হিজাবৰ পিছত কৰ্ণাটকত এইবাৰ ঈদ মিলাদ বিতৰ্ক

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

বেংগালুৰু

হিজাব বিতৰ্কৰ পিছত কৰ্ণাটকৰ শিক্ষা খণ্ডত আন এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ৰাজ্যিক ৱাকফ ব’ৰ্ডে ৰাজ্যখনৰ শিক্ষা বিভাগক গণেশ উৎসৱ পালনৰ দৰে বিদ্যালয়সমূহত ঈদ মিলাদ উদযাপনৰ অনুমতি দিবলৈ দাবী জনাইছে।

শিক্ষামন্ত্ৰী বি চি নাগেশে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে বিদ্যালয়সমূহত কোনোধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ অনুমতি দিয়া হোৱা নাই। এনে অনুমতি এতিয়ালৈকে দিয়া হোৱা নাই আৰু ৱাকফ ব’ৰ্ডৰ দাবী বিবেচনা কৰা নহ’ব।

নাগেশে কয় যে গণেশ উৎসৱ উদযাপনৰ কাৰ্যসূচী বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা নাই। প্রাক-স্বাধীনতা কালৰ পৰা বিদ্যালয়ত ভগৱান গণেশৰ প্রতিমা ৰখা হৈছে৷

ছাফি ছাদীৰ অধ্যক্ষতাত ৱাকফ ব’ৰ্ডে বিদ্যালয়সমূহত এটা সুকীয়া কোঠা সংৰক্ষণ কৰি নামাজ পৰিৱেশন কৰিবলৈ দাবী জনাইছিল। শ্বাফি ছাদীয়ে দাবী কৰে যে, "আমাৰ ধৰ্মৰ উৎসৱ উদযাপনৰ সুযোগ থাকিব লাগে। সকলো ধৰ্মৰ শিশুৰ সমান অধিকাৰ থাকিব লাগিব।"

"হিজাব বিতৰ্কৰ সময়তো আমি স্পষ্ট কৰি দিছিলোঁ যে সজাগতা সৃষ্টিৰ জৰিয়তে ধৰ্মীয় বিষয়সমূহক লৈ ভুল বুজাবুজি দূৰ কৰিব লাগিব। গণেশ উৎসৱ উদযাপন কৰাৰ দৰেই ইছলাম চৰ্চাৰ বাবেও এটা সুকীয়া কোঠা ৰখা উচিত," তেওঁ কয়।