট টু অপাৰেট প্ৰদান বা নবীকৰণ কৰিব পাৰিব বুলি ন্যায়াধিকৰণে স্পষ্ট কৰে।
ইয়াৰ উপৰিও, অঞ্চলটো হাতীৰ চলাচলৰ কৰিডৰ হিচাপে চিহ্নিত নে নহয়, সেই সন্দৰ্ভত উত্থাপিত আপত্তিসমূহ পৰ্যালোচনা কৰি আইন অনুসৰি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নলবাৰীৰ জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে।
ন্যায়াধিকৰণে লগতে স্পষ্ট কৰি দিয়ে যে, সকলো প্ৰয়োজনীয় অনাপত্তি প্ৰমাণপত্ৰ, বৈধ কনচেণ্ট টু অপাৰেট আৰু চিপিচিবি, এএছপিচিবিৰ পৰিৱেশগত নিৰ্দেশনা সম্পূৰ্ণৰূপে পালন নকৰালৈকে জেপিআইএছ ইটা নিৰ্মাণ ইউনিট আৰু পাছা ষ্টোন ক্ৰাছাৰ ইউনিট কোনো পৰিস্থিতিতেই কাম কৰিব নোৱাৰিব।
ইফালে, নলবাৰীৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই দুয়োটা ইউনিটে যাতে কোনো ধৰণে অবৈধভাৱে চলাচল কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈও ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিৰ্দেশ দিছে।