শুল্ক সন্দৰ্ভত ভাৰতক ট্ৰাম্পে ভাবুকিৰ দিয়াৰ সময়তে মস্কোত উপস্থিত অজিত ডোভাল

Story by  atv | Posted by  Munni Begum • 17 h ago
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল
 
নতুন দিল্লী 
 
ৰাছিয়াৰ সৈতে ভাৰতৰ চলি থকা তেল বাণিজ্যক লৈ আমেৰিকাই উদ্বেগ প্ৰকাশ কৰাৰ সময়তে মস্কোত উপস্থিত হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। ৰাছিয়াৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা আৰু শক্তি সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এই ভ্ৰমণ কৰিছে। 
 
শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সংঘাতত নিৰপেক্ষ হৈ থকাৰ লগতে ৰাছিয়াৰ তেল ক্ৰয় অব্যাহত ৰখাৰ বাবে ভাৰতক সমালোচনা কৰিছিল। ভাৰতীয় সামগ্ৰীৰ ওপৰত সম্ভাৱ্য বাণিজ্যিক শুল্ক সন্দৰ্ভতো তেওঁ সকীয়নি দিছিল।
এক প্ৰতিবেদন অনুসৰি, এই ভ্ৰমণ পৰিকল্পিত সময়সূচীৰ অংশ আৰু ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এক সূত্ৰই কয় যে, "ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বৰ্তমানৰ তীব্ৰতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰা হ'ব। ইয়াৰ উপৰিও বিষয়সমূহৰ ভিতৰত [ভাৰতলৈ] ৰাছিয়াৰ তেলৰ যোগানৰ দৰে জৰুৰী বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হ'ব।"   
 
ইয়াৰ পূৰ্বে সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ ৰাছিয়াৰ তেল আমদানি সন্দৰ্ভত আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ সমালোচনা নাকচ কৰি বিবৃতি প্ৰকাশ কৰি ইয়াক অযুক্তিকৰ বুলি অভিহিত কৰে। মন্ত্ৰালয়ে উল্লেখ কৰে যে, পশ্চিমীয়া দেশসমূহে ইয়াৰ পূৰ্বে বিশ্ব শক্তি বজাৰ সুস্থিৰ কৰাত সহায় কৰিবলৈ আৰু ৰাছিয়াৰ সৈতে নিজেই বাণিজ্য অব্যাহত ৰাখিবলৈ এনে বাণিজ্যক সমৰ্থন কৰিছিল। 
 
মস্কোত ড’ভালে প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতাৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে। আলোচনাৰ ভিতৰত থাকিব পাৰে অধিক এছ-৪০০ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ সম্ভাৱ্য ক্ৰয়, ভাৰতত ৰক্ষণাবেক্ষণৰ আন্তঃগাঁথনি স্থাপন আৰু ৰাছিয়াৰ ছু-৫৭ যুঁজাৰু বিমান অধিগ্ৰহণৰ বিকল্প অন্বেষণ। এই ভ্ৰমণক ভাৰতৰ স্বতন্ত্ৰ বৈদেশিক নীতি অনুসৰণ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত ভিত্তি কৰি অংশীদাৰিত্ব বজাই ৰখাৰ প্ৰচেষ্টাৰ অংশ হিচাপে গণ্য কৰা হৈছে।
 
তদুপৰি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও ২৭ আৰু ২৮ আগষ্টত ৰাছিয়া ভ্ৰমণ কৰাৰ কথা। তেওঁৰ এই ভ্ৰমণত প্ৰতিৰক্ষা, শক্তি, আৰু বাণিজ্যিক আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। জয়শংকৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভক সাক্ষাৎ কৰি দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰিব। 
 
তদুপৰি তেওঁ ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী ইউৰি বৰিছভক সাক্ষাৎ কৰি ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা আয়োগৰ সহ-সভাপতি হিচাপে কাম কৰিব। ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক পাৰস্পৰিক বুজাবুজিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু ইয়াক আন দেশৰ দ্বাৰা বিচাৰ কৰা উচিত নহয় বুলি কয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।